চকলাঘাটত শ্ৰদ্ধাঞ্জলি গ্ৰন্থ "অমিয়া সুবাস" উন্মোচন≈≈মাতৃ-পত্নী-জী আদি ৰূপত এগৰাকী নাৰী সদায় অনন্য--উপায়ুক্ত কবিথা পদ্মনাভন#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫  নবেম্বৰ: "এগৰাকী নাৰী জন্মসূত্ৰেই অনন্য শক্তিৰ আধাৰ ৷ পৃথিৱীত যুগ, যুগান্তৰ ধৰি সৃষ্টিৰ ধাৰাটোক নাৰীয়েই প্ৰৱাহমান কৰি আহিছে ৷" নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত চকলাঘাটৰ সদ্য প্ৰয়াত বিশিষ্টা মহিলা অমি বৰঠাকুৰ স্মৃতিত প্ৰকাশিত শ্ৰদ্ধাঞ্জলি গ্ৰন্থ 'অমিয়া সুবাস’ উন্মোচন কৰি বুধবাৰে এইদৰে কয় নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভনে ৷ প্ৰয়াত অমি বৰঠাকুৰক এগৰাকী সফল পত্নী আৰু মাতৃ বুলি শ্ৰদ্ধাঞ্জলি জনাই উপায়ুক্ত গৰাকীয়ে লগতে কয় যে--মাতৃ, পত্নী, জী আদি ৰূপত এগৰাকী নাৰী সদায় অনন্য আৰু সদায় শ্ৰদ্ধাৰ পাত্ৰ ৷ আদ্যশ্ৰাদ্ধ লগত সংগতি ৰাখি অমি বৰঠাকুৰৰ বাসগৃহত আয়োজিত উন্মোচনী অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোহিনী মোহন ডেকাই কয় যে--শ্ৰদ্ধাঞ্জলি গ্ৰন্থ এখন কেতিয়াবা এখন ঘৰৰ বাবে, এটা পৰিয়ালৰ বাবে আৰু কেতিয়াবা এখন সমাজৰ বাবে মূল্যবান দলিল স্বৰূপ ৷ আন গৰাকী বিশিষ্ট অতিথি তথা নপুৰ মোমাইদেউ খ্যাত শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই কয়- যে এখন সমাজৰ বাবে উৎসৰ্গিত আইমাতৃসকলৰ গুৰুত্ব অপৰিসীম ৷ লগতে তেওঁ অমি বৰঠাকুৰৰ মাজত লুকাই থকা এগৰাকী আদৰ্শবান অসমীয়া গৃহিণীৰ বিভিন্ন গুণসমূহৰ  স্মৃতি ৰোমন্থন কৰে ৷ অনুষ্ঠানটো নগাঁও জিলা সাহিত্য সভাৰ উপ সভাপতি থগিত মহন্ত আৰু হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকায়ো প্ৰয়াত অমি বৰঠাকুৰৰ স্মৃতি ৰোমন্থন কৰে ৷ অমি বৰঠাকুৰৰ স্বামী তথা বিশিষ্ট শিক্ষাবিদ অশোক বৰঠাকুৰে নিজৰ বক্তব্যৰ মাজতে প্ৰয়াত পত্নীৰ স্মৃতিকাতৰতাত আবেগ বিহ্বল হৈ পৰে ৷ চকলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক কল্যাণ কুমাৰ বৰা আৰু কুইজ মাষ্টৰ চন্দ্ৰজিৎ দাসে সম্পাদনা কৰা শ্ৰদ্ধাঞ্জলি গ্ৰন্থখনি উন্মোচন উপলক্ষে আয়োজিত অনুষ্ঠানটোত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আবুল খায়েৰ আহমেদ, জ্যেষ্ঠ সাংবাদিক পলাশপ্ৰতীম হাজৰিকা, বেবেজীয়া প্ৰেছ ক্লাৱৰ সভাপতি সমীৰ হাজৰীকা, নগাঁও প্ৰেছ ক্লাৱৰ সাংস্কৃতিক সম্পাদক বেদব্ৰত ৰাজা, সম্পাদনা সমিতিৰ কল্যাণ মেধি, ৰাজু বৰা, একমাত্ৰ জীয়ৰী বন্দনা বৰঠাকুৰ, জ্যেষ্ঠ পুত্ৰ তথা হাতীচোং মহাবিদ্যালয়ৰ প্ৰবক্তা অনিমেষ বৰঠাকুৰ, কনিষ্ঠ পুত্ৰ তথা স্বাস্থ্য বিভাগৰ নগাঁও জিলাৰ আঁচনি বিষয়া অনিৰ্বাণ বৰঠাকুৰকে ধৰি পৰিয়ালৰ সদস্যসকল আৰু ভালেসংখ্যক লোক উপস্থিত থাকে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা