নগাঁৱৰ হাতীচোঙত নামঘৰ প্ৰতিষ্ঠা≈≈গুৰুজনাৰ আদৰ্শ মানি চলাটো আমাৰ দায়িত্ব

নগাঁৱৰ হাতীচোঙত নামঘৰ প্ৰতিষ্ঠা≈≈গুৰুজনাৰ আদৰ্শ মানি চলাটো আমাৰ দায়িত্ব#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৮ নবেম্বৰঃ নগাঁও জিলাৰ হাতীচোং কমাৰচুকত দেওঁবাৰে এটি নামঘৰ প্ৰতিষ্ঠা কৰা হয় ৷ এই মৰ্মে ক’ভিড প্ৰট’কল মানি অনুষ্টুপীয়াকৈ আয়োজিক এক অনুষ্ঠানত একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় প্ৰচাৰ সচীব ডেভিদ দাস উপস্থিত থাকি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বৈকুণ্ঠৰ পৰা নামঘৰ তথা কৃষ্টি-সংস্কৃতি পৃথিৱীলৈ নমাই আনি মানৱ জাতিৰ উন্নতি কৰি গৈছে। সেয়ে আমি গুৰুজনাৰ সেই আদৰ্শ মানি চলাটো আমাৰ দায়িত্ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ দাসে নামঘৰটি প্ৰতিষ্ঠা কৰা গৃহস্থ তথা ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান মাধৱানন্দ দাস আৰু কৃতী শিক্ষক মৃণাল কান্তি দাসক গামোচা আৰু চেলেং পিন্ধাই মহাপুৰুষজনাৰ আদৰ্শক সাৰোগত কৰি এনেদৰে গুৰুজনাৰ শ্ৰৱণ-কীৰ্তন প্ৰসাৰৰ বাবে আগবাঢ়ি অহা কাৰ্যৰ শলাগ লয় ৷ কাৰ্যসূূূূচী অনুসৰি পুৱাৰ ভাগত বন্তি প্ৰজ্বলন, ঘোষা পৰিবেশন, পুথি পাঠ আৰু খোল প্ৰসংগৰ অন্তত বিয়লি দিহানাম পৰিবেশন কৰা হয় ৷
================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা