বঙাইগাঁও জিলাৰ দেওহাটীত দুৰ্ঘটনাত আহত সোণালী বান্দৰ

বঙাইগাঁও জিলাৰ দেওহাটীত দুৰ্ঘটনাত আহত সোণালী বান্দৰ 

সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

বঙাইগাঁওঃ১৫ মেঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিকটৱৰ্তী দেওহাটীৰ ৰাজ্যিক ঘাইপথত আজি পুৱা প্ৰায় ১০-৩০ বজাত এটি সোণালী বান্দৰ দুৰ্ঘটনাত আহত হয়। তাৰ অলপ পিছতে সেই ঠাইত উপস্থিত হয় বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া ৷ সেই সময়ত উপায়ুক্তগৰাকী উত্তৰ শালমাৰা মহকুমা এলেকাৰ ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী পৰিদৰ্শন কৰি উভতি আহি আছিল। পিছত ততালিকে বন বিভাগৰ বিষয়াক অৱগত কৰাত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত সোণালী বান্দৰটো উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে বি টি এ ডিৰ চৰাইখোলাত থকা বন্য প্ৰাণী উদ্ধাৰ কেন্দ্ৰলৈ লৈ যায়। ইয়াৰ পিছতে এই ঘটনাৰ যাতে পুনাৰাবৃত্তি নহয় তাৰ বাবে জিলা প্ৰশাসন আৰু বন বিভাগে আলোচনা কৰি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰে। সেই সিদ্ধান্ত অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ-১১৭ ৰ হাপাচাৰাৰ পৰা টুলুঙীয়ালৈকে বন্যপ্ৰাণী( সোণালী বান্দৰ) ক'ৰিডৰ এলেকাৰ কেইবা ঠাইতো গাড়ীচালকৰ দৃষ্টিগোচৰ হোৱাকৈ কেবাখনো চাইনবোৰ্ড লগোৱা হ'ব যাতে গাড়ীচালকে সেই ঠাইখিনিত গাড়ী লাহে লাহে চলায়।আনহাতে হাপাচাৰা বীট অফিচৰ পৰা উজান ৰাভাপাৰা পৰ্যন্ত ঠাইখিনিত নতুন ঘাইপথ নিৰ্মাণৰ সময়ত ওপৰেৰে সোণালী বান্দৰ সুকলমে পাৰ হৈ যাব পৰাকৈ জখলা পথ বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে। 

আনহাতে ইতিমধ্যে সোণালী বান্দৰৰ বিচৰণস্থলী কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ওচৰত সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে বৈদ্যুতিক তাঁৰসমূহ নিলগাই ৰখা হৈছে ৷ সোণালী বান্দৰ দুৰ্ঘটনাগ্ৰস্ত হোৱা ঘটনা ভৱিষ্যতে নহ'বলৈ জিলা উপায়ুক্তগৰাকীয়ে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে কি পদক্ষেপ ল'লে ভাল হ'ব তাৰ বাবে জিলা উন্নয়ন আয়ুক্তৰ অধীনত এখন সমিতি গঠন কৰি দিছে। এই সমিতিত জিলা উন্নয়ন আয়ুক্তৰ উপৰি বন বিভাগ, পৰিবহন বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াকো অন্তৰ্ভূক্ত কৰা হৈছে। উক্ত সমিতিৰ শনিবাৰে প্ৰথমখন সভাত কেইটামান পৰামৰ্শ আগবঢ়ায়। সেইমতে বন বিভাগে সোণালী বান্দৰে পথ অতিক্ৰম কৰা স্থানসমূহত চাইনবোৰ্ড লগাব যাতে গাড়ীচালকসকলে সেই ঠাইখিনিত গাড়ী লাহে লাহে চলায়। তদুপৰি যিহেতু মুৰৰ ওপৰেৰে যাব পৰাকৈ জখলা পথ বনাওঁতে কিছু পলম হ'ব গতিকে তৎকালীন ব্যৱস্থা হিচাপে সদ্যহতে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগমে উক্ত ঠাইত ১২ টা গতি ৰোধক থকাকৈ ৰাম্বল ষ্ট্ৰীপ বনাব লাগিব৷ ইপিনে শনিবাৰৰ ঘটনাটো যিহেতু বন্যপ্ৰাণী( সোণালী বান্দৰ) ক'ৰিডৰৰ বাহিৰৰ বেলেগ ঠাইত সংঘটিত হৈছে, গতিকে বন বিভাগে সোণালী বান্দৰৰ নতুন বিচৰণস্থলী চিনাক্ত কৰি এইবিলাকৰ সুৰক্ষিত বিচৰণ নিশ্চিত কৰিব লাগিব ৷ সমিতিখনৰ এই পৰামৰ্শসমূহ জিলা উপায়ুক্তগৰাকীয়ে সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক যথাসম্ভৱ সোনকালে বাস্তবায়িত কৰিবলৈ নিৰ্দেশ দিয়ে।

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা