গোৱালপাৰাৰ টুকুৰাত ভয়ংকৰ পথ দুৰ্ঘটনাঃনিহত ১; আহত ৪

গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত টুকুৰাত আজি পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এখন এল্ট" আৰু অটোৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা ৷ শ্ৰীশ্ৰীটুক্ৰেশ্বৰী মন্দিৰৰ প্ৰায় সমুখতে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত এই দুৰ্ঘটনাত বলেন্দ্ৰ ছেত্ৰী নামৰ লোক এজন থিতাতে নিহত হয় ৷ ঘটনাটোত আন ৪ জন লোক গুৰুতৰ ভাৱে আহত হয় ৷ নিহত লোক জন মেঘালয়ৰ তুৰাৰ বেলডাপাৰাৰ বুলি জানিব পৰা গৈছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news repprt

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা