অশান্ত সময়ত মানুহৰ মন জীপাল কৰাৰ যেন প্ৰয়াস কৰিছে প্ৰকৃতিয়ে ৷ ৰং বিৰঙৰ ফুলেৰে সজাই তুলিছে নলবাৰী আকাশ ৷

 কৰোণাই সৃষ্টি কৰা  সংশয়  , উদ্বেগ,আৰু সন্দেহৰ মাজতে   যেন প্ৰকৃতিয়ে  মানুহৰ মাজলৈ আনিছে  কিছু আশাব্যঞ্জক বতৰা  ৷   নলবাৰী এতিয়া প্ৰকৃতিৰ ৰং বিৰঙী ফুলেৰে জাতিস্কাৰ  ৷ চৌদিশে বহিছে  নানাৰঙী ফুলৰ মেলা ৷  কৰোণাৰ বাবে গৃহবন্দী মানুহৰ  মনত কিছু প্ৰশান্তি  বিয়পাই  জীৱনত আশাৰ সঞ্চাৰ  কৰিবৰ বাবেই যেন  নীৰবে সাজিকাঁচি ওলাইছে  নিৰ্মল প্ৰকৃতি ৷  সংগোপনে  ৰূপ সলনি হৈছে প্ৰকৃতিৰ ৷  আকাশ ভৰি ফুলা  কৃষ্ণচূড়া  ,  ৰাধাচূড়া  ,  সোণাৰু , এজাৰৰ  হেজাৰ হেজাৰ পাহিয়ে  ৰঙীন কৰি তুলিছে ধৰাৰ বক্ষ ৷  প্ৰকৃতিৰ ৰঙত মায়াময় হৈ পৰিছে নলবাৰীত৷ ফুলিছে  কৃষ্ণচূড়া  আৰু   এজাৰ  ৷ পিছে বেজাৰ  লগাবলৈ নহয় ৷  কৰোণাসৃষ্ট মনৰ পৰা  অৱসাদ আঁতৰাবলৈ   গছ ভৰি ফুলিছে এজাৰ ৷ 
 ""এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ '',,,,,,,,,,,,,,,,
ইফালে বাৰিষাৰ  আৰম্ভনিৰ সেমেকা  পৰিবেশতো  জিলিকিছে সোনাৰুৰ হালধীয়া হাঁহি ৷  তলসৰা ফুলে যেন  পাতি দিছে ৰঙৰ  দলিচা  ৷ কৃষ্ণচূড়া,  ৰাধাচূড়া,  এজাৰ,  সোণাৰুৰ  ফুলে  পুলকিত কৰি তুলিছে   পথচাৰীৰ মন  ৷ মায়ময় প্ৰকৃতিৰ  সৃষ্টিৰ বতৰা আগত লৈ  পথচাৰীয়ে ৰচিছে কবিতা ৷

 ন ন ৰূপত যেন   সলনি হয়  প্ৰকৃতি   আৰু  তাৰ  আশাত বন্দী   সকলো ৷

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা