ৰঙিয়া জংচনত ৰেল যাত্ৰীক প্ৰহাৰ আৰক্ষীৰ , তদন্তৰ দাবী

ৰঙিয়া জংচনত আজি
ৰেলযাত্ৰীক  আৰক্ষীৰ জোৱানে প্ৰহাৰ কৰা ঘটনাক লৈ ৰঙিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আৰক্ষীৰ প্ৰহাৰত  কেবাজনো ৰেলযাত্ৰী আহত হোৱাৰ লগতে  যাত্ৰী  এজনক উদণ্ড জোৱানজনে লাঠিৰে কোবাই মূৰ ফালি পেলায় । এই ঘটনাকলৈ যাত্ৰী সকলৰ মাজত এক তীব্ৰ   উত্তেজনাৰ  সৃষ্টি হয় । আজি পুৱাৰ ভাগত বাংগালুৰু , দিল্লী , কলকাতাকে ধৰি কেইবাখনো  বহিঃৰাজ্যৰ পৰা অহা চাৰিখন যাত্ৰীবাহী ৰেল ৰঙিয়া জংচনত উপস্থিত হয় । এই ৰেল কেইখনৰ পৰা ৰঙিয়া জংচনত শতাধিক যাত্ৰী নামে । মহামাৰী ক'ৰোনাই সংহাৰ মূৰ্তি ধাৰণ কৰাৰ পিছত   কভিড প্ৰট'কল অনুসৰি বহিঃৰাজ্যৰ পৰা অহা প্ৰত্যেক গৰাকী যাত্ৰীয়ে কভিড টেষ্ট কৰাটো বাধ্যতামূলক কৰিছে। কিন্তু ৰঙিয়া ষ্টেচন চৌহদত থকা কভিড পৰীক্ষা কেন্দ্ৰটোত অতি লেহেম গতিত কভিড পৰীক্ষা হৈ থকা বাবে বিভিন্ন ৰাজ্যৰ পৰা অহা যাত্ৰী সকল অতিষ্ঠ হৈ পৰে । এইলৈ যাত্ৰীসকলে প্ৰতিবাদ কৰাত কৰ্তব্যৰত জোৱানে জধে-মধে লাঠি চালনা কৰা বুলি অভিযোগ উত্থাপিত হৈছে । যাৰ ফলত কেবা গৰাকী ৰেলযাত্ৰী আহত হয় । আনকি এজন যাত্ৰীৰ মূৰত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱাত তেওঁক চিকিৎসা কৰিব লগা হয় । প্ৰাণৰ মায়াত বহি ৰাজ্য ৰ পৰা নিজ গৃহলৈ অহা  সামান্য অজুহাততে ৰেলযাত্ৰীক  জোৱানজনে  কোবাই আহত কৰা ঘটনাই স্বাভাৱিকতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।ইফালে পৰিহে মূৰ ফলা বুলি এটা সূত্ৰই সদৰি কৰিছে ।গতিকে কোন সচা ,কোন মিছা এই সন্দৰ্ভত সচেতন ৰাইজে শীৰ্ষ আৰক্ষীক ঘটনাৰ উচিত তদন্তৰ বাবে অনুৰোধ জনাইছে । 
বাইট :  যাত্ৰী ।


নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা