বিজেপি চৰকাৰে মাইক্ৰ’ফাইনেন্সৰ ঋণৰ ক্ষেত্ৰত লোৱা পদক্ষেপক আদৰণি গ্ৰামীণ শ্ৰমিক সন্থাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ মে’: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা নতুন মন্ত্ৰীসভাই শেহতীয়াকৈ মাইক্ৰ’ফাইনেন্সৰ ঋণ মুক্তিৰ ক্ষেত্ৰত গ্ৰহন কৰা তাৎক্ষণিক পদক্ষেপক আদৰণি জনাইছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই ৷ সন্থাৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই এক প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে--যোৱা ১১ মে'ত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ প্ৰথমখন কেবিনেটত মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ অৰ্থে চাৰিজনীয়া সমিতি গঠন কৰিছে । এয়া প্ৰকৃতাৰ্থত মাইক্ৰ'ফাইনেন্সৰ ঋণ মুক্তিৰ হকে অসমৰ মহিলা সমাজে চলোৱা সংগ্রামৰ এক ফ‌লশ্ৰুতি। বিজেপি দলে দিয়া প্ৰতিশ্ৰুতিৰ বাবেই যোৱা নিৰ্বাচনত গ্রামাঞ্চলৰ ঋণগ্ৰস্ত মহিলা সমাজে পুনৰবাৰ অসমত বিজেপি চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। চৰকাৰৰ এনে পদক্ষেপক আদৰণি জনাই মহন্তই লগতে তাৎক্ষণিকভাৱে চৰকাৰে ঋণগ্ৰস্ত মহিলা সকলক এককালীন সাহাৰ্য্য প্ৰদান কৰা আৰু ঋণমুক্তি ঘোষণা কৰি তেওঁলোকৰ চিবিল স্ক’ৰ ঠিক-ঠাক কৰাৰ আহ্বান জনায় । তদুপৰি মাইক্ৰ'ফাইনেন্স কোম্পানীৰো সুদৰ হাৰ বছৰত অধিকতম ১০ টকা নিৰ্ধাৰণ কৰা আৰু যোৱা বিধানসভাত মাইক্ৰ'ফাইনেন্সৰ অত্যাচাৰৰ বিৰুদ্ধে যি বিধেয়ক গ্ৰহণ কৰিছিল, সেই বিধেয়কখনকো শীঘ্ৰে আইনী ৰূপ দিবৰ বাবে আবেদন জনায়। ৰাজ্যিক জীৱন জীৱিকা অভিযানৰ প্রতিটো আত্মসহায়ক গোটলৈ দহ লাখকৈ টকা ঘূৰ্ণীয়মান পুঁজি যোগান ধৰা আৰু এই গোটসমূহৰ উৎপাদিত সামগ্ৰী চৰকাৰীভাৱে সংগ্ৰহ কৰাৰো আহ্বান জনাই শ্ৰমিক নেতাজনে মাইক্ৰ'ফাইনেন্সৰ ঋণ পৰিশোধ কৰিব নোৱাৰি ঘৰ এৰি পলায়ন কৰা পৰিয়াল সমূহক পুনৰ সংস্থাপন দিয়া আৰু যি সমূহে ইতিমধ্যে আত্মহত্যা কৰিছে তেওঁলোকক সংশ্লিষ্ট মাইক্ৰ'ফাইনেন্স কোম্পানী সমূহক ক্ষতিপূৰণ দিয়াবৰ বাবে চৰকাৰক দায়বদ্ধতা গ্রহণ কৰিবৰ বাবে বিবৃতিৰ জৰিয়তে আবেদন জনায় ৷
=================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা