ৰঙিয়া সদৰ আৰক্ষী থানাত শিশু হিতৈষী কেন্দ্ৰ মুকলি

অংশগ্ৰহণ কৰে  ন্যায়াধীশ উৎজ্বল ভূঞা, আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত 
প্ৰতিবেদক, ৰঙিয়া , ২০ নৱেম্বৰঃ
ৰঙিয়া সদৰ আৰক্ষী থানাত আজিৰে পৰা আৰম্ভ হল শিশু হিতৈষী কেন্দ্ৰ। আন্তৰ্জাতিক শিশু দিৱসৰ লগত সংগতি ৰাখি এই কেন্দ্ৰটো আনুষ্ঠানিক ভাবে মুকলি কৰে বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উৎজ্বল ভূঞা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই । বি বি এ নামৰ সংস্থাটোৰ পুৰ্ণ সহযোগত কামৰূপ মহানগৰ আজাৰা থানাৰ পিচতে ৰঙিয়া আৰক্ষী থানাত আৰম্ভ কৰা হয় শিশুৰ হৈতৈষী কেন্দ্ৰ । অসম আৰক্ষীৰ উদ্যোগত স্থাপন কৰা এই কেন্দ্ৰটো শুভ উদ্বোধনৰ  পিচতে আৰক্ষী থানাৰ চৌহদতে এখন সভা অনুষ্ঠিত হয় । সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে  ন্যায়াধীশ উৎজ্বল ভূঞা, আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত  অসম আৰক্ষীৰ প্ৰশাসনিক বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান হৰমীত সিং, কামৰূপ উপায়ুক্ত কৈলাশ কাৰ্তিক এন, কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক প্ৰাৰ্থ সাৰথি মহন্ত আৰু বস্পন বচাও চমুকৈ বি বি এ  আন্দোলনত জড়িত ডঃ ৰশ্মি শৰ্মাই। উল্লেখ্য যে ১৯৫৪ চনৰ পৰা ইউনিচেফে ২০ নবেম্বৰৰ দিনটো বিশ্ব শিশু দিৱস হিচাপে পালন কৰি আহিছে।আনহাতে শিশু হিতৈষী কেন্দ্ৰটো উদ্বোধন কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত কয় যে বিশেষ কক্ষটো আমি আজিৰ পৰা আৰম্ভ কৰিছো। NCPCIৰ নীতি-নিয়ম অনুসৰি যাতে তেঁওলোকে এটা বন্ধুত্বসুলভ পৰিৱেশ পাই, যত তেওঁলোকৰ মনবোৰ ভালে থাকিব। কেতিয়াবা কিছুমান শিশুৱে বেয়া কামো কৰে, তেওঁলোকক যদি ধৰি আনি ডাঙৰবোৰৰ লগত লকআপত থয় তেনেহলে তেওঁলোক বেয়াহে হ'ব।গতিকে  তেওঁলোকে যাতে কোনো অসুবিধা নেপায় তাৰ বাবে বহিবলৈ চকী, খেলিবলৈ ফুটবল, বাস্কেটবল, ছবি আকিব পৰা সামগ্রী ইত্যাদি ৰখা হৈছে। এনেক্ষেত্ৰত কামৰূপ পুলিছে যথেষ্ট ভুমিকা অৱলম্বন কৰিছে বুলি সঞ্চালক প্ৰধান গৰাকীয়ে কয়। 
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা