বঙাইগাঁও জিলাত ক'ভিডত এজনৰ মত্যু
বঙাইগাঁওঃ ২৯ মেঃ বঙাইগাঁও জিলাত শনিবাৰে পুনৰ নতুনকৈ ৩৪ জন ব্যক্তি ক'ভিড - ১৯ ত আক্ৰান্ত হৈছে ৷ আনহাতে মৃত্যু হৈছে এজন ব্যক্তিৰ ৷ মৃত ব্যক্তিজন জিলাখনৰ মাণিকপুৰ পালেংবাৰী মোনাকোচাৰ ৰতিকান্ত ৰায়( ৬০) ৷ ব্যক্তিজনৰ ল'ৱাৰ আসাম হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ ইপিনে জিলাখনত শনিবাৰে নতুনকৈ ৩৪ জন ব্যক্তিৰ দেহত ক'ভিড প'জিটিভ ধৰা পৰাত বৰ্তমান ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৩৩৯ জন হৈছে ৷ ইয়াৰ ভিতৰত ২৪৯ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৯০ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷সেইদৰে শনিবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ৫৮ জনকৈ ৰোগী ৷ যিটো ভাল খবৰ ৷ জিলাখনত শনিবাৰে মুঠ ৩,২৭৩ জন ব্যক্তিক ক'ভিড টেষ্ট কৰা হয় ৷ আনহাতে জিলাখনত ১ মাৰ্চৰ পৰা ২৯ মে'লৈ মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ২,৭৩৬ জন হৈছে ৷ উল্লেখ্য যে শুকুৰবাৰেও বঙাইগাঁও চহৰৰ জ্যোতি নগৰ ১৩ নং ৱাৰ্ডৰ ঊষাৰাণী সাহা ৰায়( ৭০) নামৰ মহিলা এগৰাকীৰ ক'ভিডত মৃত্যু হৈছিল ৷ মহিলাগৰাকীৰ ব্যক্তিগত খণ্ডৰ স্বাগত হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল ৷
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও
Comments
Post a Comment