আছাম ষ্টাৰ্টআপতঅ' এছ কে ফুড এপ মুকলি



ষ্টাফৰিপোৰ্টাৰ, ১৩ নৱেম্বৰ :  গুৱাহাটীস্থিত খাদ্য প্ৰযুক্তিৰ ষ্টাৰ্ট আপ অ' এছ কে ফুড এণ্ড টেকন'ল'জি প্ৰাইভেট লিমিটেডে শুকুৰবাৰে
অ' এছ কে ফুড এপ  আমবাৰীস্থিত 
দা নেষ্ট (আছাম ষ্টাৰ্ট আপ) ত মুকলি কৰে । এই মুকলি অনুষ্ঠানত অ' এছ কে ফুড এণ্ড টেকন'ল'জি প্ৰাইভেট লিমিটেডৰ মুখ্যকাৰ্যবাহী বিষয়া ৰাহুল হাজৰিকাই কয় '  আমি বিগত তিনি বছৰ ধৰি গুৱাহাটীৰ মহানগৰীত গুণগত মানৰ সেৱা আগবঢ়াই আছোঁ। আমি ২০১৮ চনত দা নেষ্ট নামৰ আছাম ষ্টাৰ্ট আপৰ জৰিয়তে এই অ এছ কেৰ জন্ম দিওঁ অসম চৰকাৰ আৰু কলকাতা আই আই এমৰ এক যুটীয়া পদক্ষেপত। আমি তিনিবছৰীয়া সফলতাৰ পাছত অ' এছ কে ৰ এপ্ আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। ইয়াৰ জৰিয়তে প্ৰতিবিদ খাদ্য সামগ্ৰী, সেৱা আৰু প্ৰতিগৰাকী খাদ্য-ৰসিকৰ পছন্দৰ সামগ্রী নিৰ্বাচন কৰিব পৰা শাখা থাকিব।' এই এপ মুকলি অনুষ্ঠানত আছাম ষ্টাৰ্ট আপ
 (দা নেষ্ট)ৰ মুখ্য অপাৰেটিং বিষয়া প্ৰাঞ্জল কোৱৰে অ' এছ কে প্রচেষ্টাক শলাগে আৰু শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। অনুষ্ঠানত 
অ' এছ কে ফুড এণ্ড টেকন'ল'জি প্ৰাইভেট লিমিটেডৰ মুখ্য অপাৰেটিং বিষয়া অভিলাশ বৰুৱাই চমু বক্তব্য আগবঢ়ায়।

Comments