আকাশবাণী নগাঁও কেন্দ্ৰত 'জ্ঞানমালিনী' উন্মোচন

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২০ নবেম্বৰঃ অনন্তবন শিশু সাহিত্য বঁটা প্ৰাপক বিশিষ্ট শিশু সাহিত্যিক মনোৰমা ভূঞাৰ আঠাইশতম গ্ৰন্থ "জ্ঞানমালিনী" শুকুৰবাৰে আকাশবাণী নগাঁও কেন্দ্ৰত উন্মোচন কৰা হয় ৷ নৱ প্ৰকাশিত এই গ্ৰন্থখনি আনুষ্ঠানিকভাবে শুভ উন্মোচন কৰে বিশিষ্ট শিশু সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্যই । এই মৰ্মে, এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হোৱা সভাখনিৰ আঁত ধৰে প্ৰতিষ্ঠিত কবি মদাৰজ্যোতিযে ৷ সভাত আকাশবাণী নগাঁও কেন্দ্ৰৰ মুৰব্বী পল্লৱী কলিতা, জ্যেষ্ঠ ঘোষক চিদানন্দ দেৱ গোস্বামী, প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথ, ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দীপ্তি দেৱী শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যাপক যতীন্দ্ৰ কুমাৰ পাৰৈ, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিজয়া গগৈ, সাহিত্যিক দূৰ্গেশ্বৰ বৰকটকী, নগাঁও জিলা কবি সন্মালনৰ উপদেষ্টা পুতুলী মুদৈ, নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মা, পদ্ম পাতৰ, প্ৰসেণজিত ৰয়, শংকৰ দাস, প্ৰদীপ বৰা, সাংবাদিক ৰাহুল দেৱ বৰদলৈ, নাচিৰ উদ্দিন আহমেদ, নাট্যকাৰ দীপক নাথ, হাচিনা মমতাজ, কৃষ্ণ দৈমাৰী, যুৱ আবৃত্তিকাৰ ৰূপম নাথকে প্ৰমূখ্যে বহুকেইজন গন্যমান্য ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে, "জ্ঞানমালিনী"ৰ উন্মোচনী অনুষ্ঠানটিৰ সম্প্ৰচাৰ অহা পঁচিশ নৱেম্বৰৰ পুৱা ৯.১৫ বজাত আকাশবাণী নগাঁও কেন্দ্ৰৰ যোগে কৰা হ'ব বুলি জানিব পৰা গৈছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা