বঙাইগাঁৱৰ চৌৰাগুৰিত আৰক্ষীৰ অভিযান

এক কিলোগ্ৰাম অবৈধ গাঞ্জাসহ এজনক আটক 

বঙাইগাঁওঃ ২৯ মেঃ বঙাইগাঁও আৰক্ষীয়ে শনিবাৰে সন্ধিয়া চৌৰাগুৰিত অবৈধ গাঞ্জাৰ বিৰুদ্ধে এক অভিযান চলায় ৷ বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহনৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে সন্ধিয়া ৬:৩০ মান বজাত চৌৰাগুৰিৰ যোগেন বিশ্বাস নামৰ ব্যক্তি এজনৰ চাহৰ দোকান তথা গৃহত চলোৱা অভিযানত এক কিলো পঞ্চাছ গ্ৰাম অবৈধ গাঞ্জা জব্দ কৰিবলৈ হয় ৷ যোগেন বিশ্বাসে চাহৰ দোকানৰ পৰাই দীৰ্ঘদিন ধৰি অবৈধ গাঞ্জাৰ বেহা চলাই আহিছিল ৷ আৰক্ষীয়ে পিছত গাঞ্জাসহ যোগেন বিশ্বাস(৪২) ক আটক কৰি বঙাইগাঁও থানালৈ আনে ৷ বঙাইগাঁও আৰক্ষীয়ে গেৰুকাবাৰী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত এই অভিযান চলায় ৷ আৰক্ষীয়ে সম্প্ৰতি ধৃত যোগেন বিশ্বাসক সোধ- পোছ অব্যাহত ৰাখিছে ৷ উল্লখ্য যে বঙাইগাঁও আৰক্ষীয়ে শেহতীয়াকৈ অবৈধ বাৰ্মিজ চুপাৰি , ড্ৰাগছ , গাঞ্জাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা