firstnewsreport ৰ বাতৰিৰ প্ৰভাৱ : বাতৰি পৰিবেশনৰ পিছত ৰাষ্ট্ৰীয় খেলুৱৈৰ দূৰ্দশা দেখি মুখ্যমন্ত্ৰীয়ে দিলে এককালীন সাহাৰ্য্য ।

তিনিবাৰৰ ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ দ্বিজেন বৰ্মন । নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ পশ্চিম চামতা গাঁওৰ শালৈপাৰা চুবুৰী নিবাসী দ্বিজেন বৰ্মন । অসমলৈ সুনাম কঢ়িয়াই অনা এইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ বৰ্তমান মাংসৰ দোকানত হাজিৰা কৰি চাৰিজনীয়া পৰিয়ালটো পোহপাল দিবলগীয়া হৈছে । দ্বিজেন বৰ্মনৰ নিচিনা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈৰ জীৱন জীৱিকাৰ দূৰ্দশাৰ বিষয়ে স্থানীয় বিধায়ক আৰু চৰকাৰৰ দৃষ্টিগোচৰ  হৈছিল বাতৰি সম্প্ৰচাৰৰ পিছত। উক্ত বাতৰি সন্দৰ্ভত নৱ-নিযুক্ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দৃষ্টিগোচৰ হয় । আজি মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুজিৰ তৰফৰ পৰা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক পবিত্ৰ ৰাম খাউণ্ড  দ্বিজেন বৰ্মনৰ গৃহত উপস্থিত হৈ ২৫,০০০ টকাৰ এককালীন সাহাৰ্য্য আগবঢ়ায় । এই অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলা ক্ৰীড়া বিষয়া বিষ্ণুজ্যোতি কলিতা, পশ্চিম নলবাৰী ৰাজহঁ চক্ৰ বিষয়া চিন্ময় পাঠক, নলবাৰী জিলা বিজেপিৰ সম্পাদক পুলক কুমাৰ শৰ্মা, চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ যুটীয়া সম্পাদক বিকাশ ভট্ট, স্থানীয় গাঁও পঞ্চায়তৰ সভাপতি দীনেশ ঠাকুৰীয়া লগতে উপস্থিত থাকে নলবাৰী জিলাৰ কেইবাজনো শাৰিৰীক প্ৰশিক্ষক ।


নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা