বাটমাৰিত কাৰ্ল মাৰ্ক্সৰ ২০৩ তম্ জন্ম বাৰ্ষিকী উদযাপন
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৫ মে’: সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচন, ধিং দুৰ্নীতি বিৰোধী সন্থা আৰু চি পি আই(এম এল)ৰ যৌথ উদ্যোগত বুধবাৰে নগাঁও জিলাৰ বাটমাৰিত মহান দাৰ্শনিক কাৰ্ল মাৰ্ক্সৰ ২০৩ তম্ জন্ম বাৰ্ষিকী উদযাপন কৰা হয়। এই মৰ্মে, বিভিন্ন কাৰ্যসূচীৰ লগতে ক'ভিড প্ৰট’কল মানি এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ৷ "শ্ৰমজীৱি দুখীয়া ৰাইজৰ সংগ্ৰামত মাৰ্ক্সবাদৰ প্ৰয়োজনীয়তা" শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত হোৱা মনোজ্ঞ আলোচনাচক্ৰখনিত মুখ্য আলোচক হিচাপে চি পি আই(এম এল) দলৰ ৰাজ্যিক নেতা অৰূপ কুমাৰ মহন্তৰ লগতে আলোচক হিচাপে সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ নেতা মুস্তাফা চেলিম আহমেদ, আচাদুল হক চৌধুৰী, ধিং দুৰ্নীতি বিৰোধী সন্থাৰ ৰঞ্জক খণ্ডকাৰ, গ্ৰামীণ শ্ৰমিক সন্থাৰ মাধৱ চন্দ্ৰ বৰা আৰু প্ৰগতিশীল নাৰী সন্থাৰ আয়েফা বেগম উপস্থিত থাকি উক্ত বিষয়ত আলোচনা আগবঢ়ায়। আলোচনাকালত শ্ৰমজীৱি দুখীয়া ৰাইজক বিজেপি চৰকাৰে সাম্প্ৰদায়িক ভাৱে বিভাজিত কৰি ৰখা আৰু চৰকাৰী অনুদানৰ ওপৰত নিৰ্ভৰশীল কৰি ৰখা নীতিৰ বিৰুদ্ধে শ্ৰমজীৱী কৃষক আৰু দুখীয়া ৰাইজৰ জীৱন, জীৱিকা আৰু জীয়াই থকা অধিকাৰৰ সংগ্ৰামক তীব্ৰতৰ কৰি তোলা আৰু মাইক্ৰ'ফাইনেন্সকে ধৰি সমূহ ক্ষুদ্ৰ ঋণ ৰেহাইৰ দাবীৰ সংগ্ৰামকো আগুৱাই নিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ আলোচনা সভাখনি পৰিচালনা কৰে শিক্ষাবিদ ৰঞ্জক খণ্ডকাৰে
Comments
Post a Comment