# পশ্চিম নগাঁৱৰ গ্ৰামাঞ্চলত কৰ’নাৰ দ্ৰুত সংক্ৰমণ≈≈নিজ হাতীচোং পঞ্চায়তৰ গাঁৱে গাঁৱে ছেনিটাইজিং#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৬ মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো কৰ’নাৰ দ্বিতীয়টো লহৰে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ জিলাখনত প্ৰতিদিনে কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ সমান্তৰালকৈ বাঢ়িছে কৰ’নাই প্ৰাণ কাঢ়ি নিয়া লোকৰ সংখ্যাও ৷ প্ৰথমাৱস্থাত কৰ’নাৰ সংক্ৰমণ চহৰাঞ্চলতে সৰ্বাধিক আছিল যদিও শেহতীয়াভাবে ইয়াৰ সংক্ৰমণ গ্ৰামাঞ্চলত দ্ৰুত গতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ জিলাখনৰ পশ্চিম প্ৰান্তত বিগত এপষেক মানৰ পৰা কৰ’নাত আক্ৰান্তৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰাত গঞাৰাইজ আতংকিত হৈ পৰিছে ৷ বৰ্তমানলৈকে পশ্চিম নগাঁৱৰ বিভিন্ন প্ৰান্তত কেইবাশতাধিক লোক কৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে কেইবাজনো লোকৰ অকাল মৃত্যু ঘটা ঘটনাই উদ্বেগজনক পৰিস্থিতিৰ উদ্ভৱ ঘটাইছে ৷ সেয়ে এই গ্ৰামাঞ্চলসমূহত কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ অৰ্থে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহন কৰিছে ৷ ইয়াৰ মাজতে দেওঁবাৰে সচেতনতামূলক ব্যৱস্থা হিচাপে নিজ হাতীচোং গাঁও পঞ্চায়তত ছেনিটাইজিং কৰা হয় ৷ পুৱাৰে পৰা পঞ্চায়তটোৰ সভাপতি অভিজিৎ মেধী আৰু গ্ৰাম ৰোজগাৰ সহায়ক দেৱেশ্বৰ বৰাৰ তৎপৰতাত পঞ্চায়টোৰ কন্টেইনমেন্ট হোমৰ লগতে ৰাজহুৱা স্থান, তিনিআলি, চাৰিআলি, বজাৰ, দোকান-পোহাৰ, বাছ আস্থান, বাট-পথ, বিদ্যালয়, ধৰ্মীয় অনুষ্ঠান আদিৰ চুকে-কোণে ছেনিটাইজিং কৰি বিজাণুনাশৰ চেষ্টা কৰা হয় ৷ তদুপৰি মাইক যোগে পঞ্চায়তটোৰ সৰ্ব প্ৰান্ততে কৰ’নাৰ এনে সংকটময় পৰিস্থিতিত ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ল’বলগীয়া সাৱধানতা সন্দৰ্ভত ঘোষণা কৰি ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা দেখা যায় ৷ পঞ্চায়তটোত কৰ’নাৰ প্ৰতিৰোধৰ বাবে লোৱা এনে প্ৰচেষ্টাৰ শলাগ লৈছে সচেতন মহলে ৷
=================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা