Posts

Showing posts from November, 2020

প্ৰকাশ পালে গুণ ভূঞাৰ 'নাট সংকলন' আৰু ৰীতা বৰুৱাৰ 'নিৰ্বাচিত কবিতা'

Image
'আলাপ'ৰ উদ্যোগ জামুগুৰিহাটত গ্ৰন্থ উন্মোচনী সভা  ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১ ডিচেম্বৰ: সমাজ, সাহিত্য সংস্কৃতিৰ উৰ্বৰ ভূমি ঐতিহ্যমণ্ডিত জামুগুৰিহাটত যোৱা ২৯ নৱেম্বৰত বাপুজী ভৱনত প্ৰথিতযশা কবি ৰীতা বৰুৱা আৰু জামুগুৰিহাটৰ বিশিষ্ট নাট্যকাৰ প্ৰয়াত গুণ ভূঞাৰ একোখনকৈ গ্ৰন্থ শুভ উন্মোচন কৰা হয়। সেই উপলক্ষে বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিৰ আসন গ্ৰহণ কৰে আলাপৰ সভাপতি তথা জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যাপক হেমন্ত বৰাই আৰু উন্মোচকৰ আসন অলংকৃত কৰে ক্ৰমে বিশিষ্ট নাট্য শিল্পী ভবেন বৰা আৰু শিশু সাহিত্যিক, কবি দিলীপ কুমাৰ ভট্টাচার্যই। আলাপৰ সম্পাদক বিকাশ বৰাই আঁতধৰা আৰু কণ্ঠশিল্পী অকুণ্ঠিতা গাৰ্গৰ বৰগীতেৰে আৰম্ভ হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশ লয় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সম্পাদক তথা নৱ নিৰ্বাচিত উপ সভাপতি দুলদুল বৰকটকীয়ে। উল্লেখ্য যে সভাৰ প্ৰাক ক্ষণত অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। স্মৰণ যোগ্য যে ৬০ ৰ পৰা ৮০ দশকত জামুগুৰিহাটৰ নাট্য আন্দোলনৰ অন্যতম কাণ্ডাৰী আছিল নাট্যকাৰ গুণ ভূঞা। সেই স

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তবৰ্তী অঞ্চলত সীমাহীন সমস্যাঃকাণসাৰ নাই চৰকাৰ কিম্বা জন প্ৰতিনিধিৰ

Image
গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী বিভিন্ন অঞ্চলক আজিও সীমাহীন সমস্যাই গ্ৰাস কৰি ৰাখিছে ৷ বিশেষকৈ যাতায়াত,খোৱাপানী, স্বাস্থ্য আৰু শিক্ষাৰ সমস্যাই যুগ যুগ ধৰি নগুৰনাগতি কৰি আহিছে সীমান্তবাসী ৰাইজক ৷ তেনে এক সমস্যা বহুল অঞ্চল গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ কুকুৰকাটা ৷ অসম-মেঘালয় সীমান্তৱৰ্তী কুকুৰকাটাৰ টিকলিপাৰা,সৰকপাৰা, গাৰোমাৰা আদিকে ধৰি সাতখনৰো অধিক গাৱঁৰ ৰাইজৰ দুখ দুৰ্দশা দেখিলে সকলোৰে চকু কপালত উঠিব ৷ আজি এই অতি আধুনিকতাৰ দিনতো অঞ্চলটোৰ  গাৱঁসমূহৰ পৰা ওলোৱা-সোমোৱা কৰা একমাত্ৰ পথটো গোটেই বছৰে পানীৰে পৰিপূৰ্ণ হৈ থাকে ৷ বাৰিষা  একাঠু পানী জমা হোৱা পথটোৰ অৱস্থা খৰালি কালতো হৈ থাকে তথৈবচ ৷ তেনে পংকিলময় পৰিবেশৰ মাজৰেই দিন অতিবাহিত কৰিছে অঞ্চলটোৰ ৰাইজে ৷ অঞ্চলটোত বিশুদ্ধ খোৱাপানীৰো সমস্যা আজিলৈ সমাধা নহ’ল ৷ বহু জনতাই আজিও পিয়াহ দূৰ কৰে ঝৰ্ণাৰ পানীৰে ৷ অতি ভিতৰুৱা অঞ্চলটোত প্ৰয়োজনীয় শিক্ষানুষ্ঠানৰো অভাৱ ৷ জিনাৰি নৈৰ সিটো পাৰত এখন বিদ্যালয় আছে যদিও নৈ পাৰ হ’বলৈ নাই দলং ৷ যাৰ পৰিপ্ৰেক্ষিতত কণ কণ শিশু সকলে ভৰা নৈ পাৰ হ’ব লাগে ভূৰ অথবা টুলুঙা নাৱেৰে ৷ বাহিৰৰ পৃথিৱীৰ কূট কৌশল ব

ঘাঁহীত অনুসূচিত জাতিৰ মানচিত্ৰৰ উদ্যোগত সামগ্ৰী বিতৰণ

Image
নগাঁৱৰ পৰা জয়ন্ত মুুুদৈ, ২৯ নবেম্বৰঃ অনুসূচিত জাতিৰ পিছ পৰা লোকসকলক সকাহ দিয়াৰ বাবে "গ্ৰাম্য জীৱন আঁঁচনি"ৰ অধীনত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ঘাঁহীৰ বৰনামঘৰ প্ৰাংগণত দেওঁবাৰে অনুসূচি জাতিৰ মানচিত্ৰ নামৰ সংস্থাটোৰ উদ্যোগত সামগ্ৰী বিতৰণৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সংস্থাটোৰ নগাঁও জিলা সমিতিৰ সহযোগত স্থানীয় ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুলীয়া বেগ, দৰিদ্ৰ সীমাৰেখাৰ তলৰ মাজত কম্বল, হাঁহৰ পোৱালি আৰু মৎস্যপালকসকলৰ মাজত জাল বিতৰণ কৰা হয় ৷ এই মৰ্মে, অনুষ্ঠিত সভাখনিত সভাপতিত্ব কৰে অনুসূচিত জাতিৰ মানচিত্ৰৰ কাৰ্যকৰী সভাপতি অজিত প্ৰতীম দাসে ৷ অনুসূচিত জাতিৰ মানচিত্ৰৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অপূৰ্ব কুমাৰ দাসে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি  তৰুণ চন্দ্ৰ দাস আৰু উমেশ দাসে চমু বক্তব্য প্ৰদান কৰে ৷ সভাত অনুসূচিত জাতিৰ মানচিত্ৰৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অপূৰ্ব কুমাৰ দাস, নগাঁও জিলা সমিতিৰ মুখ্য উপদেষ্টা ব্ৰত কৃষ্ণ দাস, সভানেত্ৰী যুগ প্ৰভা দাস, উপ সভানেত্ৰী ৰেণু দাস, সম্পাদক প্ৰদীপ কুমাৰ দাস, সাংগঠনিক সম্পাদক ৰেৱ কান্ত দাস,  প্ৰচাৰ সম্পাদক নিতুল দাস, বকুল

গ্ৰামাঞ্চলৰ পথৰ কাষ সেউজীকৰণৰ বাবে জাগৰণ য়ুথ ক্লাৱৰ বৃক্ষৰোপনৰ শুভাৰম্ভ

Image
:পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত জাগৰণ য়ুথ ক্লাৱে লোৱা কামকাজৰ লগত আমাৰ চৰকাৰৰ আঁচনিসমুহৰ লগত মিল থকা দেখা পাইছো৷মই জাগৰণ য়ুথ ক্লাৱৰ প্ৰতিগৰাকী সদস্যক আহবান জনাইছো যে তেঁওলোকে নদুৱাৰ খণ্ড উন্নয়ণ বিষয়া কাৰ্যালয়ৰ অধিনস্থ ১০টা গাঁও পঞ্চায়তত বৃক্ষৰোপন কৰক আৰু জাগৰণে প্ৰকৃতি সুৰক্ষাৰ বাবে লোৱা এই কামৰ জৰিয়তে ৰাইজৰ মাজত জাগৰণ সৃষ্টি কৰাত আগভাগ লঁওক৷এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷আজি জামুগুৰিহাটৰ কোঁছগাঁৱৰ নিকটৱৰ্তী গান্ধীপথাৰত প্ৰকৃতিপ্ৰেমী সংগঠণ জাগৰণ য়ুথ ক্লাৱে অঞ্চলটোৰ গ্ৰাম্য পথসমুহৰ কাষত ৰোপন কৰিবলৈ আৰম্ভ কৰা বৃক্ষৰোপন কাৰ্যসুচীৰ ফিটা কাটি উদ্বোধন কৰি এইদৰে কয় চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷জাগৰণ য়ুথ ক্লাৱৰ ২১ গৰাকী যুৱক একত্ৰিত হৈ বিগত বৰ্ষৰপৰা প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ হেতুকে অঞ্চলটোৰ ভিন্ন প্ৰান্তত বৃক্ষৰোপনৰ লগতে সেই গছপুলিসমুহ বেৰা দি ঢাকি পুণৰ সেই গছপুলিসমুহ চাফচিকুণ কৰি জীয়াই ৰাখিবৰ বাবে প্ৰতি সপ্তাহৰ এটা দিন বাচি লৈ ৰোপন কৰা পুলিসমুহৰ বাবে লোৱা যতনৰো শলাগ লয় বিধায়ক পদ্ম হাজৰিকাই৷“স্বনিয়োজন নাৰী আত্মনিৰ্ভৰশীল অসম”ৰ বিভিন্ন আঁচনিৰ জৰিয়তে সেউজীকৰণৰ বাবে প

ৰঙিয়াত পথ দুৰ্ঘটনাত আহত যুৱকৰ মৃত্যু

Image
প্ৰতিবেদক, ৰঙিয়া, ২৯ নৱেম্বৰঃ দুদিন ধৰি উত্তৰ গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি যুঁজি অৱশেষত যোৱা নিশা মৃত্যুৰ ওচৰত হাৰ মানে ৰঙিয়া সুন্ধিয়াৰ নিৰঞ্জন  বৈশ্যই।  মাত্ৰ ৩০ বছৰ গৰকা দিন হাজিৰা কৰি কোনোমতে সংসাৰ পোহপাল দিয়া নিৰঞ্জন বৈশ্যৰ অকাল মৃত্যুই অঞ্চলটোত শোকৰ ছাঁ নামি অহাৰ লগতে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হোৱা বাবে পৰিয়ালত অমানিশা নামি আহে। পৰিয়ালৰ সূত্ৰ অনুসৰি যোৱা ২৫ নৱেম্বৰত গাওঁতেই ৰাস্তাৰ কাষত লগৰীয়াৰ লগতে কথা পাতি থাকোতে এখন তীব্ৰবেগী মটৰ চাইকেলে খুন্দামৰাত বৈশ্যই গুৰুতৰ ভাৱে আহত হয়। তেওঁক লগে লগে সংকটজনক অৱস্থাত উত্তৰ গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাত যোৱা নিশা তেওঁৰ মৃত্যু হয়। ইপিনে দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰঙিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহত বৈশ্যক ৰাইজৰ সহযোগত চিকিৎসালয়লৈ পঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে মটৰ চাইকেলখন জব্দ কৰে। দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেলখন সুন্ধিয়া বৰমূৰাৰ সোনেশ্বৰ দাসৰ বুলি জনা গৈছে। মৃত্যুৰ সময়ত বৈশ্যই পত্নীৰ লগতে মাত্ৰ তিনি বছৰীয়া কনমানি শিশু এটিক এৰি থৈ যায়। প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

গুৱাহাটী প্ৰেছ ক্লাবত ৰঞ্জিত পাটগিৰিৰ কবিতা পুথি "প্ৰিয় বৰ্ণ" উন্মোচন

Image
ষ্টাফৰিপোৰ্টাৰ, ২৭ নৱেম্বৰ :  'সাংবাদিকতাৰ দৰে এটা জটিল কৰ্মৰ সৈতে জড়িত হৈ  কাব্য চৰ্চ্চা ৰঞ্জিত পাটগিৰিয়ে অব্যাহত ৰাখিছে। ৰঞ্জিত পাটগিৰি এগৰাকী সাৰ্থক, উজ্জ্বল সম্ভাৱনাময় কবি- এইদৰে কয় বিশিষ্ট লেখক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত নতুন প্ৰজন্মৰ জনপ্ৰিয় কবি, সাংবাদিক ৰঞ্জিত পাটগিৰিৰ  কবিতা পুথি "প্ৰিয় বৰ্ণ" উন্মোচন কৰি এনেদৰে কয় ড০ পৰমানন্দ ৰাজবংশীয়ে। তেওঁ লগতে কয় ' ৰঞ্জিত পাটগিৰি সাংবাদিক যদিও মাটি আৰু মানুহৰ গোন্ধেৰে আমোল মোল এটা সত্বা। গ্ৰন্থক ভগৱানৰ দৰে গণ্য কৰোঁ। গ্ৰন্থৰ মৃত্যু নাই। ভগৱানৰ বিমূৰ্ত ৰূপ হৈছে গ্ৰন্থ। সেই ধাৰণা আমি জীয়াই ৰাখিব লাগিব। আজিকালি অধিকাংশ যুৱপ্ৰজন্ম মবাইলত আক্রান্ত হোৱা দেখা যায়। যাৰফলত তেওঁলোকৰ মাজত গ্ৰন্থ পঢ়াৰ প্ৰতি অনীহা দেখা যায়। গ্ৰন্থই হে জ্ঞান দিয়ে ম'বাইল বা প্ৰযুক্তিয়ে নহয়। এই ধাৰণা আমি জীয়াই ৰাখিব লাগিব। বৰ্ণৰ খেলাই সাহিত্যৰ বুনিয়াদ। কবিতাপুথি খনৰ নামটো সুন্দৰ হৈছে।  ৰঞ্জিত পাটগিৰিৰ কবিতাই এটা নতুন দিশক প্ৰতিনিধিত্ব কৰিছে। এই কবিতা পুথিখন সকলোৱে আদৰি ল'ব ব

বঙাইগাঁও নিৰ্বাচন জিলা প্ৰশাসনৰ উদ্যোগত সজাগতা সভা

Image
সোণালী বান্দৰক শুভংকৰ প্ৰতীক হিচাপে লৈ 'গোল্ডি'ৰ অনুষ্ঠানিক মুকলি  বঙাইগাঁওঃ ২৭ নৱেম্বৰঃ আগন্তুক ২০২১ৰ নিৰ্বাচনৰ বাবে সমগ্ৰ ৰাজ্যতে প্ৰস্তুতি লাহে লাহে আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত আজি বঙাইগাঁও নিৰ্বাচন জিলা প্ৰশাসনৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ প্ৰাংগণত ফটোযুক্ত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ ওপৰত এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হৈ যায়। বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়া তথা জিলা উপায়ুক্ত ডাঃ এম.এছ. লক্ষ্মী প্ৰিয়াই সভাপতিত্ব কৰা আজিৰ এই সজাগতা সভাখনৰ যোগেদি এই ফটোযুক্ত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া সফল কৰি তুলি এখন শুদ্ধ, নিকা, আৰু স্বাস্থ্যকৰ ভোটাৰ তালিকা প্ৰস্তুত কৰাত সকলোৰে সহযোগিতা বিচৰাৰ লগতে  উঠি অহা প্ৰজন্মৰ যিসকলে ইতিমধ্যে ১৮ বছৰত ভৰি দিছে অথবা অহা ২০২১ বৰ্ষৰ ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ কৰিব তেনে ন-ভোটাৰ সকলক নিজৰ নাম ফটোযুক্ত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ  লগতে নিজৰ ভোট দানৰ অধিকাৰ সাব্যস্ত কৰি ৰাষ্ট্ৰৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ অংশীদাৰ হৈ এজন সুনাগৰিকৰ কৰ্তব্য পালনৰ বাবে সজাগ কৰাৰ প্ৰয়াস কৰা হয়। ইতিমধ্যে খচৰা ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ

ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা সভা সম্পন্ন

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ নবেম্বৰঃ ইতিমধ্যে শতবৰ্ষ গৰকা নগাঁও জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয় ৷ বিগত সময়ছোৱাত শিক্ষানুষ্ঠানখনৰ পৰা অৱসৰ গ্ৰহন কৰা চাৰি গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত সভাখনিত সভাপতিত্ব কৰে বিদ্যালয়ৰ অধ্যক্ষ বিজয়লক্ষ্মী শৰ্মাই ৷ বিদ্যালয়ৰ শিক্ষক জিৰণী কোঠাত ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনিত প্ৰাক্তন অধ্যক্ষ ৰুমি বৰদলৈ, বিষয় শিক্ষক সুভাষ মেধি, ফেলিমিনা এঞ্জেলা আৰু সহকাৰী শিক্ষয়িত্ৰী অনিমা দাসক বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা ফুলাম গামোচা, শৰাই, পোছাক, গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰৰে আনুষ্ঠানিকভাবে বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ বিদ্যালয়ৰ ষ্টাফ কাউন্সিলৰ সম্পাদক তথা শিক্ষক চন্দন জ্যোতি ভূঞাই আঁত ধৰা  সভাখনিত বিদায়ী শিক্ষক-শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ শিক্ষকতাৰ কৰ্ম জীৱনৰ অতীত ৰোমন্থন কৰি আবেগিক হৈ পৰে ৷

বঙাইগাঁৱত বেংকত জমা থবলৈ যোৱা ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ পৰা চিলনী চোৰে কাঢ়ি নিলে ৭ লাখ ৯৪ হাজাৰ টকা

Image
বঙাইগাঁওঃ ২৭ নৱেম্বৰঃ বঙাইগাঁও চহৰৰ বৰপাৰাৰ ছহিদবেদীত আজি চিলনী চোৰে বেংকত জমা থবলৈ অহা ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ কৰ্মচাৰীৰ হাতৰ পৰা নগদ ৭ লাখ ৯৪ হাজাৰ টকা কাঢ়ি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে ৷ জানিব পৰা মতে ছহিদবেদীৰ শ্ৰী বজৰং ট্ৰেডিং কোম্পানী নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ দুই কৰ্মচাৰীয়ে পুৱাৰ ভাগতে ওচৰতে থকা বেংক অৱ বৰোদাত ধনখিনি জমা থবলৈ গৈছিল ৷ কৰ্মচাৰী দুজনে মূল পথেৰে গৈ তাৰ পৰা বেংকলৈ যোৱা উপ পথেৰে যাবলৈ ধৰাৰ সময়তে তথা বেংকৰ নিচেই কাষ পোৱাৰ সময়তে দোকান এখনৰ সন্মুখত হঠাতে মটৰ চাইকেলত অহা চিলনী চোৰে কৰ্মচাৰী এজনৰ হাতত থকা টকাৰ বেগখন কাঢ়ি লৈ পলায়ন কৰে ৷ লগে লগে কৰ্মচাৰীজনে ধৰ ধৰ ,চোৰ চোৰ বুলি চিঞৰ - বাখৰ কৰে যদিও ইতিমধ্যে চিলনী চোৰে মটৰ চাইকেললৈ উধাও হৈছিল ৷ কৰ্মচাৰীজনে ঘটনাটো পুৱা ১০ঃ ৩০ মান বজাত সংঘটিত হয় বুলি জানিবলৈ দি কয় যে সদায় তেওঁ বেংকলৈ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ ধন জমা থবলৈ যায় ৷ আজিও আন এজন কৰ্মচাৰীৰ সৈতে গৈছিল যদিও বেংকৰ কাষ পোৱাৰ সময়তে মটৰ চাইকেল লৈ অহা এজন যুৱকে হঠাতে ধনখিনি কাঢ়ি লৈ যায় ৷ পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ ইপিনে এজন প

বি টি চিত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব'ৰঙিয়াত হাগ্ৰামাৰ মন্তব্যঃ বিপিএফৰ হব বিটিচিত চৰকাৰ

Image
প্ৰতিবেদক, ৰঙিয়া, ২৭ নৱেম্বৰঃ 'হিমন্ত বিশ্ব শৰ্মাই যিমানেই চেষ্টা নকৰক কিয় বি টি চিত চৰকাৰ বনাব নোৱাৰে ৷ অসমত হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ চান্স নাই বাবে বি টি চিত চীফ হোৱাৰ সপোন দেখিছে হিমন্ত বিশ্বই ৷ বি টি চিত চীফ হৈ তেওঁ ডিমা হাছাওৰ দৰে হাজাৰ কোটিৰ কেলেংকাৰী কৰিব বিচাৰিছে ৷ কিন্তু বি টি চিত তেওঁৰ সপোন পুৰা নহয় ৷ বিশ্বজিত দৈমাৰী এবছুৰ পৰা খেদা খোৱা লীডাৰ ৷ হিমন্ত বিশ্ব শৰ্মাও আছুৰ পৰা খেদা খোৱা লীডাৰ ৷ এইবিলাক খেদা খোৱা লীডাৰে ৰাজ্যৰ একো উন্নয়ন কৰিব নোৱাৰে ৷' এই মন্তব্য বি পি এফৰ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ ৷ ৰঙিয়াৰ চহৰৰ পাৰ্শ্বৱৰ্তী খন্দিকৰৰ নলিনীবালা দেৱী হাইস্কুল খেলপথাৰত আজি অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ভাগ লৈ মহিলাৰীয়ে এইদৰে কয় ৷ বি টি চিত হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰী নচলিব বুলি মন্তব্য কৰি মহিলাৰীয়ে আৰু কয়-বি টি চি নিৰ্বাচনত বিজেপিয়ে এখনো আসন নাপায় ৷ বি টি চিত হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত ভাগ লোৱাৰ পিছৰে পৰা বি পি এফৰ বহুত লাভ হৈছে ৷ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক জীৱনত কিমান কেলেংকাৰী কৰিছে তাৰ হিচাপ নাই ৷ সেই কাৰণে নিজকে বচাবৰ বাবে তেওঁ দল

জি আৰ ডি ফাৰ্মাচিউটিকেলে মুকলি কৰিলে দুটা ব্ৰেণ্ডৰ চেনিটাইজাৰ

Image
ষ্টাফ ৰিপ'ৰ্টাৰ,,,,,২৭ নৱেম্বৰ ক'ৰণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি জি আৰ ডি ফাৰ্মাচিটিকেলে বজাৰত মুকলি কৰিছে দুটাকৈ ব্ৰেণ্ডৰ চাৰ্ফো ইউজাৰ-এ আৰু ইনভো ইউজাৰ-৫। এই সন্দৰ্ভত জি আৰ ডি ফাৰ্মাচিউটিকেলৰ জি ডি ধনুগাই কয়"-স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানসন্মত ভাৱে এই চেনিটাইজাৰ প্ৰস্তুত কৰা হয়। এই চেনিটাইজাৰেৰে কাৰ্যালয়, কোম্পানী, পথকে আদি কৰি বিভিন্ন স্থান চেনিটাইজ কৰিব পাৰি"।

হাজোৰ খোপনিকুছি কৰিবিলত যাতায়তৰ অসুবিধাত গৃহবন্দী জনতা

Image
পঙ্কজ নাথ, চাংসাৰি, ২৭ নৱেম্বৰ : কামৰূপ জিলাৰ হাজোৰ খোপনিকুছি কৰিবিল বাসী ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত এক বৃহৎ হেঙাৰ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে।  খোপনিকুছি কৰিবিল বাসী ৰাইজৰ দান বৰঙনিৰে  কৰিবিলৰ পৰা খোপনিকুছি মিলন বজাৰ সংযোগী এটি পথ নিৰ্মান কৰি  অহা যোৱা কৰি আছিল ।  কিন্তুু যোৱা কেইদিনৰ পৰা কেইজনমান সমাজ বিৰোধী লোকে অন্যায়ভাবে ৰাইজক অহা যোৱা কৰা পথত বেৰ দি বাধাৰ সৃষ্টি কৰিছে । যাৰবাবে ইতিমধ্যে স্থানীয় ৰাইজে জুলহাছ আলী, ছায়েদ মুন্চী, হজৰত আলী, চুকুৰ আলী , ৰহিম আলীৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত উক্ত ঘটনাৰ সন্দৰ্ভত এখন এজেহাৰ দাখিল কৰিছে আৰু ৰাইজে এই সমস্যাৰ সমাধান কৰিবলৈ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে ।  এতিয়া ঘটনা সন্দৰ্ভত বিচাৰ কৰি আৰক্ষী প্ৰশাসনে ৰাইজক ন্যায় প্ৰদানৰ ব্যৱস্থা গ্ৰহন কৰিব নে নকৰিব সেয়া সময়তহে লক্ষনীয় হব । কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

কামৰূপৰ পছৰিয়াত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড

Image
পঙ্কজ নাথ, চাংসাৰি, ২৬ নৱেম্বৰ : কামৰূপ জিলাৰ অন্তৰ্গত পছৰীয়াৰ ইমামী উদ্যোগত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নি কাণ্ড। আজি হঠাৎ দুপৰীয়াৰ সময়ত ইমামী কোম্পানীৰ এটা বিল্ডিংৰ ৪ নম্বৰ মহলাত জুই জ্বলি উঠি সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । ভয়ংকৰ  অগ্নিকাণ্ড ফলত জুইৰ লেলিহান শিখাই মুহূৰ্ততে আৱৰি ধৰিলে সমগ্ৰ উদ্যোগটোৰ এটা অংশ । যাৰ ফলত কলা ধোঁৱাই চানি ধৰিছে সমগ্ৰ পছৰীয়া অঞ্চল। ইয়াৰ পিছতে ঘটনা স্থলীত ৫ খনকৈ  অগ্নি নিৰ্বাপক বাহিনিৰ গাড়ী উপস্থিত হৈ এঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । ইমামী উদ্যোগৰ কচমেটিক্স বিলল্ডিংত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা । উল্লেখ যে আজি দেশযোৰা ধৰ্মঘটৰ ফলত কোম্পানীটোত সকলোধৰনৰ কাম বন্ধ হয় আছিল । কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

লাংহিনত বড়ো শ্বহীদ কাপ ফুটবল≈≈ধেণ্টাঘাট ক্ৰীড়া সন্থা-লাংহিন তিনিআলি ক্ৰীড়া সন্থা 'বি' দলৰ অগ্ৰগতি

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৬ নৱেম্বৰঃ লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু বড়ো শ্বহীদ ন্যাসৰ সহযোগত লাংহিনৰ গৰৈমাৰী ষ্টেডিয়ামত কালিৰে পৰা আৰম্ভ হোৱা ২৩ সংখ্যক বড়ো শ্বহীদ কাপ ফুটবল প্ৰতিযোগিতাত ধেণ্টাঘাট ক্ৰীড়া সন্থা আৰু লাংহিন তিনিআলি ক্ৰীড়া সন্থা-'বি' দলে অগ্ৰগতি লাভ কৰিছে। মুঠ ১২ টা দলৰ মাজত আয়োজন কৰা আমন্ত্ৰণমূলক এই প্ৰতিযোগিতাৰ আজিৰ খেলত ধেণ্টাঘাট ক্ৰীড়া সন্থাই ফুলনি ক্ৰীড়া সন্থাৰ দলক ৩-১ গ'লত পৰাজিত কৰে। খেলখনত ধেণ্টাঘাট ক্ৰীড়া সন্থাৰ দলটোৰহৈ নিৰুল ধনৱাৰে(২০, ৫৮ মিনিট)দুটা আৰু মিথিংগা বসুমতাৰীয়ে(৩৮ মিনিট)এটা গ'ল দিয়াৰ বিপৰীতে ফুলনি ক্ৰীড়া সন্থাৰ দলটোৰহৈ কাৰ্টেণ টেৰনে(৭৩মিনিট) একমাত্ৰ গ'লটো দিয়ে ৷ ইফালে, কালি অনুষ্ঠিত হোৱা উদ্বোধনী খেলখনত লাংহিন তিনিআলি ক্ৰীড়া সন্থা-'বি' দলে ৰজাপথাৰ ক্ৰীড়া সন্থা ফুটবল দলক টাইব্ৰেকাৰত ৪-৩ গ'লত পৰাজিত কৰে।নিৰ্ধাৰিত সময়ত গ'লশূন্যভাৱে থকা খেলখনৰ টাইব্ৰেকাৰত বিজয়ী লাংহিন তিনিআলি ক্ৰীড়া সন্থা-'বি' দলৰহৈ গ'লকেইটা দিয়ে কৃষ্ণ হাজোৱাৰী,ধৈৰম ৱাৰী,ৰবিৰাম দৈমাৰী আৰু ৰবিৰাম বসুমতাৰীয়ে । কাইলৈ শুক্ৰবাৰৰ

টাটা মটৰছৰ "ইণ্ডিয়া কি দুচৰি দিৱালী"শীৰ্ষক প্ৰচাৰ অভিযান মুকলি

 ষ্টাফ ৰিপ'ৰ্টাৰ,,,২৫ নৱেম্বৰ ভাৰতৰ উৎসৱৰ হৰ্ষ উল্লাসক দুগুণ মাত্ৰা প্ৰদান কৰি ভাৰতৰ আগশাৰীৰ ব্যৱসায়িক বাহন উৎপাদনকাৰী কোম্পানী টাটা মটৰছে ইয়াৰ নতুন প্ৰচাৰ অভিযান "ইণ্ডিয়া কি দুচৰি দিৱালী"ঘোষণা কৰিলে। এই অফাৰৰ অধীনত সৰু ব্যৱসায়িক বাহন আৰু পিক আপ ৰেঞ্জৰ গ্ৰাহক সকলে লাভ কৰিব আকৰ্ষণীয় ক্রেতা অফাৰৰ লগতে এক নিশ্চিত উপহাৰ লাকী ড্ৰ'ৰ দ্বাৰা। এই বাম্পাৰ অফাৰত আছে ৫ লাখ টকাৰ সোণৰ ভাউচাৰৰ পৰা এলইডি টিভি ৱাশ্বিং মেচিন আৰু বহুতো। এই বিশেষ অফাৰ ৩০ নবেম্বৰ ২০২০ লৈ থাকিব। এই সন্দৰ্ভত টাটা মটৰছৰ ব্যৱসায়িক বাহনৰ বিজনেছ ইউনিটৰ চেলছ আৰু মাৰ্কেটিংৰ উপ-সভাপতি ৰাজেশ কয়ল কৌল এ কয়"-টাটা মটৰছে ইয়াৰ ঐতিহ্য গঠন কৰিছে গ্ৰাহকৰ সৰ্বোচ্চ স্বাৰ্থক কেন্দ্ৰীয় স্থানত ৰাখি। টাটা মটৰছত উদ্যোগৰ শ্ৰেষ্ঠ উৎপাদিত সামগ্রী আৰু সেৱা প্ৰদানত প্ৰাধান্য দিয়া হয়। "ইণ্ডিয়া কি দুচৰি দিৱালী প্ৰচাৰ অভিযানে যোৱা বছৰ ব্যাপক সঁহাৰি লাভ কৰিছিল আৰু আমি ইয়াক এই বৰ্ষতো পুনৰাই আনি গ্ৰাহকৰ মাজত আৰু অধিক উল্লাস যোগ কৰি সুখী অনুভৱ কৰিছো।

চকলাঘাটত শ্ৰদ্ধাঞ্জলি গ্ৰন্থ "অমিয়া সুবাস" উন্মোচন≈≈মাতৃ-পত্নী-জী আদি ৰূপত এগৰাকী নাৰী সদায় অনন্য--উপায়ুক্ত কবিথা পদ্মনাভন#

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫  নবেম্বৰ: "এগৰাকী নাৰী জন্মসূত্ৰেই অনন্য শক্তিৰ আধাৰ ৷ পৃথিৱীত যুগ, যুগান্তৰ ধৰি সৃষ্টিৰ ধাৰাটোক নাৰীয়েই প্ৰৱাহমান কৰি আহিছে ৷" নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ সদ্য প্ৰয়াত বিশিষ্টা মহিলা অমি বৰঠাকুৰ স্মৃতিত প্ৰকাশিত শ্ৰদ্ধাঞ্জলি গ্ৰন্থ 'অমিয়া সুবাস’ উন্মোচন কৰি বুধবাৰে এইদৰে কয় নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভনে ৷ প্ৰয়াত অমি বৰঠাকুৰক এগৰাকী সফল পত্নী আৰু মাতৃ বুলি শ্ৰদ্ধাঞ্জলি জনাই উপায়ুক্ত গৰাকীয়ে লগতে কয় যে--মাতৃ, পত্নী, জী আদি ৰূপত এগৰাকী নাৰী সদায় অনন্য আৰু সদায় শ্ৰদ্ধাৰ পাত্ৰ ৷ আদ্যশ্ৰাদ্ধ লগত সংগতি ৰাখি অমি বৰঠাকুৰৰ বাসগৃহত আয়োজিত উন্মোচনী অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোহিনী মোহন ডেকাই কয় যে--শ্ৰদ্ধাঞ্জলি গ্ৰন্থ এখন কেতিয়াবা এখন ঘৰৰ বাবে, এটা পৰিয়ালৰ বাবে আৰু কেতিয়াবা এখন সমাজৰ বাবে মূল্যবান দলিল স্বৰূপ ৷ আন গৰাকী বিশিষ্ট অতিথি তথা নপুৰ মোমাইদেউ খ্যাত শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই কয়- যে এখন সমাজৰ বাবে উৎসৰ্গিত আইমাতৃসকলৰ গুৰুত্ব অপৰিসীম ৷ লগতে তেওঁ অমি বৰঠা

ৰঙিয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ মৃত্যুত শোক প্রকাশ

Image
প্ৰতিবেদক , ৰঙিয়াঃ ২৪ নৱেম্বৰঃ অসমৰ ক্রমাগত তিনিবাৰৰ মুখ্যমন্ত্রী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে ৰঙিয়াত বিভিন্ন দল সংগঠনৰ লগতে ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্য, চিকিৎসক বৰ্গ আৰু কৰ্মচাৰী সকলে ৷ তেওঁৰ সবল নেতৃত্বৰ বাবে অসমৰ সৰ্বাঙ্গীন উন্নতিৰ দিশত আগবাঢ়িছিল। ৰাজনীতিৰ পৰা ক্রীড়াক্ষেত্রলৈ সুদক্ষভাৱে নেতৃত্ব দিয়া গগৈৰ মৃত্যুত আনহাতে শোক প্রকাশ কৰিছে ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জিলা কংগ্ৰেছৰ সভাপতি ঘনশ্যাম কলিতা, ৰঙিয়া ব্লক কংগ্রেছৰ সভাপতি উদ্ধৱ দাস, নগৰ ব্লক কংগ্ৰেছৰ সভাপতি মুৰতাজ ৰহমান, মহিলা কংগ্ৰেছৰ সভানেত্ৰী অঞ্জু বৰুৱা কলিতা প্ৰমূখ্যে ৰঙিয়া সমষ্টিৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তা, ৰঙিয়া জিলা ক্ৰীড়া সন্থা, উত্তৰ কামৰূপ জিলা ক্ৰীড়া সন্থায়ে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া

বৰক্ষেত্ৰীত পুনৰ প্ৰভাৱশালী বিজেপি নেতাৰ কংগ্ৰেছত যোগদান

Image
বৰক্ষেত্ৰীৰ সাপকাটাত কংগ্ৰেছৰ বিশাল যোগদান সভাত বিজেপিৰ প্ৰভাৱশালী নেতাৰ কংগ্ৰেছত যোগদান।নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মণৰ উপস্থিতিত যোগদান কৰে বিজেপি নেতা ইন্তাজ আলীয়ে। প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি ইন্তাজ আলী সহ তিনি শতাধিক বিজেপি সমৰ্থক কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে। বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ অতি ঘনিষ্ঠ আছিল ইন্তাজ আলী।এসপ্তাহ পূৰ্বে বিজেপি নেতা দুৰ্গা ডেকাই যোগদান কৰিছিল কংগ্ৰেছত।বিজেপি ভূৱা প্ৰতিশ্ৰুতি দি ৰাইজক আকৰ্ষিত কৰিব বিচাৰিছে।ভূৱা প্ৰতিশ্ৰুতিত ভোল নাযাবলৈ আহ্বান জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মণৰ। আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৮০ খন আসন লাভ কৰি অসমত কংগ্ৰেছৰ নেতৃত্বত মিত্ৰজোতৰ চৰকাৰ হব,এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক ভূমিধৰ বৰ্মণৰ। ইফালে, বিজেপি চৰকাৰৰ নীতিত অতিষ্ঠ হৈ কংগ্ৰেছত যোগদান কৰা বুলি উল্লেখ কৰে ইন্তাজ আলীয়ে

জয়পুৰ ব্লক কংগ্ৰেছৰ সৌজন্যত তৰুণ গগৈৰ স্বৰ্দ্ধাঞ্জলি অনুষ্ঠান

Image
 ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন আগশাৰীৰ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অসমৰ লগতে নাহৰকটীয়া সমষ্টিতো বৈছে শোকৰ বন্যা ।         আজি নাহৰকটীয়াৰ ৰাজীৱ ভৱনৰ প্ৰাঙ্গনত জয়পুৰ ব্লক কংগ্ৰেছৰ সৌজন্যত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে গভীৰ শ্ৰদ্ধা জনায় ।

তৰুণ গগৈৰ মৃত্যুত পাথৰি বৈদিক ধৰ্ম সংঘৰ শোকসভা-ৰাইদঙীয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Image
নগাঁৱৰ পৰা জয়ন্ত মুুদৈ, ২৪ নবেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুয়ে সমগ্ৰ ৰাজ্যখনকে শোকাচ্ছন্ন কৰি পেলাইছে ৷ দেশৰ অভিজ্ঞ ৰাজনীতিবিদ, বিশিষ্ট আইনজ্ঞ, লোকসভাৰ প্ৰাক্তন সাংসদ গৰাকীৰ জীৱনাৱসানত এতিয়া ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰাৰ বিপৰীতে জননেতাজনৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা জনাবৰ বাবে সকলো উবুৰি খাই পৰিছে ৷ ইয়াৰ ব্যতিক্ৰম নহয় নগাঁও জিলাও ৷ জিলাখনৰ বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে ৰাজ্যৰ তিনিটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীৰ দৰে গুৰু দায়িত্ব বহন কৰা গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে ৷ ইয়াৰ মাজতে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইদঙীয়া পাঁচআলিত মঙলবাৰে সন্ধিয়া ৰাইদঙীয়াৰ বিভিন্ন দল- সংগঠনৰ জড়িয়তে সৰ্বকালৰ সফল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আত্মাৰ চিৰশান্তি কামনা কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ইফালে, ঐতিহ্যমণ্ডিত পাথৰি বৈদিক ধৰ্ম সংঘই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি মঙলবাৰে সংঘৰ সভাপতি কুমুদ চন্দ্ৰ ভট্টাচাৰ্যৰ পৌৰহিত্যত এখন শোক সভা অনুষ্ঠিত কৰে ৷ সংঘৰ সম্পাদক মৃণাল জ্যোতি শৰ্মাই আঁত ধৰা গাম্ভীৰ্যপূ

ডিমাকুছিত অখণ্ড ভাগৱত পাঠৰ সামৰণি । দিনযোৰা কাৰ্যসূচীৰে ভাগৱত লৈ বিশাল শোভাযাত্ৰাৰে সমাপ্তি

Image
ডিমাকুছি  , ২৪ নৱেম্বৰ :--  # ভেৰগাৱৰ ডিমাকুছিত ২ নং সোণাজুলিত অৱস্থিত শ্ৰী শ্ৰী হৰি মন্দিৰত বিশ্ব শান্তি তথা সমূহ ৰাইজৰে অপায় অমংগল দূৰ কৰি  ৰাইজৰ মঙ্গলৰ অৰ্থে মাহ যোৰা ভাগৱত পাঠ কৰে । # আজি ভাগৱত পাঠৰ সামৰণি অনুষ্ঠানত ৰাতিপুৱাৰে পৰা দিনযোৰা কাৰ্যসূচীৰে প্ৰায় ৫  কি:মি: ৰাস্তা ভাগৱত শোভাযাত্ৰা উলিয়াই ।  # ২ নং সোণাজুলি আৰু ত নং ডিমাকুছি গাঁৱৰ লোক সকলে মিলি এই ভাগৱত পাঠ অনুষ্ঠানৰ পৰায় সকলো জাতি ধৰ্ম মিলি একতাৰে সমগ্ৰ বিশ্বতে কটায় অমঙ্গল দূৰ কৰি সুখ শান্তিৰে জীয়াই থাকিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ।  ____________________________ ডিমাকুছি ৰ পৰা , পিংকু কলিতা

বেবেজীয়াত " অনুভূতি " শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন≈≈গীত-কবিতাৰ এক মনোৰম আবেলি

Image
 বেবেজীয়াত " অনুভূতি " শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন≈≈গীত-কবিতাৰ এক মনোৰম আবেলি# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২২ নবেম্বৰঃ নগাঁও জিলাৰ বেবেজীয়া প্ৰেছ ক্লাৱৰ ব্যৱস্থাপনাত দেওঁবাৰে বেবেজীয়াৰ মাহৰিআটিৰ অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, নিৰৱ সাহিত্য সাধক বকুল চন্দ্ৰ শৰ্মাৰ কাব্যগ্ৰন্থ " অনুভূতি " উন্মোচন কৰা হয়। কবি গৰাকীৰ নিজা বাসভৱনৰ সন্মুখৰ চোতালত শৰতৰ হিম শীতল আবেলিৰ আবেশত অনুষ্ঠিত গ্ৰন্থ উন্মোচন আৰু গীতি-কবিতাৰ মনোৰম অনুষ্ঠানত কাব্যগ্ৰন্থখনি উন্মোচন কৰে নপূৰ মোমাইদেউ খ্যাত শিশু সাহিত্যিক ত্রৈলোক্য ভট্টাচাৰ্যই। বেবেজীয়া প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে আঁতধৰা অনুষ্ঠানত সু-বক্তা, প্ৰবক্তা মোহিনী মোহন ডেকা, সাহিত্যসেৱী লৱকান্ত শৰ্মা, সমাজকৰ্মী হৰেন বৰা, কৃষ্ণ বৰা, প্ৰশান্ত শৰ্মা, ৰেব দাসে বক্তব্য প্ৰদান কৰে। প্ৰতিষ্ঠিত কবি মদাৰজ্যোতিয়ে লেখক বকুল চন্দ্ৰ শৰ্মাৰ  কাব্যগ্ৰন্থখনিৰ তিনিটা কবিতা আবৃত্তি কৰে আৰু সাংবাদিক জ্যোতিপ্ৰসাদ বৰা, ৰশ্মৰেখা হাজৰিকা, মনি হাজৰিকা আৰু অনিল নাথে স্ব-ৰচিত কবিতা পাঠেৰে হিম চেচা আবেলিটো জিপাল কৰি তোলে। প্ৰবীন শিল্পী গম্ভীৰ নাথ,  সাংবাদি

২০২১ত অসমৰ পৰা বিদায় ল’ব বিজেপিঃক্ষমতা দখল কৰিব কংগ্ৰেছ মহাজোঁটেঃকৃষ্ণাই ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাত বিধায়ক ৰছিদ আলম

Image
২০২১ত অসমৰ পৰা বিদায় ল’ব বিজেপিঃক্ষমতা দখল কৰিব কংগ্ৰেছ মহাজোঁটেঃকৃষ্ণাই ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাত বিধায়ক ৰছিদ আলম বিহাৰৰ নিৰ্বাচন কংগ্ৰেছৰ বাবে বিপৰ্যয় নহয় ৷ বিহাৰৰ প্ৰশাসনে বিজেপিক বিপুল ভাবে সহায় কৰিছিল নিৰ্বাচনত ৷ নিৰ্বাচনী আযোগ নিৰপেক্ষ নহ’লে গণতন্ত্ৰ কেতিয়াও জীয়াই নাথাকে ৷ ৰেগিঙৰ বাবেহে বিহাৰত পৰাজিত হল কংগ্ৰেছ ৷ এই মন্তব্য গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমৰ ৷ গোৱালপাৰা জিলাৰ কৃষ্ণাইত আজি কৃষ্ণাই ব্লক কংগ্ৰেছে আযোজন কৰা কাৰ্যকৰী বৰ্দ্ধিত সভা আৰু যোগদান কাৰ্যসূচীত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিধায়ক আলমে ৷  বিধায়ক এ কে ৰছিদ আলমে বিজেপি দলক তীব্ৰ সমালোচনা কৰি কয় যে ২০২১ৰ নিৰ্বাচনৰ পিছত অসমৰ পৰা বিজেপি দল নিচ্ছিন্ন হৈ যাব আৰু অসমৰ ক্ষমতা দখল কৰিব কংগ্ৰেছ মহাজোঁটে ৷ আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলটোৱে জিলা খনৰ আটাইকেইটা সমষ্টি দখল কৰিব বুলিও দাবী কৰে বিধায়ক আলমে ৷ আজি দিনৰ প্ৰায় ১১ বজাত কৃষ্ণাই ব্লক কংগ্ৰেছৰ সভাপতি মহম্মদ আলীৰ সভাপতিত্ব আয়োজিত আজিৰ সভাখনত বিধায়ক আলমৰ লগতে দুধনৈ সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক দেৱেন দৈমাৰী, কৃষ্ণাই ব্লক

কৃষ্ণাইৰ কুলীয়া জানৰ ওপৰত পকী দলঙৰ আধাৰশিলা স্থাপন

Image
গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ কাষৰীয়া কুলীয়া জানৰ ওপৰত আজি পকী দলঙৰ আধাৰশিলা স্থাপন কৰে গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক এ,কে,ৰশিদ আলমে ৷ এই উপলক্ষে আজি পুৱা ১০ বজাত আয়োজিত সভাখনত সভাপতিত্ব কৰে মোজাফ্ফৰ নুৰ ইছলামে ৷ বিধায়ক আলমৰ লগতে গড়কাপ্তানি বিভাগৰ অভিযন্তা,ঠিকাদাৰ আদি বিভিন্ন বৰ্গৰ লোক উপস্থিত থকা সভাখনত ভাষণ প্ৰদান কৰে ৰফিকুল ইছলাম,ৰফিজুল ইছলাম, গুলজাহাৰ আলীকে ধৰি বহু কেইজন স্থানীয় ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report

গোৱালপাৰাৰ মাটিয়াত সাংস্কৃতিক কৰ্মশালাঃ খোল, বৰগীত আৰু দিহানামৰ কৰ্মশালাত অংশগ্ৰহণ কৰিলে ভিন্ন প্ৰান্তৰ শতাধিক শিক্ষাৰ্থী

Image
শ্ৰী মন্ত শংকৰদেৱ সংঘৰ গোৱালপাৰা জিলা শাখাৰ উদ্যোগত পশ্চিম মাটিয়া মিলনপুৰ কৃষ্ণ নামঘৰ প্ৰাংগণত খোল, বৰগীত আৰু দিহানামৰ এক কৰ্মশালা অনুষ্ঠিত হৈ যায় ৷  দুদিনীয়া  কৰ্মশালাখনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সমাজকৰ্মী দীপক কুমাৰ নাথে । উক্ত অনুষ্ঠানত জিলা সংঘৰ সভাপতি,সম্পাদক ক্ৰমে প্ৰদীপ নেওগ, ভদ্ৰ কান্ত দাসৰ লগতে বিভিন্ন আঞ্চলিক সংঘৰ বিষয় -ববীয়া সকল উপস্থিত থাকে । দলগোমা , মাটিয়া প্ৰাথমিক শাখাৰ আতিথ্যত চলা এই কৰ্মশালাখনিত বিশেষভাবে সহায় - সহযোগিতা আগবঢ়ায় কন্দৰ্প কুমাৰ সাউদ, মেঘনাদ নাথ, কমলা দাস, তাৰাপদ দাস আৰু চুকু দাসে । অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া উক্ত কৰ্মশালা খনে অঞ্চলটোত ধাৰ্মিক আৰু সাংস্কৃতিক দিশত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিছে ৰাইজে । কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

সংগীত শিল্পী সন্তোষ শৰ্মাৰ ৰাজস্থানী লোকগীতৰ এলবাম 'হিচকী'মুকলি

Image
ষ্টাফ ৰিপ'ৰ্টাৰ,,,২২ নৱেম্বৰ বিশিষ্ট সংগীত শিল্পী সন্তোষ শৰ্মাৰ 'ৰাজস্থানী লোকগীতৰ এলবাম' হিচকী শনিবাৰে অনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। গুৱাহাটীৰ এক অনুষ্ঠানত সৰ্বভাৰতীয় মাৰোৱাৰী যুৱ মঞ্চৰ ৰাষ্ট্ৰীয় সভাপতি অমিত আগৰৱাল,ভিপৰা ফাউণ্ডেচনৰ অধ্যক্ষ কানহয়া লাল পীপলৱা, আৰু টী চিৰিজ গুৱাহাটী শাখাৰ মুখ্য পৰিচালন সঞ্চালক নীতি শৰ্মাৰ উপস্থিতিত উক্ত একবামটি মুকলি কৰা হয়। দীনেশ পাড়িকে পৰিচালনা কৰা উক্ত অনুষ্ঠানত বিজেপিৰ ধনভৰালী ৰাজকুমাৰ শৰ্মা, মাৰোৱাৰী ব্ৰাহ্মীন সভাৰ নিৰ্মল তিৱাৰী, উত্তৰ-পূৱৰ প্ৰ'ভিনচিয়েল মাৰোৱাৰী যুৱ মঞ্চৰ সম্পাদক ৰাহুল আগৰৱালকে আদি কৰি বহু ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে, শংকৰ মহেশ্বৰীয়ে সংগীত পৰিচালনা কৰা এলবামটিত ধ্বনি মিউজিক অফ সুজনগড়ত সংগীত বাণীবদ্ধ কৰা হয়।

টিহু সাহিত্য সভাৰ গ্ৰন্থ উন্মোচনী সভা সম্পন্ন টিহুৰ এগৰাকী কৃতী শিক্ষক, লেখক,

Image
সমাজহিতৈষী, লোকসংস্কৃতিৰ অনুৰাগী ৰত্নেশ্বৰ শৰ্মাৰ জীৱন কীৰ্তি আলোকপাত কৰি আৰু অন্য প্ৰাসংগিক লেখাৰে সাংবাদিক–সাহিত্যকৰ্মী পংকজ বেজবৰুৱাই সম্পাদনা কৰা আৰু টিহু সাহিত্য সভাৰদ্বাৰা প্ৰকাশিত ‘স্মৃতিৰত্নতৰংগিণী’ নামৰ গ্ৰন্থ এখন আজি  উন্মোচন  কৰা হয় । এই উদ্দেশ্যে  পুৱা ১০ বজাত টিহু মহাবিদ্যালয়ৰ আলোচনাকক্ষত  কৃতী শিক্ষক ৰত্নেশ্বৰ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ গোলকেশ্বৰ গোস্বামীয়ে আৰু  মাল্যাৰ্পণ কৰে ৰত্নেশ্বৰ শৰ্মাদেৱৰ সহধৰ্মিনী পাৰুলৰাণী দেৱীয়ে । ইয়াৰ পাছতে টিহু সাহিত্য সভাৰ সভাপতি শংকৰকুমাৰ দাসৰ পৌৰেহিত্যত অনুষ্ঠিত  গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰে  অসম মহিলা বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা ( কৃষি ) সঞ্চালক অধ্যাপক ড:  অশোক ভট্টাচাৰ্যই । টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰে আদৰণি ভাষণ প্ৰদান কৰা  অনুষ্ঠানটিত বিশিষ্ট আলহী হিচাপে ভাগ লয়  নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুণাকান্ত কলিতাই ।  টিহুৰ পৰা  কৰবী

যতীন ইছলাৰী-গৌতম ৰায় সোঁৱৰণী ফুটবল ট্ৰফীত বাৰাগড় ৰিংখাং ক্লাব চুড়ান্ত বিজয়ী

Image
 চালাকটি স্পৰ্টচ প্ৰমোটাৰ ছচাইটিৰ উদ্যোগত যোৱা ১ নভেম্বৰৰ পৰা  চলি থকা যতীন ইছলাৰী-গৌতম ৰায় সোঁৱৰণী ফুটবল ট্ৰফী খেলৰ আজি অন্ত পৰে। সৰ্বমুঠ ৬৬টা দলে যোগদান কৰা খেল খনত আজি অনুষ্ঠিত চুড়ান্ত খেলত বাৰাগড় ৰিংখাং ক্লাবে লাটাগাঁও বিজুলী সংঘক টাইব্ৰেকাৰৰ জৰিয়তে পৰাস্ত কৰি চুড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় আজিৰ চূড়ান্ত খেলত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে লাটাগাঁও বিজুলী সংঘৰ শুভাঙ্কৰ মুছাহাৰী ওৰফে লোহাই শ্ৰেষ্ঠ খেলুৱৈৰ বটা লাভ কৰিবলৈ সক্ষম হয়। প্ৰসেনজিত দেবনাথ চিৰাং

গোৱালপাৰাৰ টুকুৰাত ভয়ংকৰ পথ দুৰ্ঘটনাঃনিহত ১; আহত ৪

Image
গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত টুকুৰাত আজি পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন এল্ট" আৰু অটোৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা ৷ শ্ৰীশ্ৰীটুক্ৰেশ্বৰী মন্দিৰৰ প্ৰায় সমুখতে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত এই দুৰ্ঘটনাত বলেন্দ্ৰ ছেত্ৰী নামৰ লোক এজন থিতাতে নিহত হয় ৷ ঘটনাটোত আন ৪ জন লোক গুৰুতৰ ভাৱে আহত হয় ৷ নিহত লোক জন মেঘালয়ৰ তুৰাৰ বেলডাপাৰাৰ বুলি জানিব পৰা গৈছে ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news repprt

পৰ্যটন মানচিত্ৰত নতুনকৈ সংযোজন হ'ল জামুগুৰিহাটৰ পানপুৰঘাট

Image
পৰ্যটকৰ বাবে মুকলি হ'ল পানপুৰ বনাঞ্চল।  #পানপুৰঘাটক পৰ্যটনথলীৰূপে গঢ় দিয়াৰ সপোন আজি পূৰণ হৈছে-পদ্ম হাজৰিকা৷ ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২১ নৱেম্বৰ:কাজিৰঙা বুলি ক’লে অথবা পৰ্যটনথলী বুলি ক’লে কহঁৰা,বাগৰী এই নামদুটাই মানুহে শুনিছিল কিন্তু আজি কাজিৰঙাত নতুনকৈ সংযোজন হ’ল পৰ্যটলস্থলী পানপুৰ৷য’ত মোৰ পানপুৰক লৈ কৰা সপোন জড়িত হৈ আছিল৷৮৫ চনৰ পিছত আমাৰ চৰকাৰৰ দিনত সপ্তম,অষ্টম আৰু নৱম সংযোজনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক মাটি দিয়া হৈছে আৰু সেই মাটিৰ পৰিমাণ অনুপাততৌ কহঁৰা-বাগৰীতকৈও গুৰুত্বপূৰ্ণ স্থান এই পানপুৰ হ’ব৷কাৰণ বৰ্তমান কাজিৰঙাৰ জীৱ-জন্তু এইদিশলৈ বেছিকৈ আহিবলৈ লৈছে৷তদুপৰি এই পৰ্যটনস্থলীত জীপ চাফাৰি হাতী চাফাৰীৰ ব্যৱস্থা কৰাত যথেষ্ট সম্ভাৱনা পূৰ্ণ হৈ পৰিল পানপুৰ৷এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷অসমৰ পৰ্যটন মানচিত্ৰত আজিৰ পৰা নতুনকৈ সংযোজন হোৱা জামুগুৰিহাটৰ পানপুৰঘাটৰ পৰ্যটনস্থলীৰ লগতে জীপ চাফাৰি মুকলি অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয় বিধায়ক হাজৰিকাই৷পানপুৰ হাইস্কুলৰ প্ৰধান শিক্ষক বিশ্ব হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি অনুষ্ঠানটোত

আমিনগাঁৱত ভাৰতীয় জনতা পাৰ্টিৰ বেজেৰা মণ্ডল মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

Image
পঙ্কজ নাথ, চাংসাৰি, ২১ নৱেম্বৰ  কামৰূপ জিলাৰ অন্তৰ্গত আমিনগাঁৱৰ যুৱ বিকাশ কেন্দ্ৰত আজি ভাৰতীয় জনতা পাৰ্টিৰ বেজেৰা মণ্ডল মহিলা মৰ্চাৰ নৱ নিযুক্ত সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সভাত আগন্তুক বিধান সভা নিৰ্বাচন আৰু দলৰ সাংগঠনিক কাম কাজৰ অধিক গতি প্ৰদান বাবে আলোচনা হয়। বেজেৰা মণ্ডল মহিলা মৰ্চাৰ নৱ নিৰ্বাচিত সভানেত্রী মুন দাসৰ সঞ্চালনাত আজিৰ সভাখন অনুষ্ঠিত হয়। কাৰ্যনিৰ্বাহ সভাখনত বিজেপিৰ ৰাজ্যিক অংশগ্ৰহণ কৰি বিজেপি নৰেন্দ্ৰ মোডী চৰকাৰ আৰু সৰ্বানন্দ সোনোৱাল চৰকাৰে লোৱা উন্নয়নমূলক আঁচনি কথা ব্যাখ্যা কৰে। ইয়াৰ লগতে মহিলাসকলক স্বনিৰ্ভৰশীল কৰাৰ বাবে লোৱা আচনি সুবিধা লবলৈ সমাজক আহ্বান জনাই। লগতে কংগ্ৰেছ, এআইডিইউএফ আৰু নতুনকৈ গঠিত দলবোৰে কোনো পধ্যেই  বিজেপি দলক ক্ষতি কৰিব নোৱাৰে বুলিভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা মহিলা মৰ্চাৰ সভানেত্ৰী  গীতা বৰাই মন্তব্য  আগবঢ়াই। সভাত বক্তব্য ৰাখি বেজেৰা মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী  মুন দাসে জনতা পাৰ্টীৰ দলে লোৱা জন কল্যাণকামী বিভিন্ন আঁচনিবোৰৰ সফল ৰূপায়নৰ জৰিয়তে বেজেৰা মণ্ডলত আগন্তুক বিধান সভা নিৰ্বাচনত দলৰ সাংগঠনিক দিশটো অধিক শক্তিশ

চাৰিদুৱাৰ, বালিপৰা, জামুগুৰিহাটতো অনুষ্টুপীয়াকৈ ষঠ পূজা

Image
সমগ্ৰ দেশৰ লগতে শোণিতপুৰ জিলাৰ অন্তৰ্গত চাৰিদুৱাৰ, বালিপৰা, জামুগুৰিহাটতো অনুষ্টুপীয়াকৈ ষঠ পূজা কৰোণাৰ প্ৰট’কল মানি  পালন কৰা হৈছে ৷ চাৰিদুৱাৰত অনুষ্ঠিত কৰা ষট পুজাত চতিয়া বিধান সভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰি তেওঁৰ সাৰুৱা ভাষন প্ৰদান কৰে । নিৰ্জলা ব্ৰত ৰাখি  বিভিন্ন ফলমুল ঘৰতে তৈয়াৰ কৰা ঠেকুৱা, খেজুৰী, কল, আপেল, আদা, হালধি আদি  পাচিত সুন্দৰকৈ সজাই মুৰত তুলি সজাই ৰখা পূজাৰ স্থানলৈ অনা হয় আৰু আবেলি বেলি ডুবাৰ আগতে সূৰ্যক আৰধনা কৰা হয় ৷ পূৰ্বতকৈ এই বছৰ পূজাৰ স্থলীত সমাগম  সেৰেঙা দেখা পৰিলক্ষিত হৈছে ৷ জিলা প্ৰশাসনৰ নিৰ্দেশ অনুযায়ী কভিদ প্ৰটকল মানি নিদ্ধাৰিত  শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত ষট পূজা পালন কৰা পৰিলক্ষিত হয় । উক্ত পুজাস্থলীসমুহত আৰক্ষী প্ৰশাসনে কঠোৰ নিৰাপত্তা প্ৰদান কৰাও পৰিলক্ষিত হয় ।  জামুগুৰিহাটৰ পৰা : জোন বৰা : ২১ নৱেম্বৰ

অসম কেমিকেল শ্ৰমিক সংঘৰ ধৰ্ণা কাৰ্যসূচী

Image
ষ্টাফৰিপোৰ্টাৰ, ২০ নৱেম্বৰ : অসম কেমিকেল শ্ৰমিক সংঘই শুকুৰবাৰে পুৱা কোম্পানীৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰে। গুৱাহাটীৰ গোপিনাথনগৰ ( কেঞ্চাৰ হস্পিটেল ৰ সমুখত )   অসম কেমিকেল কোম্পানীৰ গেটত  প্ৰতিবাদকাৰী সকলে লকডাউনৰ সময়ত প্ৰাপ্য মজুৰি আদায় দিয়ক, কোম্পানী পৰিচালন সঞ্চালকৰ ইউনিয়ন বিৰোধী কাম বন্ধ কৰক আদি দাবী সম্বলিত পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্য্যসূচীৰ পাছত সংশ্লিষ্ট বিষয়াৰ উদ্যোগত কোম্পানীৰ কৰ্তৃপক্ষই আন্দোলনৰ নেতৃত্বৰ লগত আলোচনাত মিলিত হয়। এই আলোচনাত নৱেম্বৰ মাহৰ ভিতৰত কোম্পানীৰ শ্ৰমিক সকলৰ সমস্যা সমাধানৰ আশ্বাস দিয়ে। এই  আশ্বাসৰ  ভিত্তিত শ্ৰমিক সকলে আন্দোলন সাময়িকভাৱে স্থগিত ৰাখে। চি আই টি ইউৰ গুৱাহাটী মহানগৰ কমিটিৰ উদ্যোগত পুনৰ শ্ৰমিক বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংঘৰ হৈ নীলিমা শৰ্মাই জনায়।

ডি২এইছ এ সম্প্ৰসাৰণ কৰিলে ইয়াৰ ব্যৱসায়িক লক্ষ্য, উজনি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যলৈ সেৱা আৰম্ভ

ষ্টাফ ৰিপোৰ্টাৰ,,২০ নৱেম্বৰ ডিশ্ব টিভি ভাৰত লিমিটেডৰ ব্ৰেণ্ড ডি২এইছ এ উজনি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য সমূহলৈ ইয়াৰ ব্যৱসায়িক লক্ষ্য সম্প্ৰসাৰণ কৰি নিয়মিত ভাৱে বৃদ্ধি হৈ থকা কোম্পানীৰ গ্ৰাহক  সকলক শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি সম্পূৰ্ণ বিনোদন প্ৰদানৰ প্ৰতিশ্ৰুতি পালন গুৰুতৰভাৱে গ্ৰহণ কৰিছে। উজনি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য সমূহলৈ ইয়াৰ মুকলিৰ লগে লগে ডি২ এইছ এ লগতে লৈ আনিছে প্ৰযুক্তি  সমৃদ্ধ উন্নত এইছডি ছেট-আপ বাকচ যাৰ লগত এটি ওমনি নিৰ্দেশিত ৰিমোট আৰু সংযোজক উপলব্ধ যিয়ে ইন্টাৰনেটত উপলব্ধ বিনোদন উপভোগত সহজ কৰি তুলিব। এই সন্দৰ্ভত ডিছ টিভি ভাৰত লিমিটেডৰ কাৰ্যবাহী সঞ্চালক আৰু দলীয় মুখ্য কাৰ্যবাহী বিষয়া অনিল ডুৱা ই কয়"-উচ্চ স্বাক্ষৰতাৰ হাৰ আৰু আৰু ক্ৰীড়া আৰু সংগীতৰ প্ৰতি অনুৰাগ পূৰ্ণ এই অঞ্চলটিয়ে আমাৰ ব্ৰেণ্ড সমূহক অসাধাৰণ সম্ভাৱনা আগবঢ়াইছে। আমাৰ বিভিন্ন লাইভ চেনেল আৰু সেৱা সকলো প্ৰকাৰৰ জনসংখ্যাৰ বাবে আকৰ্ষণীয় হ'ব।

ৰঙিয়া সদৰ আৰক্ষী থানাত শিশু হিতৈষী কেন্দ্ৰ মুকলি

Image
অংশগ্ৰহণ কৰে  ন্যায়াধীশ উৎজ্বল ভূঞা, আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত  প্ৰতিবেদক, ৰঙিয়া , ২০ নৱেম্বৰঃ ৰঙিয়া সদৰ আৰক্ষী থানাত আজিৰে পৰা আৰম্ভ হল শিশু হিতৈষী কেন্দ্ৰ। আন্তৰ্জাতিক শিশু দিৱসৰ লগত সংগতি ৰাখি এই কেন্দ্ৰটো আনুষ্ঠানিক ভাবে মুকলি কৰে বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উৎজ্বল ভূঞা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । বি বি এ নামৰ সংস্থাটোৰ পুৰ্ণ সহযোগত কামৰূপ মহানগৰ আজাৰা থানাৰ পিচতে ৰঙিয়া আৰক্ষী থানাত আৰম্ভ কৰা হয় শিশুৰ হৈতৈষী কেন্দ্ৰ । অসম আৰক্ষীৰ উদ্যোগত স্থাপন কৰা এই কেন্দ্ৰটো শুভ উদ্বোধনৰ  পিচতে আৰক্ষী থানাৰ চৌহদতে এখন সভা অনুষ্ঠিত হয় । সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে  ন্যায়াধীশ উৎজ্বল ভূঞা, আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত  অসম আৰক্ষীৰ প্ৰশাসনিক বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান হৰমীত সিং, কামৰূপ উপায়ুক্ত কৈলাশ কাৰ্তিক এন, কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক প্ৰাৰ্থ সাৰথি মহন্ত আৰু বস্পন বচাও চমুকৈ বি বি এ  আন্দোলনত জড়িত ডঃ ৰশ্মি শৰ্মাই। উল্লেখ্য যে ১৯৫৪ চনৰ পৰা ইউনিচেফে ২০ নবেম্বৰৰ দিনটো বিশ্ব শিশু দিৱস হিচাপে পালন কৰি আহিছে।আনহাত

লক্ষ্য, উজনি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যলৈ সেৱা আৰম্ভ

ডি২এইছ এ সম্প্ৰসাৰণ কৰিলে ইয়াৰ ব্যৱসায়িক  ষ্টাফ ৰিপোৰ্টাৰ,,২০ নৱেম্বৰ ডিশ্ব টিভি ভাৰত লিমিটেডৰ ব্ৰেণ্ড ডি২এইছ এ উজনি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য সমূহলৈ ইয়াৰ ব্যৱসায়িক লক্ষ্য সম্প্ৰসাৰণ কৰি নিয়মিত ভাৱে বৃদ্ধি হৈ থকা কোম্পানীৰ গ্ৰাহক  সকলক শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি সম্পূৰ্ণ বিনোদন প্ৰদানৰ প্ৰতিশ্ৰুতি পালন গুৰুতৰভাৱে গ্ৰহণ কৰিছে। উজনি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য সমূহলৈ ইয়াৰ মুকলিৰ লগে লগে ডি২ এইছ এ লগতে লৈ আনিছে প্ৰযুক্তি  সমৃদ্ধ উন্নত এইছডি ছেট-আপ বাকচ যাৰ লগত এটি ওমনি নিৰ্দেশিত ৰিমোট আৰু সংযোজক উপলব্ধ যিয়ে ইন্টাৰনেটত উপলব্ধ বিনোদন উপভোগত সহজ কৰি তুলিব। এই সন্দৰ্ভত ডিছ টিভি ভাৰত লিমিটেডৰ কাৰ্যবাহী সঞ্চালক আৰু দলীয় মুখ্য কাৰ্যবাহী বিষয়া অনিল ডুৱা ই কয়"-উচ্চ স্বাক্ষৰতাৰ হাৰ আৰু আৰু ক্ৰীড়া আৰু সংগীতৰ প্ৰতি অনুৰাগ পূৰ্ণ এই অঞ্চলটিয়ে আমাৰ ব্ৰেণ্ড সমূহক অসাধাৰণ সম্ভাৱনা আগবঢ়াইছে। আমাৰ বিভিন্ন লাইভ চেনেল আৰু সেৱা সকলো প্ৰকাৰৰ জনসংখ্যাৰ বাবে আকৰ্ষণীয় হ'ব।

বিশ্ব শিশু দিৱসত মুখ্যমন্ত্ৰী কাৰ্য্যালয়ৰ টুইটাৰ একাউণ্ট চলালে চাহ বাগিচাৰ ছাত্ৰী বন্দনা ওৰাঙে

Image
বিশ্ব শিশু দিৱস, ২০২০ক স্মৰণীয় কৰি পোনপ্ৰথমবাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্য্যালয়ৰ টুইটাৰ একাউণ্ট চলালে ডিব্ৰুগড়ৰ নামৰূপ চাহ বাগিচাৰ ছাত্ৰী বন্দনা ওৰাঙে। ২০ নৱেম্বৰ, শুক্ৰবাৰে পুৱা ৯ বজাৰ পৰা ১১ বজালৈ @CMOfficeAssam টুইটাৰ হেণ্ডেলযোগে বন্দনাই কেইবাটাও টুইট কৰি নিজৰ যাত্ৰাৰ লগতে মহামাৰীৰ পিছৰ পৃথিৱীখনত শিক্ষাৰ নতুন চিন্তাৰ বিষয়ে অভিমত ব্যক্ত কৰে। উল্লেখযোগ্য যে UNICEF-য়ে ঘোষণা কৰা অনুসৰি এই বৰ্ষৰ বিশ্ব শিশু দিৱসৰ বিষয়বস্তু আছিল "Investing in our future means investing in our children". ক'ভিড-১৯ মহামাৰীয়ে শিশুসকলৰ মাজত বিশেষ প্ৰভাৱ পেলাইছে আৰু শিশুসকলে নিজৰ চিন্তাশীল মনেৰে বিশ্বক নতুন চিন্তাধাৰাৰে কল্পনা কৰিবলৈ আৰম্ভ কৰিছে। এই বিশেষ দিশটোক কেন্দ্ৰ কৰিয়েই বন্দনাই অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ৰ টুইটাৰযোগে বিভিন্ন গুৰুত্বপূৰ্ণ কথাৰ ওপৰত আলোকপাত কৰে। বন্দনাই নমস্কাৰেৰে আৰম্ভ কৰা টুইটত নিজৰ পৰিচয় দিয়ে। নামৰূপ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলা ছাত্ৰীগৰাকী বৰ্তমান নামৰূপ মহাবিদ্যালয়ত অধ্যয়নৰতঃ। বন্দনাৰ দৰে সকলো শিশুৱে নিজৰ শিক

প্ৰতিবছৰেই বিশ্বই দিয়ক ৭ দিন লকডাউন-যাদৱ পায়েং

Image
জামুগুৰিহাটত বৃক্ষৰোপন কৰিলে পদ্মশ্ৰী যাদৱ পায়েঙে৷ পথিৱীৰ ভাৰসাম্য ৰক্ষাৰ বাবে প্ৰতিবছৰেই বিশ্বই দিয়ক ৭ দিন লকডাউন-যাদৱ পায়েং ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,২০ নৱেম্বৰ:পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে সমগ্ৰ বিশ্বক বছৰত ৭ দিন লকডাউন দিবলৈ অনুৰোধ জনাই অৰণ্য মানৱ যাদৱ পায়েঙে৷আজি জামুগুৰিহাটৰ অন্যতম প্ৰকৃতিপ্ৰেমী সংগঠণ কোঁছগাঁৱৰ জাগৰণ য়ুথ ক্লাৱৰ সৌজন্যত গান্ধীপথাৰত অনুষ্ঠিত এক বৃক্ষৰোপন কাৰ্যসুচীত অংশগ্ৰহণ কৰি এইদৰেই পদ্মশ্ৰী যাদৱ পায়েঙে অনুৰোধ জনাই সমগ্ৰ বিশ্বক৷অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙে কয় যে চৰকাৰে বৃক্ষৰোপনৰ নামত যেতিয়াই তেতিয়াই বন মহোৎসৱ পাতি চৰকাৰী ধন অপচয় কৰাৰ বিপৰীতে বিদ্যালয়সমুহতহে ছাত্ৰ ছাত্ৰীক গছ জীয়াই ৰাখিবৰ কাৰণে শিক্ষা দিব লাগে৷প্ৰসংগক্ৰমে যাদৱ পায়েঙে উল্লেখ কৰে যে বিদ্যালয়সমুহত ছাত্ৰ ছাত্ৰীক পাঠদানৰ লগতে একো একোজোপা গছপুলি ৰোপন কৰিবলৈ দিব লাগে আৰু গছপুলিসমুহ জীয়াই ৰখাৰ বাবেও ছাত্ৰ ছাত্ৰীক জ্ঞান দিব লাগে কাৰণ সেই গছপুলিসমুহেই ভৱিষ্যতৰ দিনত প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত গুৰুত্ব প্ৰদান কৰিব আৰু নতুন প্ৰজন্মৰ বাবে সেই সমুহ গছ আশীৰ্বাদ স্বৰূপ হৈ উঠিব৷ইয়াৰোপৰি পূৰ্ৱৰ চ

আকাশবাণী নগাঁও কেন্দ্ৰত 'জ্ঞানমালিনী' উন্মোচন

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ নবেম্বৰঃ অনন্তবন শিশু সাহিত্য বঁটা প্ৰাপক বিশিষ্ট শিশু সাহিত্যিক মনোৰমা ভূঞাৰ আঠাইশতম গ্ৰন্থ "জ্ঞানমালিনী" শুকুৰবাৰে আকাশবাণী নগাঁও কেন্দ্ৰত উন্মোচন কৰা হয় ৷ নৱ প্ৰকাশিত এই গ্ৰন্থখনি আনুষ্ঠানিকভাবে শুভ উন্মোচন কৰে বিশিষ্ট শিশু সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্যই । এই মৰ্মে, এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হোৱা সভাখনিৰ আঁত ধৰে প্ৰতিষ্ঠিত কবি মদাৰজ্যোতিযে ৷ সভাত আকাশবাণী নগাঁও কেন্দ্ৰৰ মুৰব্বী পল্লৱী কলিতা, জ্যেষ্ঠ ঘোষক চিদানন্দ দেৱ গোস্বামী, প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথ, ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দীপ্তি দেৱী শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যাপক যতীন্দ্ৰ কুমাৰ পাৰৈ, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয়া গগৈ, সাহিত্যিক দূৰ্গেশ্বৰ বৰকটকী, নগাঁও জিলা কবি সন্মালনৰ উপদেষ্টা পুতুলী মুদৈ, নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মা, পদ্ম পাতৰ, প্ৰসেণজিত ৰয়, শংকৰ দাস, প্ৰদীপ বৰা, সাংবাদিক ৰাহুল দেৱ বৰদলৈ, নাচিৰ উদ্দিন আহমেদ, নাট্যকাৰ দীপক নাথ, হাচিনা মমতাজ, কৃষ্ণ দৈমাৰী, যুৱ আবৃত্তিকাৰ ৰূপম নাথকে প্ৰমূখ্যে বহুকেইজন গন্যমান

কৃষ্ণাইৰ ভেলাখামাৰত পথ দুৰ্ঘটনা

Image
গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ভেলাখামাৰত আজি দুপৰীয়া এক মটৰ চাইকেল দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত কুশদেৱ ৰায় নামৰ এজন যুৱক আহত হয় ৷ জানিব পৰা মতে, আজি পুৱা প্ৰায় ১১:৩০ বজাত কৃষ্ণাই লালাবৰী গড়কাপ্তানি পথেৰে এজন বন্ধুসহ নিজ মটৰ চাইকেল ( এ এছ১৮ এফ ৯৮৭৮) খনেৰে কৃষ্ণাই অভিমুখে আহি আছিল পাখিৰীগুৰিৰ কুশদেৱ ৰায় ৷ তেনে সময়তে ভেলাখামাৰৰ এক সংযোগী পথেৰে এজন কাপোৰ ফেৰীৱালা মূল পথত আহি উপস্থিত হয় ৷ হঠাতে আহি পথত উঠা ফেৰীৱালাৰ মটৰ চাইকেল (এ এছ ১৮ ডি ৪৭৭৯) খনক বচাবলৈ গৈ কুশদেৱ ৰায় মটৰ চাইকেলসহ চিটিকি গৈ পথৰ ওপৰত ৰখাই থোৱা ই-ৰিক্সা এখনত খুন্দা মাৰে ৷ ইয়াৰ ফলত যুৱক জন যথেষ্ট পৰিমাণে আঘাত প্ৰাপ্ত হোৱাৰ বিপৰীতে মটৰ চাইকেলখনৰ বিস্তৰ ক্ষতিসাধন হয় ৷ পৰিণতিত পথৰ ওপৰতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অৱশ্যে পিছত দুয়োপক্ষৰ বুজাবুজিত উপযুক্ত ক্ষতিপূৰণ আদায় কৰি ফেৰীৱালা জনক যাবলৈ দিয়াা হয় ৷ কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news report

ছাত্ৰ নেতা লাফিকুলৰ হত্যাকাণ্ডৰ তদন্তক লৈ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে--ৰেজাউল কৰিম সৰকাৰ

Image
বঙাইগাও ১৮ নবেম্বৰঃ ছাত্ৰ নেতা লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ তদন্তক লৈ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে বুলি মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷ আমছুৰ সভাপতিগৰাকীয়ে কয় যে লাফিকুলৰ হত্যাকাণ্ডকলৈ লাফিকুলৰ পৰিয়ালৰ লগতে অসম তথা বিটিচিৰ সংখ্যালঘু লোক সকলৰ মাজত এতিয়াও শোক মাৰ যোৱা নাই। কোকৰাঝাৰত দিন দুপৰতে যিদৰে ছাত্ৰ নেতাজনক নিৰ্মমভাৱে হত্যা কৰা হৈছিল সেয়া কোনেও পাহৰিব পৰা নাই। তেনে সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে তাক  আমছুৰ সভাপতিগৰাকীয়ে তীব্ৰ গৰিহণা দিয়ে। আমছুৰ নেতাজনে কয় যে -- হিমন্ত বিশ্ব শৰ্মাই ইমান তললৈ নামি নিম্ন খাপৰ ৰাজনীতি কৰিব বুলি কোনেও ভৱা নাছিল । লাফিকুলৰ পৰিয়ালে অধীৰ আগ্ৰহেৰে বাট  চাই আছিল যে চৰকাৰে তদন্ত কৰি হত্যাকাৰীক উলিয়াই শাস্তিৰ ব্যৱস্থা কৰিব আৰু তাৰ পিচত তেওঁলোকে কিছু হলেও মনত শান্তি পাব। কিন্তু  ঠিক তেনে সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্ব্বাচনি প্ৰচাৰত আহি কলে যে বিটিচিত বিজেপিৰ চৰকাৰ হলে লাফিকুলৰ হত্যাকাৰীৰ শাস্তিৰ ব্যৱস্থা কৰিব। চিবিআইয়ে হত্যাকাৰীক চিনাক্ত কৰিছে, গতিকে শাস্তি পাব হত্য

বঙাইগাঁৱত 'কা' বিৰোধী সমন্বয় সমিতিৰ আহ্বানত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

Image
বঙাইগাঁও ঃ ১৮ নৱেম্বৰঃ ' কা' প্ৰত্যাহাৰ আৰু চূড়ান্ত এন আৰ চি প্ৰকাশৰ প্ৰক্ৰিয়া  অনতিপলমে সম্পূৰ্ণ কৰা, 'কা' বিৰোধী সকলো কাৰাবন্দীক অতিশীঘ্ৰে মুক্তি দিয়া আৰু সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰাৰ দাবীত বুধবাৰে 'কা' বিৰোধী সমন্বয় সমিতি অসমৰ আহ্বানত বঙাইগাঁৱতো বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন কৰা হয় ৷ বঙাইগাঁও চহৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ গান্ধী ময়দানত ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলে হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ দেশৰ সংবিধান ৰক্ষা কৰক , নাগৰিকত্ব আইন ২০১৯ বাতিল কৰক ,অখিল গগৈ, দেবাংগনা কলিতাসহ সকলো 'কা ' বিৰোধী প্ৰতিবাদীক নিঃ চৰ্তে মুক্তি দিয়ক, 'কা' বিৰোধী সমন্বয় ,স্বৈৰাচাৰী সাম্প্ৰদায়িক বিজেপি চৰকাৰ হায় হায় , সাংবাদিকৰ ওপৰত আক্ৰমণ মানি লোৱা নহ'ব ,গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকতাৰ ওপৰত আক্ৰমণ মানি লোৱা নহ'ব , সাংবাদিকৰ মুক্তকণ্ঠ ৰোধ কৰিব বিচৰা বিজেপি চৰকাৰ হায় হায় শ্লোগানো দিয়ে ৷ ইপিনে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশিষ্ট অধিবক্তা তথা চি পি আই (এম)ৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ সম্পাদক হৰেশ্বৰ দাসে সংবাদ মাধ্যমৰ আগ

নগাঁও ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন

Image
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮নবেম্বৰঃ নগাঁও জিলাৰ অগ্ৰণী কাৰিকৰী প্ৰতিষ্ঠান নগাঁও ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ২০২০-২১ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন বুধবাৰে শান্তিপূৰ্ণ ভাৱে সমাপ্তি ঘটে ৷ এই বৰ্ষৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াৰ পদত সাধাৰণ সম্পাদক হিচাপে নিতুপম কোৱৰ, সাংস্কৃতিক সম্পাদক হিচাপে কৌশিক গন্ধিয়া, ক্ৰীড়া সম্পাদক হিচাপে নীল মাধব বৰুৱা আৰু স্বচ্ছ অভিযান সম্পাদক হিচাপে ৰাজেশ শইকীয়া নিৰ্বাচিত হয় ৷ এই নিৰ্বাচন প্ৰক্ৰিয়া প্ৰতিষ্ঠানৰ জেষ্ঠ অধ্যক্ষ অম্বিৰাম মালাকাৰৰ লগতে প্ৰতিষ্ঠানৰ প্ৰশিক্ষকসকলে সুচাৰুৰূপে পৰিচালনা কৰে

ৰঙিয়া মহকুমাৰ কমলপুৰ আৰু ৰঙিয়া সমষ্টিৰ ২০২১ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

Image
প্ৰতিবেদক, ৰঙিয়া , ১৮ নৱেম্বৰঃ ভাৰতৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা মৰ্মে আগন্তুক ২০২১ বৰ্ষৰ পহিলা জানুৱাৰীক ভিত্তি বৰ্ষ হিচাপে লৈ ৫৬ নং কমলপুৰ বিধান সভা সমষ্টি আৰু ৫৭ নং ৰঙিয়া বিধান সভা সমষ্টিত আজি সংক্ষিপ্ত সংশোধনী খচৰা ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ পায়। সংশোধনী সূচী মৰ্মে  আজি ১৮ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰ  ২০২০ ভিতৰত ভোটাৰ সকলে নিজৰ দাবী আৰু আপত্তিৰ আবেদন দাখিল কৰিব লাগিব আৰু ৫ জানুৱাৰী ২০২১ তাৰিখ বুধবাৰে দাবী, আপত্তি সমূহৰ নিষ্পত্তি কৰণ কৰা হব। আৰু  নৱবৰ্ষৰ ১৫ জানুৱাৰী শুক্ৰবাৰে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব ।ৰঙিয়া মহকুমাৰ মহকুমাধিপতি তথা জিলা নিৰ্বাচন বিষয়া স্বপ্নীল পালৰ নিৰ্দেশ মৰ্মে আজি কমলপুৰ সমষ্টিৰ বাবে কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত মহকুমা নিৰ্বাচনী বিষয়া হৃদয় কুমাৰ দাস, নিৰ্বাচন পঞ্জীয়ন বিষয়া তথা চক্ৰ বিষয়া ডঃ অংকিতা শৰ্মা, সহ:নিৰ্বাচন পঞ্জীয়ন বিষয়া সমূহ আৰু খণ্ড পৰ্য্যায়ৰ বিষয়া পৰ্যবেক্ষক সমূহৰ উপস্থিত খচৰা ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ বিপৰীতে ৰঙিয়া সমষ্টিৰ বাবে ৰঙিয়া ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ত নিৰ্বাচন পঞ্জীয়ন বিষয়া তথা ৰাজহ চক্ৰ বিষয়া চন্দন বৰগোহাঁই, সহ

ৰাইদঙীয়াত মহিলা কংগ্ৰেছৰ বিশাল কৰ্মী সভা

Image
 ৰাইদঙীয়াত মহিলা কংগ্ৰেছৰ বিশাল কৰ্মী সভা≈≈বৰ্তমান অসমত সাংবাদিকৰ সুৰক্ষা নাই--সাংসদ গৌৰব গগৈ# নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৮ নবেম্বৰঃ "জাতি-মাটি-ভেটিৰ কথা কৈ ৰাইজক পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ নমুনা ইতিমধ্যে ৰাইজে দেখা পাইছেই ৷ দুৰ্নীতিমুক্ত অসমৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতেই অধিক দুৰ্নীতি হৈছে ৷ সকলো বস্তুটোৰে পৰ্বতসম মূল্যবৃদ্ধি হৈছে ৷ মূল্যবৃদ্ধিত সৰ্বসাধাৰণ ৰাইজ পেপুৱা লাগিছে ৷ আনকি বিজেপি চৰকাৰৰ দিনতেই চিণ্ডিকেট আৰু মাফিয়াৰাজ অধিক চলিছে ৷ এই চৰকাৰৰ দিনতেই আকৌ এটা নতুন চিণ্ডিকেট চলিছে ৷ সেইটো হৈছে চৰকাৰী চাকৰিৰ বাবে পতা পৰীক্ষাৰ চিণ্ডিকেট ৷ সকলোতে কেৱল মাফিয়াৰাজ আৰু চিণ্ডিকেট ৷ এইবোৰত বিজেপিৰ বহু নেতা জড়িত ৷ সেয়ে এইবোৰৰ বিৰুদ্ধে বিজেপি নেতাই মাত নামাতে ৷ কিন্তু কংগ্ৰেছে মাত মাতি আহিছে এইবোৰৰ বিৰুদ্ধে ৷" এই মন্তব্য কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰব গগৈৰ ৷ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইদঙীয়াত বুধবাৰে দলংঘাট আৰু বটদ্ৰৱা ব্ল’ক মহিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত বিশাল কৰ্মীসভাত অংশগ্ৰহন কৰি সাংসদগৰাকীয়ে শাসকীয় বিজেপি দলক ক্ষুৰধাৰ সমালোচন

চৰকাৰী অনুদানৰপৰা বঞ্চিত জামুগুৰিহাটৰ প্ৰথমখন সত্ৰ

Image
#বাঁহৰ বেৰা দি গুৰুজনাৰ সৃষ্টিৰাজীৰ চৰ্চা শ্ৰী শ্ৰী দৌকাচাপৰি সত্ৰত ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৮ নৱেম্বৰ:গুৰুজনাৰ সৃষ্টিৰাজীক প্ৰচাৰ প্ৰসাৰৰ লগতে সেই সৃষ্টিৰাজীসমুহক চৰ্চাৰ দিশত সত্ৰসমুহৰ ভূমিকা অপৰিসীম৷যাৰবাবে চৰকাৰেও সত্ৰসমুহৰ উন্নয়ণ তথা সৃষ্টিৰাজীসমুহ চৰ্চাৰ বাবে অনুদান আগবঢ়াই আহিছে৷কিন্তু চৰকাৰী এনে সাহাৰ্যৰপৰা যেন বঞ্চিত হৈ আহিছে জামুগুৰিহাটৰ প্ৰথমখন সত্ৰ হিচাপে খ্যাত শ্ৰীশ্ৰী দৌকাচাপৰি সত্ৰ৷১৭১৭ চনতে স্থাপিত জামুগুৰিহাটৰ দৌকাচাপৰি সত্ৰ খনে বিগত তিনিশ বছৰে গুৰুজনাৰ সৃষ্টিৰাজীসমুহ চৰ্চাৰ দিশত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে যদিও বাৰে বাৰে সত্ৰখন চৰকাৰী অনুদানৰপৰা বঞ্চিত হৈ অহাৰ অভিযোগ উল্থাপন হৈছে৷অঞ্চলটোৰ কেবাখনো সত্ৰৰ তুলনাত প্ৰথমখন সত্ৰ হিচাপে স্থাপন হোৱা শ্ৰীশ্ৰী দৌকাচাপৰি সত্ৰখনৰ চৌদিশৰ পৰিৱেশটোৱেই প্ৰকট কৰে যে কিমান কষ্ট ত্যাগ কৰি সত্ৰখন জীয়াই ৰাখিছে বৰ্তমান সত্ৰাধিকাৰৰ দায়িত্বত থকা ব্যক্তিগৰাকীয়ে৷বৃহৎ সত্ৰখনত চৌপাশে বাঁহৰ চোঁচ কাটি বেৰাৰে ঢাকি চৰ্চা অব্যাহত ৰাখিছে বৰ্তমানৰ সত্ৰাধিকাৰৰ দায়িত্বত থকা সত্ৰাধিকাৰ ৰাজেন গোস্বামীয়ে৷অন্যান্য সত্ৰই সত্ৰৰ উন্নয়নৰ বাবে চৰকাৰী স

ভাৰতৰ পিছপৰা শিক্ষাৰ্থীৰ আভিযান্ত্ৰিক স্বপ্নক পূৰ কৰিবলৈ টাটা মটৰছৰ অভিলাষ

Image
ষ্টাফ ৰিপ'ৰ্টাৰ,,,১৭ নৱেম্বৰ টাটা মটৰছ এ অৱন্তি ফেল' এন.জি.ও ৰ সহযোগত পিছপৰা শিক্ষাৰ্থীসকলক নীট,আইআইটি জেইই মেইন্স আৰু আইআইটি জেইই এডভান্স ৰ দৰে প্রতিযোগিতা মূলক পৰীক্ষাৰ বাবে বিশেষ প্ৰশিক্ষণ শ্ৰেণী আৰু অনুশীলন ব্যৱস্থা গ্ৰহণ কৰিছে। এই বছৰত,৪৩ গৰাকী শিক্ষাৰ্থীয়ে এই অনুষ্ঠানৰ দ্বাৰা প্ৰশিক্ষিত হৈ আইআইটি জেইই মেইন্সত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে আৰু ২৭ গৰাকীয়ে জেইই এডভান্সত উত্তীৰ্ণ হ'ব পৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ জেএনভি কেন্দ্ৰ সমূহত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে অনুষ্ঠিত হোৱা, এই অনুষ্ঠানৰ লক্ষ্য হ'ল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি ধাউতি থকা যুৱ মানস সকলক চিনাক্ত কৰি আৰু প্ৰশিক্ষণ দি তেওঁলোকৰ কেৰিয়াৰ সুনিশ্চিত কৰা। এই সন্দৰ্ভত টাটা মটৰছৰ চিএসআৰ শীৰ্ষ বিষয়া বিনোদ কুলকাৰ্ণীয়ে কয়"-আমাৰ এই অনুষ্ঠানৰ দ্বাৰা আমি প্ৰতিভাশালী যুৱ ব্যক্তি সকলৰ কেৰিয়াৰ তুৰাম্বিত কৰিবলৈ লক্ষ্য কৰি লৈছোঁ, যিয়ে ভৱিষ্যতে দেশক আগবঢ়াই নিবলৈ অৱদান আগবঢ়াব"। উল্লেখযোগ্য যে, টাটা মটৰছে দেশজুৰি অন্যান্য বিভিন্ন পদক্ষেপ হাতত লৈছে, পিছপৰা শ্ৰেণীক সহায় আগবঢ়াবলৈ সম্পদ আৰু অনুষ্ঠানিক সাহাৰ

জামুগুৰিহাটৰ সাংস্কৃতিক কৰ্মী জুমণি শইকীয়াৰ স্মৃতিত নিৰ্মান হ’ব প্ৰেক্ষাগৃহ

Image
আদ্যশ্ৰাদ্ধৰ দিনটোত শিল্পীগৰাকীক সোঁৱৰণ৷ #স্মৃতিগ্ৰন্থ “বিষাদ গাঁথা” উন্মোচন ফাৰ্ষ্ট নিউজ,জামুগুৰিহাট,১৭ নৱেম্বৰ:জীৱন আৰু মৃত্যু এক অৱধাৰিত প্ৰক্ৰিয়া৷জন্ম হোৱা জনৰ মৃত্যুও অনিবাৰ্য৷তথাপিও কিছুমান মৃত্যুৰ সংবাদ আমাৰ বাবে অসহনীয় হৈ উঠে৷প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ভৱিষ্যত এটা হেৰাই গ’ল অকালতে৷সংস্কৃতিৰ পথাৰখনত জুমনিৰ অভাৱ অনুভৱ হ’ব বহুদিনলৈ৷এই মন্তব্য নদুৱাৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ কুমাৰ বৰাৰ৷আজি জামুগুৰিহাটৰ উদীয়মান সাংস্কৃতিক কৰ্মী জুমণি শইকীয়াৰ মৃত্যুৰ আদ্যশ্ৰাদ্ধ দিনটোৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এখনি স্মৃতিচাৰণ সভাত “বিষাদ গাঁথা জুমণিৰ সজল সোঁৱৰণ" শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰি এইদৰে কয় উন্মোচক ৰাজীৱ কুমাৰ বৰাই৷বিয়লি প্ৰয়াত শিল্পীগৰাকীৰ কোছগাঁৱৰ বাসগৃহত অসম সত্ৰ মহাসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক ভৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতিচাৰণ সভাখনত স্মৃতিচাৰণ কৰে কোঁছগাঁও গাঁও উন্নয়ন সমিতিৰ সভাপতি প্ৰদীপ শইকীয়া,ভৰলীপৰীয়া সাংস্কৃতিক গোষ্ঠীৰ উপদেষ্টা তথা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ড° দিলীপ কুমাৰ ভূঞা,অসম সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতা,জামুগুৰি সাহ