দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰা হ’ল বটদ্ৰৱা থানৰ দ্বাৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৩ মে’: মহামাৰী কৰ’না ভাইৰাছৰ দ্বিতীয়টো লহৰে সমগ্ৰ দেশত তথা ৰাজ্যত বিভীষিকাৰ সৃষ্টি কৰাৰ হেতু চৰকাৰে বিভিন্ন তীৰ্থস্থান, ধৰ্মীয় উপাসনাথলী তথা পৰ্যটন ঠাইসমূহ ১৫ দিনৰ বাবে বন্ধ ঘোষণা কৰিছে। ইয়াৰ অংশহিচাপে অসমীয়া কলা-কৃষ্টি-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমিৰ শ্ৰী শ্ৰী বটদ্ৰৱা থান দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি দিয়া হৈছে ৷ চৰকাৰী নিৰ্দেশৰ প্ৰতি সহাঁৰি জনাই থান পৰিচালনা সমিতিয়ে বৃহস্পতিবাৰৰ পৰা ১৫ দিনৰ বাবে বটদ্ৰৱা থানৰ মূল প্ৰবেশদ্বাৰত তলা লগাই দিয়ে। থান পৰিচালনা সমিতিৰ হৈ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে সকলোকে সাবধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে মাৰাত্মক কৰ’নাভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পৰাপক্ষত বটদ্ৰৱা থান দৰ্শন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ৷ অৱশ্যে ঐতিহাসিক থানখনিত বছৰ বছৰ ধৰি চলি অহা পৰম্পৰাগত চৈধ্য প্ৰসংগ ক’ভিড প্ৰট’কল মানি থানখনিৰ চাৰিহাটীৰ ভকত সকলে চলাই নিব বুলি থান পৰিচালনা সমিতিৰ সম্পাদক ইন্দ্ৰ মোহন বৰুৱাই জানিবলৈ দিছে ৷ ইফালে, কৰ’নাৰ জটিল পৰিস্থিতিৰ বাবেই বটদ্ৰৱা থানৰ সমীপত থকা দোকান-পোহাৰ তথা সকলো ব্যৱসায়িক প্ৰতিষ্ঠানো বৃহস্পতিবাৰৰ পৰা বন্ধ কৰি দিয়া হৈছে।
=================
 নগাঁৱৰ পৰা জয়ন্ত মুদৈ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা