গোৱালপাৰাৰ মাটিয়াত সাংস্কৃতিক কৰ্মশালাঃ খোল, বৰগীত আৰু দিহানামৰ কৰ্মশালাত অংশগ্ৰহণ কৰিলে ভিন্ন প্ৰান্তৰ শতাধিক শিক্ষাৰ্থী

শ্ৰী মন্ত শংকৰদেৱ সংঘৰ গোৱালপাৰা জিলা শাখাৰ উদ্যোগত পশ্চিম মাটিয়া মিলনপুৰ কৃষ্ণ নামঘৰ প্ৰাংগণত খোল, বৰগীত আৰু দিহানামৰ এক কৰ্মশালা অনুষ্ঠিত হৈ যায় ৷  দুদিনীয়া  কৰ্মশালাখনি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সমাজকৰ্মী দীপক কুমাৰ নাথে । উক্ত অনুষ্ঠানত জিলা সংঘৰ সভাপতি,সম্পাদক ক্ৰমে প্ৰদীপ নেওগ, ভদ্ৰ কান্ত দাসৰ লগতে বিভিন্ন আঞ্চলিক সংঘৰ বিষয় -ববীয়া সকল উপস্থিত থাকে । দলগোমা , মাটিয়া প্ৰাথমিক শাখাৰ আতিথ্যত চলা এই কৰ্মশালাখনিত বিশেষভাবে সহায় - সহযোগিতা আগবঢ়ায় কন্দৰ্প কুমাৰ সাউদ, মেঘনাদ নাথ, কমলা দাস, তাৰাপদ দাস আৰু চুকু দাসে । অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া উক্ত কৰ্মশালা খনে অঞ্চলটোত ধাৰ্মিক আৰু সাংস্কৃতিক দিশত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিছে ৰাইজে ।


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা