ৰঙাচকুৱা অঞ্চলৰ জেষ্ঠ সমাজকৰ্মী তথা শিক্ষক ৰাজীৱ শৰ্মাৰ প্ৰায় দুশৰো অধিক শিক্ষাৰ্থীক বিনামুলীয়াকৈ মাক্স বিতৰণ

শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিস্থিত ৰঙাচকুৱা অঞ্চলৰ জেষ্ঠ সমাজকৰ্মী তথা শিক্ষক ৰাজীব শৰ্মাই চৰকাৰে নিৰ্ধাৰিত কৰা নিয়ম অনুসৰি কভিড পৰ্টকল মানি চলি বিদ্যালয়সমুহ খোলাৰ সময়তে ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে ৰঙাচকুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰায় দুশৰো অধিক শিক্ষাৰ্থীক সম্পূৰ্ণ বিনামুলীয়াকৈ মাক্স বিতৰণ কৰাৰ পদক্ষেপ সচাঁই প্ৰশংসনীয় । ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অঞ্জন বৰা, নাৰায়ন প্ৰখেল, ৰাজেন শৰ্মাৰ তত্বাৱধানত অঞ্চলৰ জেষ্ঠ সমাজকৰ্মী তথা শিক্ষক ৰাজীৱ শৰ্মাই মেডিকেল যুক্ত তিনিতৰপীয়া মাক্স সমুহ প্ৰদান কৰে । ৰাজীৱ শৰ্মাই জানিবলৈ দিয়ে যে দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীসকল মাক্স নোহোৱাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাই । তেওঁৰ এনে ব্যতিক্ৰমী পদক্ষেপৰ বাবে অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে ।
জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা