মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্বনে মুকলি কৰিলে পৰিকল্পনা আৰু নিৰ্দেশনা



ষ্টাফ ৰিপ'ৰ্টাৰ,,,,,১১নৱেম্বৰ
মণিপাল একাডেমী অৱ হায়াৰ  এডুকেশ্বনে মঙলবাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ সৈতে সংগতি ৰাখি তৈয়াৰ কৰা পাঠ্য ক্ৰমৰ পৰিকল্পনা মুকলি কৰিলে আৰু দেশৰ লগতে বিদেশতো নতুন কেম্পাছ মুকলি কৰাৰ পৰিকল্পনা ঘোষণা কৰে। লেফটেনেন্ত জেনেৰেল ড০ ভেংকেটেশ- মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্বনৰ উপাচাৰ্য্য লগতে  এইছ এছ বল্লাল - মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্বনৰ সহকাৰী উপাচাৰ্য্য আৰু নাৰায়ণ সভাইট পঞ্জীয়ক এ  আজি দৃশ্য-শ্ৰাৱ্য কনফাৰেন্স মাধ্যমেৰে পৰৱৰ্তী দুটা বৰ্ষৰ পৰিকল্পনা আলোচনা কৰে। মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্বনে শেহতীয়াকৈ যথাবিধি অনুসৰি খ্যাতিসম্পন্ন অনুষ্ঠান ঘোষণা কৰি ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰনালয়ৰ সৈতে এখন বুজাবুজিৰ স্মাৰকপত্ৰত চহী কৰে। মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্বনৰ  উপাচাৰ্য্য লেফটেনেন্ত জেনেৰেল ড০ ভেংকেটেশ এ  এই সন্দৰ্ভত কয়"-শিক্ষাৰ পৰিৱৰ্তিত গতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ এই কভিডৰ সময়ত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি নিৰ্দেশনা অনুসৰি পাঠ্যক্ৰম প্ৰস্তুত কৰা আৰু কৌশল গত শিক্ষাৰ প্ৰতি আগবাঢ়ি এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিবলৈ 'মাহে'ৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ সময়। তেওঁ লগতে কয়"-"মাহে'ৰ বাবে সন্মানীয় বিশিষ্ট শিক্ষানুষ্ঠানৰ উপাধি লাভ কৰাটো অতি গৌৰৱৰ বিষয়। শ্ৰেণী, শিক্ষনীতি আৰু গৱেষণা এই শিক্ষানুষ্ঠানৰ অন্যতম শক্তিশালী ভেঁটি। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি এক আদৰণীয় পদক্ষেপ"। মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্বনৰ পঞ্জীয়ক ড০ নাৰায়ণ সভাইটে কয়"-এনে কঠিন সময়তো "মাহে সদায়ে শিক্ষাৰ্থীৰ সৈতে সহায়ক হিচাপে থিয় দি আহিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰয়োগ এক আদৰণীয় পৰিৱৰ্তন আৰু ই নিশ্চয়কৈ আৰু অধিক শক্তিশালী আৰু নীতিশিক্ষামূলক উচ্চ শিক্ষা ব্যৱস্থা গঠনত সহায় কৰিব"। উল্লেখযোগ্য যে, এই বর্ষত সমাবৰ্তন অনুষ্ঠান ২০,২১,আৰু ২২ নৱেম্বৰত দৃশ্য-শ্ৰাৱ্য মাধ্যমৰ দ্বাৰা অনুষ্ঠিত কৰা হ'ব।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা