বিদ্যা ভাৰতীৰ পুৰ্ণকালিন কাৰ্যকৰ্তা সকলৰ বৈঠক সম্পন্ন

বিদ্যা ভাৰতীৰ পুৰ্ণকালিন কাৰ্যকৰ্তা সকলৰ বৈঠক সম্পন্ন। 

পংকজ নাথ, চাংসাৰি, ১০ নৱেম্বৰ 

বিদ্যা ভাৰতী পুৰ্বোত্তৰ ক্ষেত্ৰত বিদ্যা ভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্প হাজংবাৰীত ক্ষেত্ৰীয় পূৰ্ণকালিন বৈঠক সম্পন্ন হয়। এই বৈঠকত অসম কৌশল বিকাশ বিভাগৰ আনন্দ প্ৰকাশ তিৱাৰীয়ে কৌশল বিকাশৰ বিষয়ে পথ প্ৰদৰ্শন কৰে । অসম বিজুলী বিভাগৰ বিষয়া বি কে পিপৰসেনিয়াৰয়ো কাৰ্যকৰ্তাসকলক সম্বোধন কৰে । ক্ষেত্ৰীয় পূৰ্ণকালিন বৈঠকত অসম ৰাজ্যৰ মন্ত্ৰী যোগেন মোহন উপস্থিত থাকে ।তেও কাৰ্যকৰ্তা সকলক সম্বোধন কৰাৰ লগতে বিদ্যা  ভাৰতীৰ বিদ্যালয়ত প্ৰদান কৰিব খোজা সংস্কাৰযুক্ত শিক্ষাৰ প্ৰশংসা কৰে ।বৈঠকত বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় সহ সংগঠন মন্ত্ৰী গোবিন্দ চন্দ্ৰ মহন্ত উপস্থিত থাকে । বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় মন্ত্ৰী ব্ৰহ্মাজী ৰাৱে কাৰ্যকৰ্তা সকলক সম্বোধন কৰি কয়  যে কৰোণা মহামাৰীৰ বিভিষিকাৰ সময়ত আচাৰ্য আচাৰ্যা সকলে বহু পৰিশ্ৰম কৰি অনলাইনৰ মাধ্যমৰ জৰিয়তে শিক্ষা প্ৰদান কৰিছে । বন্দে মাতৰম গীত পৰিৱেশন কৰি এই বৈঠকৰ সামৰণি পৰে ।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা