কামৰূপৰ সৰুলাহত অন্তসত্তা বোৱাৰী হত্যাক লৈ উত্তেজনা

পঙ্কজ নাথ, চাংসাৰি, ১৭ নৱেম্বৰ :

অন্ত সত্তা বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত কামৰূপৰ সৰুলাহ অঞ্চল। বোৱাৰী গৰাকীক হত্যাৰ অভিযোগ পৰিয়ালৰ লোকৰ। স্বামী কাৰ্তিক দাস আৰু শহুৰ পৰিয়ালে মিলি বোৱাৰী পিকুমণি দাসক হত্যা কৰাৰ অভিযোগ। সন্ধিয়া চিপ লোৱা অৱস্থাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ গৰ্ভৱতী পিকুমনিৰ মৃতদেহ আৰু তাৰ পিছতে হাহাকাৰ সমগ্ৰ অঞ্চলজুৰি। শ শ লোকে আহি তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিলে স্বামী গৃহত। লণ্ড ভণ্ড কৰিলে কাৰ্তিক দাসৰ ঘৰ। তিনি খন থানাৰ আৰক্ষী উপস্থিত হৈয়ো নিয়ন্ত্ৰণ কৰিব পৰা নাই পৰিস্থিতি। ঘটনস্থলীত মোটায়ন CRPF অৰ্ধ সামৰিক বাহিনী। বোৱাৰী গৰাকীৰ মৃতদেহৰ অৱস্থিতিয়ে সৃষ্টি কৰিছে ৰহস্যৰ আঁঠু কঢ়া অৱস্থাত আছিল মৃতদেহটো। মৃতদেহৰ অৱস্থিতি চাই এয়া যে এক পৰিকল্পিত হত্যাকাণ্ড সেয়া নিশ্চিত বুলি দাবী সকলোৰে। পিকুমনি আছিল ৫ মাহৰ অন্তসত্তা। বিয়াৰ পিছৰে পৰা পিকুমনিক শাৰীৰিক মানসিক নিৰ্যাতন চলাইছিল স্বামী কাৰ্তিক দাস আৰু তেওঁৰ পৰিয়ালৰ লোকে। ঘটনা এনে পৰ্যায় পাইছে যে আৰক্ষীয়ে লাঠী ছালনা কৰিবলৈ বাধ্য হল। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত স্বামী কাৰ্তিক দাসক। ইয়াক লৈ এতিয়া অঞ্চলজুৰি অব্যহত আছে তীব্ৰ উত্তেজনা।

কামৰূপ ব্যুৰো পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments