ঘাঁহীত অনুসূচিত জাতিৰ মানচিত্ৰৰ উদ্যোগত সামগ্ৰী বিতৰণ

নগাঁৱৰ পৰা জয়ন্ত মুুুদৈ, ২৯ নবেম্বৰঃ অনুসূচিত জাতিৰ পিছ পৰা লোকসকলক সকাহ দিয়াৰ বাবে "গ্ৰাম্য জীৱন আঁঁচনি"ৰ অধীনত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ঘাঁহীৰ বৰনামঘৰ প্ৰাংগণত দেওঁবাৰে অনুসূচি জাতিৰ মানচিত্ৰ নামৰ সংস্থাটোৰ উদ্যোগত সামগ্ৰী বিতৰণৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সংস্থাটোৰ নগাঁও জিলা সমিতিৰ সহযোগত স্থানীয় ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুলীয়া বেগ, দৰিদ্ৰ সীমাৰেখাৰ তলৰ মাজত কম্বল, হাঁহৰ পোৱালি আৰু মৎস্যপালকসকলৰ মাজত জাল বিতৰণ কৰা হয় ৷ এই মৰ্মে, অনুষ্ঠিত সভাখনিত সভাপতিত্ব কৰে অনুসূচিত জাতিৰ মানচিত্ৰৰ কাৰ্যকৰী সভাপতি অজিত প্ৰতীম দাসে ৷ অনুসূচিত জাতিৰ মানচিত্ৰৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অপূৰ্ব কুমাৰ দাসে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি  তৰুণ চন্দ্ৰ দাস আৰু উমেশ দাসে চমু বক্তব্য প্ৰদান কৰে ৷ সভাত অনুসূচিত জাতিৰ মানচিত্ৰৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অপূৰ্ব কুমাৰ দাস, নগাঁও জিলা সমিতিৰ মুখ্য উপদেষ্টা ব্ৰত কৃষ্ণ দাস, সভানেত্ৰী যুগ প্ৰভা দাস, উপ সভানেত্ৰী ৰেণু দাস, সম্পাদক প্ৰদীপ কুমাৰ দাস, সাংগঠনিক সম্পাদক ৰেৱ কান্ত দাস, 
প্ৰচাৰ সম্পাদক নিতুল দাস, বকুল দাস আৰু অজয়দাসকে ধৰি বহুকেইজন বিষয়-ববীয়াৰ লগতে অঞ্চলৰ শতাধিক লোক উপস্থিত থাকে ৷
===================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা