শপতগ্ৰহণৰ পূৰ্বে উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত আশিস ললে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

পঙ্কজ নাথ, চাংসাৰি, ১০ মে :

আজি শঙ্কৰদেৱ কলাক্ষেত্ৰত ৰাজ্যৰ পঞ্চদশ মূখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণৰ পূৰ্বে উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মহাপ্ৰভূ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত আশীৰ্বাদ ল'লে  ড০ হিমন্ত বিশ্ব শৰ্মাই ।
জালুকবাৰী সমষ্টিৰ হিয়াৰ আমঠু ড০ হিমন্ত বিশ্ব শৰ্মাক সংগ দিলে উত্তৰ গুৱাহাটীৰ ভালেসংখ্যক শুভাকাংক্ষী তথা দলীয়
 কৰ্মকৰ্তাই । কৰোণাৰ নীতি নিৰ্দেশনা পালন কৰি মহাপ্ৰভুৰ আশীষ লয় বিজেপিৰ বিধায়িনী দলৰ নেতা গৰাকীয়ে। দৌল গোবিন্দ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা গামোচা ফুলৰ থোপা শৰাই আদিৰে উষ্ম আদৰণি জনোৱা হয় জালুকবাৰী সমষ্টিৰ জনপ্ৰতিনিধি তথা নবনিৰ্বাচিত মুখ্যমন্ত্ৰী গৰাকীক। মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰত নবনিৰ্বাচিত মুখ্যমন্ত্ৰী গৰাকীয়ে আশীষ গ্ৰহণৰ সময়ত সীমিত সংখ্যক লোকে সম্বৰ্ধনাও জ্ঞাপন কৰে। নৱনিৰ্বাচিত মূখ্যমন্ত্ৰী গৰাকীয়ে দৌল গোবিন্দ মন্দিৰৰ উপৰিও শুৱালকুছিৰ শ্ৰী শ্ৰী ঈশ্বৰ হাটী সত্ৰত আৰু মা কামাখ্যা মন্দিৰত শপতগ্ৰহণৰ পূৰ্বে আশিস গ্ৰহণ কৰে। 
পংকজ নাথৰ ৰিপৰ্ট।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা