অসমত পাকিস্থান জিন্দাৱাদ নচলিব : পদ্ম হাজৰিকা

জামুগুৰিহাটত এবিভিপিৰ কাৰ্য্যালয় উদ্ধোধন বিধায়ক পদ্ম হাজৰিকাৰ ৷

 অসমত পাকিস্থান জিন্দাৱাদ নচলিব ৷ ইয়াত বন্দে মা তৰম আৰু জয় আই অসমহে চলিব ৷ এই মন্তৱ্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ আজি সমষ্টিটোৰ অন্তৰ্গত জামুগুৰি ব্যৱসায়িক কেন্দ্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ জামুগুৰিহাট শাখাৰ এটি স্থায়ী কাৰ্য্যালয়ৰ দ্বাৰ উন্মোচন কৰি  বিধায়ক পদ্ম হাজৰিকাই আৰু কয়-অসমৰ বায়ু পানী খাই পাকিস্থান বাংলাদেশৰ চিন্তাত থকা সকল আমাৰ ঘোৰ শত্ৰু ৷ আমাৰ মাটি, আমাৰ সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই অনা সকল  জাতিৰ শত্ৰু ৷ এনে শত্ৰুক অসমৰ পৰা পুলিয়ে-পোখালিয়ে আতৰাই পঠিয়াব লাগিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ জামুগুৰিহাট শাখাৰ সম্পাদক বিষ্ণু দাসে আত ধৰা অনুষ্ঠানটিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ  ৰাজ্যিক যুটীয়া সম্পাদক পলয় কুমাৰ বড়ো,জামুগুৰি শাখাৰ সভাপতি ড°তিলক শৰ্মা,সহকাৰী সম্পাদক ওম প্ৰকাশ দাস,বিবেক পাল ,বৰুণ নাথে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ দৰ্শন,লক্ষ্য উদ্দেশ্যৰ ওপৰত  বক্তৱ্য আগবঢ়ায় ৷ সভাত উপস্থিত থাকে  এবিভিপিৰ শোণিতপুৰ জিলাৰ সমন্বয়ক দ্বিপজ্যোতি দাস প্ৰমুক্ষে কৰি বিভিন্নজন ৷
জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা