নতুন চৰকাৰ গঠনৰ পিছতেই অসমত সম্পূৰ্ণ লকডাউন !

নিউজ ডেস্ক : অসমত মুখ্যমন্ত্ৰী প্ৰাৰ্থী ঘোষণাৰ পিছত নতুন চৰকাৰ গঠন হোৱাৰ পিছতেই ঘোষণা কৰা হব লকডাউন! কালি উলুবাৰী শ্মশানস্থলী পৰিদৰ্শন কৰি স্বাস্থ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাই এই কথাৰেই ইংগিত বহন কৰিছে। তেঁও কালি কয় যে, পৰিস্থিতি ইমান বেয়াৰ ফাললৈ ঢাল খাইছে যে এতিয়া চৰকাৰে কথাবোৰ চিন্তা কৰিবলৈ বাধ্য হৈছে। অৱশ্যে তেঁও কয় যে ইয়াকো চিন্তা কৰিব লাগিব যে লকডাউনৰ ফলত যাতে খাটি খোৱা শ্ৰেণীতো সমস্যাত নপৰে। লকডাউন দিলে এই শ্ৰেণীটোৱে কেনেদৰে জীৱন সংগ্ৰাম কৰিব সেই বিষয়ে নতুন চৰকাৰে চিন্তা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা