নাৰী সবলীকৰণৰ সন্দৰ্ভত কুসুমটোলা প্ৰাথমিক বিদ্যালয়ত এখন বিশেষ সভা সম্পন্ন
নাৰী সবলীকৰণৰ সন্দৰ্ভত চতিয়া সমষ্টিৰ অন্তৰ্গত কুসুমটোলা প্ৰাথমিক বিদ্যালয়ত এখন বিশেষ সভা সম্পন্ন হয় । উক্ত সভাত উপস্থিত থাকে নাৰী সবলীকৰণৰ ৰাজ্যিক আহ্বায়ক সু চুচমা হাজৰিকা, "জীৱিকা" আত্ম সহায়ক গোটৰ সভাপতি দিপা দাস, উদ্যোক্তা বিৰতী বৰঠাকুৰৰ লগতে অঞ্চলৰ প্ৰায় ২০ গৰাকীকৈ মহিলা । উক্ত সভাত ৰাজ্যিক আহ্বায়ক সু চুচমা হাজৰিকাই ভাষন প্ৰসংগত নাৰী সবলীকৰণৰ সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তৱ্য প্ৰদান কৰে তাৰে ভিতৰত হৈছে নাৰী সুৰক্ষা তথা কিশোৰী যুৱতী সকলক আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰা আৰু নাৰী স্বাৱলম্বন, অবিবাহিত তথা বিধৱা মহিলাক আৰ্থিক সংস্থাপন আৰু নিৰাপত্তা প্ৰদানৰ বাবে কাম কৰাৰ উপৰিও কন্যা শিশুৰ উন্নয়ন আৰু বৌদ্ধিক বিকাশৰ বাবে কাম কৰা ।
জামুগুৰিহাটৰ পৰা জোন বৰা।
Comments
Post a Comment