ডি২এইছ এ সম্প্ৰসাৰণ কৰিলে ইয়াৰ ব্যৱসায়িক লক্ষ্য, উজনি অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যলৈ সেৱা আৰম্ভ



ষ্টাফ ৰিপোৰ্টাৰ,,২০ নৱেম্বৰ
ডিশ্ব টিভি ভাৰত লিমিটেডৰ ব্ৰেণ্ড ডি২এইছ এ উজনি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য সমূহলৈ ইয়াৰ ব্যৱসায়িক লক্ষ্য সম্প্ৰসাৰণ কৰি নিয়মিত ভাৱে বৃদ্ধি হৈ থকা কোম্পানীৰ গ্ৰাহক  সকলক শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি সম্পূৰ্ণ বিনোদন প্ৰদানৰ প্ৰতিশ্ৰুতি পালন গুৰুতৰভাৱে গ্ৰহণ কৰিছে। উজনি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য সমূহলৈ ইয়াৰ মুকলিৰ লগে লগে ডি২ এইছ এ লগতে লৈ আনিছে প্ৰযুক্তি  সমৃদ্ধ উন্নত এইছডি ছেট-আপ বাকচ যাৰ লগত এটি ওমনি নিৰ্দেশিত ৰিমোট আৰু সংযোজক উপলব্ধ যিয়ে ইন্টাৰনেটত উপলব্ধ বিনোদন উপভোগত সহজ কৰি তুলিব। এই সন্দৰ্ভত ডিছ টিভি ভাৰত লিমিটেডৰ কাৰ্যবাহী সঞ্চালক আৰু দলীয় মুখ্য কাৰ্যবাহী বিষয়া অনিল ডুৱা ই কয়"-উচ্চ স্বাক্ষৰতাৰ হাৰ আৰু আৰু ক্ৰীড়া আৰু সংগীতৰ প্ৰতি অনুৰাগ পূৰ্ণ এই অঞ্চলটিয়ে আমাৰ ব্ৰেণ্ড সমূহক অসাধাৰণ সম্ভাৱনা আগবঢ়াইছে। আমাৰ বিভিন্ন লাইভ চেনেল আৰু সেৱা সকলো প্ৰকাৰৰ জনসংখ্যাৰ বাবে আকৰ্ষণীয় হ'ব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা