বটদ্ৰৱাত মিঞা পাব্লিক স্কুলৰ বিৰোধীতাৰে এবিভিপিৰ উপায়ুক্তক স্মাৰক পত্ৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২ নবেম্বৰঃ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাত "মিঞা পাব্লিক স্কুল" নামেৰে পাঁচখনকৈ স্কুল আৰম্ভ কৰাৰ তীব্ৰ বিৰোধীতাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলা সমিতিয়ে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হৈ নগাঁও জিলা সংযোজক মৃত্যুঞ্জয় কুমাৰ মাহাতো, ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্যা ৰূপশ্ৰী গগৈ, নগাঁও জিলাৰ ছাত্রী প্ৰমুখ নিৰ্মালি ডেকা, হাতীচোং শাখাৰ সম্পাদক মাধূৰ্য্য প্ৰতিম শইকীয়া, দিম্পাকৰ দাসকে প্ৰমুখ্য কৰি কেইবাগৰাকী কাৰ্য্যকৰ্তাক লৈ গঠিত এটি সজাতি দলে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত দেবাহুতি বৰাৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা