যতীন ইছলাৰী-গৌতম ৰায় সোঁৱৰণী ফুটবল ট্ৰফীত বাৰাগড় ৰিংখাং ক্লাব চুড়ান্ত বিজয়ী
চালাকটি স্পৰ্টচ প্ৰমোটাৰ ছচাইটিৰ উদ্যোগত যোৱা ১ নভেম্বৰৰ পৰা চলি থকা যতীন ইছলাৰী-গৌতম ৰায় সোঁৱৰণী ফুটবল ট্ৰফী খেলৰ আজি অন্ত পৰে।
সৰ্বমুঠ ৬৬টা দলে যোগদান কৰা খেল খনত আজি অনুষ্ঠিত চুড়ান্ত খেলত বাৰাগড় ৰিংখাং ক্লাবে লাটাগাঁও বিজুলী সংঘক টাইব্ৰেকাৰৰ জৰিয়তে পৰাস্ত কৰি চুড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়
আজিৰ চূড়ান্ত খেলত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে লাটাগাঁও বিজুলী সংঘৰ শুভাঙ্কৰ মুছাহাৰী ওৰফে লোহাই শ্ৰেষ্ঠ খেলুৱৈৰ বটা লাভ কৰিবলৈ সক্ষম হয়।
প্ৰসেনজিত দেবনাথ
চিৰাং
Comments
Post a Comment