তুলসীমুখত পোষণ বাগিছা উন্নয়ণ সম্পৰ্কত আলোচনা চক্ৰ সম্পন্ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ নবেম্বৰ: নগাঁও জিলাৰ বেবেজীয়াৰ দাঁতি কাষৰীয়া তুলসীমুখত পাখিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত বৃহস্পতিবাৰে "পোষন বাগিচা উন্নতিকৰণ আৰু কৃষি ক্ষেত্ৰত বৈজ্ঞানিক উৎপাদন" শীৰ্ষক এক আলোচনা সভা অনুষ্ঠিত হয়। এই আলোচনাত অংশগ্ৰহণ কৰি নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড. নিৰঞ্জন ডেকাই কয়--কৃষি অৰ্থনীতিৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক বুনিয়াদ গঢ়ি তুলিব লাগিব। কৃষকতকৈ ডাঙৰ কোনো নাই বুলি মন্তব্য কৰি ডেকাই লগতে কয়--কৃষক অবিহনে আমাৰ সমাজখন বৰ্তি থাকিব নোৱাৰে। কৃষকে উৎপাদন কৰা খাদ্য খাইয়েই আমি সকলোবোৰ জীয়াই আছো। বৰ্তমান সময়ত চাহিদা অনুসৰি কৃষক সকলে অধিক উৎপাদন কাৰ্যত বৰ্তি হ'ব লাগিব। শৰীৰৰ ক্ষতিসাধন কৰা ৰাসায়নিক সাৰৰ পৰিবৰ্তে জৈৱিক সাৰ প্ৰয়োগ কৰা উচিত। জৈৱিক পদ্ধতিৰে খেতি কৰি অধিক উৎপাদন কৰাৰ লগতে উন্নত ফলাফল লাভ কৰিব পৰা যায়। জৈৱিক পদ্ধতিৰে উৎপাদন কৰিলে বিশেষ ক্ষতি‌ নহয় বুলিও তেওঁ মন্তব্য কৰে। অনুষ্ঠানত কৃষি বিশেষজ্ঞ আচফিকা ইছলাম, পাখিমৰীয়া সংহত শিশু উন্নয়ন বিষয়া ৰানু বৰুৱা, সাংবাদিক দেৱজিৎ হাজৰিকা, নগাঁও জিলা দুগ্ধ উৎপাদক সমবায় সমিতিৰ সভাপতি বিৰিঞ্চি কাশ্যপ, তুলসী দেওৰী গাঁও পঞ্চায়তৰ সভাপতি ভদ্ৰ কান্ত দাস আদিয়ে ভাষন দিয়ে। অংকিতা শৰ্মাৰ গীতেৰে শুভাৰম্ভ হোৱা সভাখনিত কৃষি সহযোগী বিষয়া হৰি নাৰায়ন গোস্বামী, কৃষি সম্প্ৰসাৰণ বিষয়া দিব্যজ্যোতি দাসৰ লগতে ৰুণজুণ শইকীয়া, জোনালী বৰুৱা, কাঞ্চন শইকীয়া, মুখ্য সেৱীকা উপমা শৰ্মা বৰুৱা, নয়ন বৰা, ৰিদিশা শইকীয়া, থানেশ্বৰ শৰ্মা, মৌচুমী বৰাকে আদি কৰি অংগনবাড়ী কৰ্মী আৰু অঞ্চলৰ শতাধিক কৃষক ৰাইজ উপস্থিত থাকে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা