জামুগুৰিহাটৰ চৰচাপৰিত পুণৰ প্ৰশাসনৰ উচ্ছেদ অভিযান

জামুগুৰিহাট,১৭ মে’:জামুগুৰিহাটৰ চৰ চাপৰি অঞ্চলত আজি পুণৰ চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান৷বিগত বৰ্ষত চতিয়া সমষ্টিত ভোটাধিকাৰ নথকা চৰকাৰী মাটি বেদখল কৰি বসবাস কৰা প্ৰায় ৫ শতাধিক সন্দেহজনক লোকৰ পৰিয়ালক চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই সমষ্টিটোৰ জামুগুৰিহাটৰ চৰ চাপৰি অঞ্চলৰপৰা খেদি পঠোৱাৰ পিছত পুণৰ সেই উচ্ছেদিত লোকৰ একাংশই দীঘলীচাপৰি আৰু লালেটাপুৰ পূৰ্ৱৰ উচ্ছেদিত স্থানত বাসগৃহ সাঁজি বসবাস কৰিবলৈ লৈছিল৷সংগোপনে সেই উচ্ছেদ কৰা লোকসকলৰ একাংশই পুণৰবাৰ বসতি স্থাপন কৰাৰ উপৰিও প্ৰশাসনে বেদখলমুক্ত কৰা ভূমিত পুণৰাই কৃষিকাৰ্য সম্পাদন কৰিবলৈও আৰম্ভ কৰিছিল৷কিন্তু আজি নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতিৰ নেতৃত্বত শতাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক চৰ চাপৰি অঞ্চলত উপস্থিত হৈ প্ৰায় কুৰিৰো অধিক অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহ ভাঙি পেলোৱাৰ লগতে প্ৰশাসনে বেদখলমুক্ত কৰা চৰকাৰী মাটি ব্যৱহাৰ কৰি আৰম্ভ কৰা খেতিবাতিও জেচিবিৰ সহায়ত নষ্ট কৰি উচ্ছেদ অভিযান চলাই৷ পূৰ্ৱে কেবাবাৰো উচ্ছেদ অভিযান চলোৱাৰ পিছতো এইদৰে পুণৰ ঘৰ সাঁজি বসবাস  কৰিবলৈ চেষ্টা কৰাৰ বাবেই পুণৰ প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ লগতে ইয়াৰ পিছত যদি এনেধৰণে বেদখলমুক্ত চৰকাৰী মাটি পুণৰ দখল কৰি বসবাস কৰাৰ দৰে কাৰ্য সংঘটিত কৰে তেন্তে কঠোৰ আইনগত ব্যৱস্থা হাতত ল’ব বুলিও সকিয়াই দিয়ে নদুৱাৰ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে৷আজিৰ উচ্ছেদ অভিযানত  দুখনকৈ জেচিবি আৰু দুখনকৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰে প্ৰশাসনে৷উল্লেখ্য যে বিগত বৰ্ষতো জিলা প্ৰশাসনে প্ৰায় ৩ বাৰকৈ সন্দেহজনক লোকৰ বাসগৃহ উচ্ছেদ কৰাৰ অন্তত সেই বেদখলমুক্ত চৰকাৰী শ শ বিঘা ভূমিৰ কেবাটাও অংশ চৰকাৰী কামত ব্যৱহাৰ কৰাৰ বাবে দিয়াৰ উপৰিও চতিয়া সমষ্টিৰ যুৱক যুৱতীসকলক আত্মসহায়ক গোটৰ জৰিয়তে কৃষিকাৰ্যৰে স্ব-নিৰ্ভৰশীল হ’বৰ বাবেও চমজি দিয়া হৈছিল৷
 জোন বৰা,জামুগুৰিহাট৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা