টিহুত মৃগ পহু উদ্ধাৰ
টিহুৰ নান্নাট্টাৰীৰ নিউ চ’কৰ সমীপত মঙ্গলবাৰে উদ্ধাৰ কৰা হয় এটি মৃগ পহু । স্থানীয় ৰাইজে টিহু আৰক্ষীৰ সহযোহত খেদি খেদি নিউ চ’কৰ পৰীক্ষিত মেডিকোজ নামৰ এখন ফাৰ্মাচীত সোমোৱাত পহুটো উদ্ধাৰ কৰে । পিছত টিহু আৰক্ষী থানা, বন্যপ্ৰানী অপৰাধ নিয়ন্ত্ৰন শাখা আৰু টিহু বন বিভাগৰ খণ্ড বিষয়াৰ কাৰ্যালয়ৰ সহযোগত মৃগ পহুটো মানাহ অভয়াৰন্যলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে মঙ্গলবাৰে পুৱা টিহুৰ নিউ চ’কৰ মৃগেন কলিতাৰ চৌহদত প্ৰত্যক্ষ কৰি কলিতাই টিহু আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ততাতৈয়াকৈ পহুটো উদ্ধাৰ কৰিবলৈ ৰাওনা হয় আৰু ৰাইজৰ সহযোগত মৃগ পহুটো উদ্ধাৰ কৰে ।
টিহুৰ পৰা কৰবী গোস্বামী
Comments
Post a Comment