ৰঙিয়াত আত্মসমৰ্পণ কৰলে দুৰ্ধৰ্ষ আলফা নেতা দৃষ্টি ৰাজখোৱা সহ সতীৰ্থই

প্ৰতিবেদক, ৰঙিয়া ১২ নৱেম্বৰঃ আলফা স্বাধীনৰ উপ মুখ্য সেনাধক্ষ্য  দৃষ্টি ৰাজখোৱা ওৰফে মনোজ ৰাভাই  আজি ৰঙিয়াস্থ ৰেড হৰ্ণ ডিভিচনৰ সেনা চাউনিত আত্ম সমৰ্পন কৰে । আবেলি প্ৰায় ৪ বজাত আলফাৰ দুধৰ্ষ  কেডাৰ ৰাজখোৱা সহ চাৰিজন আত্মসমৰ্পণকাৰী আলফা সদস্যক এক সংবাদ মেলত সাংবাদিক সকলৰ আগত হাজিৰ কৰায়। ইউনিফাইড কমাণ্ডৰ উদ্যোগত অনুষ্ঠিত এই সংবাদমেলত  সেনাৰ ৰেড হৰ্ণ ডিভিচনৰ জি অ চি দীপক মেহৰা, ডিপুটি জি অ চি ব্ৰীগেডিয়াৰ টেজেন্দ্ৰ পাল সিং কনচেলৰ, অসম আৰক্ষীৰ বিশেষ শাখাৰ মহা নিৰ্দেশক (IGP) হিৰেণ নাথ ৰ লগতে সেনাৰ বহু উচ্চপদস্থ বিষয়া উপস্থিত থাকে । আলফা স্বাধীনৰ  স্বয়ম্ভু  উপ মুখ্য সেনাধক্ষ্য জনৰ লগতে আলফা স্বাধীনৰ ৰূপজ্যোতি অসম, ইয়াচিন অসম, ৰংগিলা অসম আৰু ৰাহুলেও একেলগে  আত্মসমৰ্প কৰে। আলফা কেডাৰ সকলে  এটা একে ৮১ ৱাকীটকী, মোবাইল চাৰিটা, পিষ্টল দুটা, বহু পৰিমানৰ সজীৱ গুলী, আলফা স্বাধীনৰ পেড, লগতে বৃহৎ পৰিমাণৰ  বোমা বনোৱা ফিউজৰ লগতে প্ৰয়োজনীয়া সামগ্ৰী জমা দিয়ে। আত্মসমৰ্পনক কেন্দ্ৰ কৰি ৰঙিয়াত সেনাৰ বিশেষ তৎপৰতা পৰিলক্ষিত হৈছে।  বৰ্তমানে তেওঁলোকক  ৰঙিয়াৰ সেনা বাহিনীৰ ৰেড হৰ্ণ ডিভিজনত ৰখা হব বুলি জনা গৈছে। সংবাদ মেলত অসম আৰক্ষীৰ শীৰ্ষ বিষয়া হীৰেন নাথে কয় যে   পৰেশ বৰুৱা এতিয়া দৃষ্টিহীন হল  । অসম আৰক্ষী,  মেঘালয় আৰক্ষী আৰু ভাৰতীয় সেনা বাহিনীৰ যুটীয়া অভিযানত  অন্তত আলফা নেতাজনে আত্ম সম্পৰ্পণ কৰিলে বুলি তেওঁ জানিবলৈ দিয়ে।  উল্লেখ্য আজি পুৱাা আত্মসমৰ্পণকাাাৰী দুৰ্ধৰ্ষ আলফা সদস্য সকলক সেনাৰ বিশেষ হেলিকপ্টাৰ যোগে ৰঙিয়াত  লৈ অনা হয়।

প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা