সংগীত শিল্পী সন্তোষ শৰ্মাৰ ৰাজস্থানী লোকগীতৰ এলবাম 'হিচকী'মুকলি




ষ্টাফ ৰিপ'ৰ্টাৰ,,,২২ নৱেম্বৰ
বিশিষ্ট সংগীত শিল্পী সন্তোষ শৰ্মাৰ 'ৰাজস্থানী লোকগীতৰ এলবাম' হিচকী শনিবাৰে অনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। গুৱাহাটীৰ এক অনুষ্ঠানত সৰ্বভাৰতীয় মাৰোৱাৰী যুৱ মঞ্চৰ ৰাষ্ট্ৰীয় সভাপতি অমিত আগৰৱাল,ভিপৰা ফাউণ্ডেচনৰ অধ্যক্ষ কানহয়া লাল পীপলৱা, আৰু টী চিৰিজ গুৱাহাটী শাখাৰ মুখ্য পৰিচালন সঞ্চালক নীতি শৰ্মাৰ উপস্থিতিত উক্ত একবামটি মুকলি কৰা হয়। দীনেশ পাড়িকে পৰিচালনা কৰা উক্ত অনুষ্ঠানত বিজেপিৰ ধনভৰালী ৰাজকুমাৰ শৰ্মা, মাৰোৱাৰী ব্ৰাহ্মীন সভাৰ নিৰ্মল তিৱাৰী, উত্তৰ-পূৱৰ প্ৰ'ভিনচিয়েল মাৰোৱাৰী যুৱ মঞ্চৰ সম্পাদক ৰাহুল আগৰৱালকে আদি কৰি বহু ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে, শংকৰ মহেশ্বৰীয়ে সংগীত পৰিচালনা কৰা এলবামটিত ধ্বনি মিউজিক অফ সুজনগড়ত সংগীত বাণীবদ্ধ কৰা হয়।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা