ভাৰতৰ পিছপৰা শিক্ষাৰ্থীৰ আভিযান্ত্ৰিক স্বপ্নক পূৰ কৰিবলৈ টাটা মটৰছৰ অভিলাষ




ষ্টাফ ৰিপ'ৰ্টাৰ,,,১৭ নৱেম্বৰ
টাটা মটৰছ এ অৱন্তি ফেল' এন.জি.ও ৰ সহযোগত পিছপৰা শিক্ষাৰ্থীসকলক নীট,আইআইটি জেইই মেইন্স আৰু আইআইটি জেইই এডভান্স ৰ দৰে প্রতিযোগিতা মূলক পৰীক্ষাৰ বাবে বিশেষ প্ৰশিক্ষণ শ্ৰেণী আৰু অনুশীলন ব্যৱস্থা গ্ৰহণ কৰিছে। এই বছৰত,৪৩ গৰাকী শিক্ষাৰ্থীয়ে এই অনুষ্ঠানৰ দ্বাৰা প্ৰশিক্ষিত হৈ আইআইটি জেইই মেইন্সত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে আৰু ২৭ গৰাকীয়ে জেইই এডভান্সত উত্তীৰ্ণ হ'ব পৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ জেএনভি কেন্দ্ৰ সমূহত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে অনুষ্ঠিত হোৱা, এই অনুষ্ঠানৰ লক্ষ্য হ'ল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি ধাউতি থকা যুৱ মানস সকলক চিনাক্ত কৰি আৰু প্ৰশিক্ষণ দি তেওঁলোকৰ কেৰিয়াৰ সুনিশ্চিত কৰা। এই সন্দৰ্ভত টাটা মটৰছৰ চিএসআৰ শীৰ্ষ বিষয়া বিনোদ কুলকাৰ্ণীয়ে কয়"-আমাৰ এই অনুষ্ঠানৰ দ্বাৰা আমি প্ৰতিভাশালী যুৱ ব্যক্তি সকলৰ কেৰিয়াৰ তুৰাম্বিত কৰিবলৈ লক্ষ্য কৰি লৈছোঁ, যিয়ে ভৱিষ্যতে দেশক আগবঢ়াই নিবলৈ অৱদান আগবঢ়াব"। উল্লেখযোগ্য যে, টাটা মটৰছে দেশজুৰি অন্যান্য বিভিন্ন পদক্ষেপ হাতত লৈছে, পিছপৰা শ্ৰেণীক সহায় আগবঢ়াবলৈ সম্পদ আৰু অনুষ্ঠানিক সাহাৰ্য্যৰ দ্বাৰা। বিভিন্ন শৈক্ষিক শাখাৰ পৰিসৰক সামৰি এই অনুষ্ঠানে মাধ্যমিকৰ পৰা উচ্চতৰ শ্ৰেণীলৈ নীতি- শিক্ষামূলক দৈনন্দিন জীৱনত প্ৰয়োজনীয় কৌশল আৰু আন্ত:গাঁঠনি মূলক ব্যৱধান আঁতৰাই ক্ৰীড়া আৰু অন্যান্য সহ- পাঠ্যক্ৰম ক্ৰিয়া সামৰি বিভিন্ন বিষয়ৰ শ্ৰেণী অনুষ্ঠিত কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা