ধৰ্মপুৰ বিকাশ মঞ্চৰ শুধাকন্ঠলৈ স্মৰণ

 আজি সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ নৱম মৃত্যু বাৰ্ষিকী ৷ সমগ্ৰ ৰাজ্যৰ লগতে দেশ-বিদেশৰ ভিন্ন প্ৰান্তত আজি সুধাকন্ঠক স্মৰণ কৰা হৈছে ৷ নলবাৰী জিলাৰ ভিন্ন প্ৰান্তত   বিভিন্ন দল সংগঠনে  ভূপেন দাক স্মৰণ কৰে ৷ নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ জাগাৰাত স্বেচ্ছাসেৱী অনুষ্ঠান ধৰ্মপুৰ বিকাশ মঞ্চৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে শুধাকন্ঠ ড: ভূপেন হাজৰিকাক  স্মৰণ কৰে ৷ এই উদ্দেশ্য শুধাকন্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, মাল্যপ্ৰদান, বৃক্ষৰোপণ,  ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা,  কুইজ প্ৰতিযোগিতা,  ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়  । 

টিহুৰ পৰা  কৰবী গোস্বামী 

.

Comments