ৰাইদঙীয়াত বুজন পৰিমানৰ ড্ৰাগছসহ আটক এজন অসাধু ব্যৱসায়ী
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১ নবেম্বৰঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষী প্ৰশাসনৰ ৰহস্যজনক দুৰ্বলতাৰ সুযোগ লৈ এক অসাধু চক্ৰই সবল নেটৱৰ্ক গঠনেৰে নিষিদ্ধ ড্ৰাগছৰ বেহা নিবিঘ্নে চলাই অহাৰ সময়তে দেওঁবাৰে জিলাখনৰ জাজৰি থানাৰ এলেকাধীন ৰাইদঙীয়াৰ বগৰিগুৰি পামৰ পৰা বুজন পৰিমাণৰ মাৰাত্মক ড্ৰাগছসহ এজন লোকক আটক কৰা ঘটনাই ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ মতে, নগাঁও সদৰ থানাৰ আৰক্ষী, হয়বৰগাঁও আৰক্ষী চকী আৰু জাজৰি আৰক্ষী থানাৰ আৰক্ষীৰ দলে এক গোপন সূত্ৰৰ পম খেদি যৌথভাবে চলোৱা অভিযানত ৰাইদঙীয়াৰ বগৰিগুৰি পামৰ পৰা আলালউদ্দিন নামৰ এজন অসাধু ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷ পিছত বগুৰিগুৰি পামত থকা অসাধু ব্যৱসায়ীটোৰ দোকানত তালাচী চলাই আৰক্ষীৰ দলে গোপনে মজুত কৰি ৰখা নিষিদ্ধ ড্ৰাগছৰ ১৭টা কন্টেনাৰ আৰু ২০টা নিচাযুক্ত ঔষধৰ বটল জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে ৷ পূৰ্বেও বহুকেইটা অপৰাধজনিত ঘটনাৰ লগত জড়িত থকা ধৃত ড্ৰাগছ সৰবৰাহকাৰী আলালউদ্দিনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷
Comments
Post a Comment