স্বাস্থ্য মন্ত্ৰীৰ গৃহ জিলাতে কৰ’নাক লৈ ল’ৰা-ধেমালি ধিং পৌৰ সভা আৰু এফ আৰ ইউ কৰ্তৃপক্ষৰ≈≈কন্টেইনমেন্ট জ'ন ঘোষণাৰ পিছতো কৰা নাই ছেনিটাইজেছন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৭ মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাটো কৰ’নাৰ দ্বিতীয়টো লহৰে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ জিলাখনত দ্ৰুত গতিত কৰ’নাত আক্ৰান্তৰ সংখ্যাই চাৰি হাজাৰ সীমা অতিক্ৰম কৰাৰ বিপৰীতে মৃত্যু হৈছে ডেৰ কুৰি লোকৰ ৷ সেয়ে জিলা প্ৰশাসনে কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰী নিৰ্দেশত বিভিন্ন পদক্ষেপ গ্ৰহন কৰিছে ৷ কৰ’নাৰ এনে এক জটিল পৰিস্থিতিৰ মাজতে জিলাখনৰ ধিং ৰাজহ চক্ৰৰ অধীনস্থ ধিং পৌৰসভাৰ এলেকাৰ নামডুমডুমীয়া সত্ৰ(ভকতগাঁও)ৰ একাংশ অঞ্চলক স্থানীয় প্ৰশাসনে ক'ভিড সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱা বাবে কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে ৷ কিন্তু এই ঘোষণাৰ আজি নৱম দিনত ভৰি দিলে যদিও আজিকোপতি ধিং অঞ্চলৰ উক্ত বৃহৎ গাঁওখনক স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ক'ভিড অতিমাৰী ৰোগৰ স্বাস্থ্য বিধি উলংঘা কৰি ছেনিটাইজ নকৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে । অভিযোগ মতে, ধিং পৌৰ সভাৰ দায়িত্বত থকা ৰাজহ চক্ৰ বিষয়া আৰু ধিং এফ আৰ ইউৰ অধীক্ষক গৰাকীৰ চৰম দায়িত্বহীনতা আৰু উদাসীনতাৰ বাবেই ক'ভিডৰ ভয়াবহ সময়ত এনে জনবিৰোধী কাম সংঘটিত হৈছে । আচলতে, মহামাৰী কৰ’নাৰ সংক্ৰমণ আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে প্ৰকাশিত চৰকাৰী এছ অ পিৰ বিধি অনুসৰি কন্টেইনমেন্ট জ'ন ঘোষণা কৰা স্থানৰ লগতে ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহত তাৎক্ষণিকভাৱে ছেনিটাইজ কৰাটো বাধ‍্যতামূলক । কিন্তু উল্লিখিত বিষয়াদ্বয়ৰ মইমতালি আৰু চূড়ান্ত অৱহেলাৰ বাবেই ধিং পৌৰসভাৰ অন্তৰ্গত দহোটা ৱাৰ্ডত বৰ্তমানলৈকে কোনো ধৰণৰ ছেনিটাইজেছন আৰু ক’ভিড প্ৰতিৰোধৰ স্বাস্থ্য সন্মত ব‍্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । আনকি ধিঙৰ সচেতন মহলে এই ক্ষেত্ৰত সংশ্লিষ্ট দায়িত্বৰত বিভাগ দুটাক অনুৰোধ জনাই আহিছে বুলি অভিযোগত প্ৰকাশ । ইয়াৰ মাজতে শনিবাৰে নিশা ধিং পৌৰসভা এলেকাৰ স্কুল ৰিজাৰ্ভৰ বাসিন্দা গোবিন্দ দাস (৫২) নামৰ এজন লোকৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় । উল্লেখ্য যে, ক'ভিড টেষ্টৰ ক্ষেত্ৰত চৰকাৰে বিশেষভাৱে গুৰুত্ব দিছে যদিও বৃহত্তৰ ধিং অঞ্চলত ধিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ধিং এফ আৰ ইউ কৰ্তৃপক্ষই এইক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ আন এক অভিযোগ উত্থাপিত হৈছে । আনহাতে, কন্টেইনমেন্ট জ'নৰ অঞ্চলৰ ৰাইজৰ মাজত আজি ক’ভিভ টেষ্ট কৰাৰ পিছত পুনৰ দুজনৰ দেহত ক’ভিড পজিটিভ পোৱাৰ লগতে ধিং পৌৰসভা এলেকাৰ ৭ নং ৱাৰ্ডৰ আঠগাঁৱত দুটা পৰিয়ালত দুজনকৈ লোকৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰাত উক্ত পৰিয়াল দুটাক কন্টেইনমেন্ট কৰা হৈছে বুলি জানিব পৰা গৈছে ।
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা