ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা সভা সম্পন্ন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৭ নবেম্বৰঃ ইতিমধ্যে শতবৰ্ষ গৰকা নগাঁও জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয় ৷ বিগত সময়ছোৱাত শিক্ষানুষ্ঠানখনৰ পৰা অৱসৰ গ্ৰহন কৰা চাৰি গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আয়োজিত সভাখনিত সভাপতিত্ব কৰে বিদ্যালয়ৰ অধ্যক্ষ বিজয়লক্ষ্মী শৰ্মাই ৷ বিদ্যালয়ৰ শিক্ষক জিৰণী কোঠাত ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ সভাখনিত প্ৰাক্তন অধ্যক্ষ ৰুমি বৰদলৈ, বিষয় শিক্ষক সুভাষ মেধি, ফেলিমিনা এঞ্জেলা আৰু সহকাৰী শিক্ষয়িত্ৰী অনিমা দাসক বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা ফুলাম গামোচা, শৰাই, পোছাক, গ্ৰন্থৰ টোপোলা আৰু মানপত্ৰৰে আনুষ্ঠানিকভাবে বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ বিদ্যালয়ৰ ষ্টাফ কাউন্সিলৰ সম্পাদক তথা শিক্ষক চন্দন জ্যোতি ভূঞাই আঁত ধৰা  সভাখনিত বিদায়ী শিক্ষক-শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ শিক্ষকতাৰ কৰ্ম জীৱনৰ অতীত ৰোমন্থন কৰি আবেগিক হৈ পৰে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা