# নগাঁৱৰ টুকটুকী-ধিং সংযোগী পথৰ ৰৌমাৰী দলং নিৰ্মাণত অনিয়ম≈≈এজাক বৰষুণতে খহিছে দুয়োপাৰ#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ মে’: নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ নগাঁও-টুকটুকী-ধিং সংযোগী গড়কাপ্তানি পথৰ ৰৌমাৰি বিলৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা পকী দলঙৰ নিৰ্মাণ প্ৰক্ৰিয়াত চূড়ান্ত অনিয়মৰ অভিযোগ উঠিছে। উল্লেখ্য, অতিকে ব্যস্ততাপূৰ্ণ পথটোৰ উক্ত স্থানত পূৰ্বতে থকা জৰাজীৰ্ণ কাঠৰ দলংখনেৰে  যাতায়াতৰ ক্ষেত্ৰত অভাৱনীয় সমস্যাৰ সন্মুখীন হৈ আহিছিল ৰাইজ। সেয়ে দলংখনৰ অপৰিসীম গুৰুত্বৰ কথা উপলব্ধি কৰি বিগত কাৰ্যকালত বিজেপি চৰকাৰে কাঠৰ দলংখৰ ঠাইত আবণ্টন দিছিল পকী দলং নিৰ্মানৰ ৷ ফলত আনন্দিত হৈ পৰিছিল অঞ্চলবাসী । কিন্তু এতিয়া নৱ নিৰ্মিত এই দলংখনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে দলংখনৰ দুয়োপাৰৰ পথৰ অংশই ৷ এক কথাত ঠিকাদাৰ আৰু বিভাগীয় কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই এতিয়া যেন মৰন ফান্দত পৰিণত হৈছে দলংখনৰ দুয়োপাৰ । বিগত দিনকেইটাত হোৱা বৰষুণৰ ফলতেই এতিয়া জহি-খহি গৈছে দলংখনৰ দুয়োকাষ । আচলতে দলঙখনৰ দুয়োপাৰে পথ নির্মানত ঠিকাদাৰে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ সৈতে গোপন বুজাবুজিৰে চলোৱা চৰম দুৰ্নীতি আৰু অনিয়মৰ বাবেই এনে দুৰৱস্থাৰ সৃষ্টি হৈছে । কিয়নো চৰম মইমতালিৰে বালিৰে নিৰ্মাণ কৰে প্ৰায় ৫০ ফুট ওখ পথৰ অংশ । কিন্তু এই অনিয়মৰ পিছতো নিৰ্বিকাৰ বটদ্ৰৱা গড়কাপ্তানি পথ সংমণ্ডল। এই দুৰ্নীতিত সংমণ্ডলটোৰ মুখ্য অভিযন্তা জড়িত থকাৰ সন্দেহ ব্যক্ত কৰাৰ লগতে পথছোৱা এতিয়া সময় থাকোতেই মেৰামতিৰ ব্যৱস্থা নকৰিলে নিশ্চিত বিপদৰ আশংকাত ভূগিছে অঞ্চলবাসী ৰাইজৰ। সেয়ে অনতিপলমে ইয়াৰ মেৰামতিৰ ব্যৱস্থা গ্ৰহন কৰাৰ লগতে এনে অনিয়মৰ এক উচিৎ তদন্ত কৰিবলৈ সচেতন মহলে সংশ্লিষ্ট বিভাগৰ উৰ্ধ্বতন কৰ্তৃপক্ষৰ প্ৰতি দাবী জনাইছে ৷ 
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা