বিশিষ্ট সমাজকৰ্মী চিদ্দিক ৰহমানক সম্বৰ্ধনা
'আমাৰ ইতিহাস সম্প্ৰীতিৰ ইতিহাস, আমাৰ বৰ্তমান সম্প্ৰীতিৰ বৰ্তমান— ৰঞ্জিত মিশ্ৰ
ষ্টাফৰিপোৰ্টাৰ, ১ নৱেম্বৰ :
মহানগৰীৰ বিশিষ্ট সমাজকৰ্মী আলহাজ চিদ্দিক ৰহমানক দেওবাৰে এক বৰ্ণাঢ্য সম্বৰ্ধনা অনুষ্ঠানত ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়। অশীতিপৰ সমাজকৰ্মী গৰাকীক মহানগৰীৰ বৃহত্তৰ হাতীগাঁও সিজুবাৰী অঞ্চলৰ ৰাইজে স্থানীয় মনীষা বিবাহ ভৱনত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। সাংবাদিক আজিজুৰ ৰহমান শইকীয়াই আঁত ধৰা মনোজ্ঞ অনুষ্ঠানটোত ৰাইজে অশীতিপৰ বয়সতো সামাজিক ভাবে সক্ৰিয় হৈ থকা সমাজকৰ্মী গৰাকীৰ জীৱন আৰু কৰ্মক সামৰি প্ৰকাশ কৰা "উপহাৰ, চিদ্দিক ৰহমানৰ হাতত তেওঁৰে জীৱনকৃতি" নামৰ গ্ৰন্থখন তেওঁৰ হাতত তুলি দিয়ে। গ্ৰন্থখন আনুষ্ঠানিক ভাবে উন্মোচন কৰে পদ্মশ্ৰী ডাঃ ইলিয়াছ আলী, বিল্বেশ্বৰ দেৱালয়ৰ প্ৰধান দলৈ জনপ্ৰিয় নাট্য ব্যক্তিত্ব ৰঞ্জিত মিশ্ৰ আৰু শিক্ষাবিদ, হাতীগাঁও হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী মীৰা ভট্টাচাৰ্যই। গ্ৰন্থখন উন্মোচন কৰি তেওঁলোকে ৰাইজৰ উপহাৰ স্বৰূপে আলহাজ চিদ্দিক ৰহমানৰ হাতত তুলি দিয়ে। ভাষণ প্ৰসংগত পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়ে ব্যক্তিগত সান্নিধ্যৰ অভিজ্ঞতাৰে চিদ্দিক ৰহমানৰ দৰে নিঃস্বাৰ্থ আৰু সমৰ্পিত মনোভাবেৰে সমাজৰ কাম কৰা মানুহ বিৰল বুলি মন্তব্য কৰে। বিল্বেশ্বৰ দেৱালয়ৰ প্ৰধান দলৈ ৰঞ্জিত মিশ্ৰই আমাৰ ইতিহাস সম্প্ৰীতিৰ ইতিহাস আৰু আমাৰ বৰ্তমান সম্প্ৰীতিৰ বৰ্তমান বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।শিক্ষাবিদ মীৰা ভট্টাচাৰ্যই সমাজকৰ্মৰ স্পৃহা অতুলনীয় বুলি মন্তব্য আগবঢ়ায়। বৃহত্তৰ হাতীগাঁও সিজুবাৰীবাসীয়ে এখন পূৰ্ণাৱয়ৱ প্ৰতিকৃতিৰে সম্বৰ্ধনা জনাই আৰম্ভ কৰা অনুষ্ঠানটিত বৃহত্তৰ হাতীগাঁও সিজুবাৰী নাগৰিক সমিতি, বৃহত্তৰ হাতীগাঁও ৰঙালী বিহু উৎসৱ উদযাপন সমিতি, নৱাৰুণ শাখা সাহিত্য সভা, হাতীগাঁও চাৰিআলি জামে মছজিদ পৰিচালনা সমিতি, বৃহত্তৰ হাতীগাঁও সাৰ্বজনীন দুৰ্গাপূজা উদযাপন সমিতি(কেতেকীতল), বৃহত্তৰ হাতীগাঁও(নামঘৰ) দুৰ্গাপুজা উদযাপন সমিতি, হাতীগাঁও সিজুবাৰী ঈদগাহ পৰিচালনা সমিতি, হাতীগাঁও সিজুবাৰী কবৰস্হান পৰিচালনা সমিতি,হাতীগাঁও থানা, হাতীগাঁও হাইস্কুল পৰিচালনা সমিতি, ৰাজেন্দ্ৰ নাৰায়ণ দেৱ মধ্য ইংৰাজী বিদ্যালয় পৰিচালনা সমিতি, ১ নং সিজুবাৰী প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতি, সিজুবাৰী ৰেডিয়েন্ট যুৱ সংঘ, হাতীগাঁও ৰাজহুৱা নামঘৰ পৰিচালনা সমিতি, হজৰত শ্বাহ মখদুম শ্বাহ(ৰঃ) দৰ্গাহ পৰিচালনা সমিতি, হাতীগাঁও মহিলা সমিতি, হাতীগাঁও মহিলা নাগৰিক সমিতি, হাতীগাঁও পাইপ লাইন ব'হাগী বিদায় উদযাপন সমিতি, গ্ল'বেল হাস্পতাল, অনুপম নগৰ উন্নয়ন সমিতি, ফ্লাৱাৰ বুক ষ্টল, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতি, বৃহত্তৰ হাতীগাঁও সিজুবাৰী সচেতন যুৱ মঞ্চ, উন্নয়ণ মহিলা সমিতি, আজান ফকীৰ মেম'ৰিয়েল একাডেমি, হাতীগাঁও বিকাশ মঞ্চ, ৱাৰ্ড এডুকেচন কমিটিৰ অন্তৰ্গত ২৯ নং ৱাৰ্ড নটবমাৰ শিক্ষাকৰ্মীবৃন্দ, হাতীগাঁও শনি মন্দিৰ উন্নয়ন সমিতি, হাতীগাঁও মিলন নগৰ উন্নয়ণ সমিতি, মাদাৰ টেৰেচা পথ মহিলা সমিতি, হাতীগাঁও লেখিকা সংস্থা এক্সপনেন্সিয়েল এডুকেচন চেন্টাৰ প্ৰভৃতি বৃহত্তৰ হাতীগাঁও সিজুবাৰী অঞ্চলৰ অৰ্ধশতাধিক বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰে। ব্যক্তিগত ভাবেও বহু লোকে আলহাজ চিদ্দিক ৰহমানক এই অনুষ্ঠানত সম্বৰ্ধনা জনায়। সমাজকৰ্মী গৰাকীৰ জন্মস্হান নলবাৰী জিলাৰ ভয়ৰা শোলমাৰী অঞ্চলৰ বহু লোকেও এই সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে।
Comments
Post a Comment