মহানগৰীৰ কালাপাহাৰত এল গোপাল জুৱেলাৰ্ছৰ দ্বিতীয়টো শ্ব’ ৰুম মুকলি


ধন টেৰছ উপলক্ষে গ্ৰাহকৰ বাবে বিশেষ ৰেহাই

ষ্টাফৰিপোৰ্টাৰ, ৮ অক্টোবৰ ঃ দেশৰ আগশাৰীৰ বিশ্বাসযোগ্য জুৱেলাৰী ব্ৰেণ্ড উত্তৰ-পূব ভাৰত এল গোপাল জুৱেলাৰ্ছ প্ৰাইভেট লিমিটেডে মহানগৰীৰ কালাপাহাৰত আজি দ্বিতীয়টো শ্ব’ৰুম মুকলি কৰে। খ্ৰীষ্টানবস্তিত থকা এল গোপাল জুৱেলাৰ্ছত গ্ৰাহকৰ বিপুল সহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ কালাপাহাৰত এল গোপাল জুৱেলাৰ্ছে দ্বিতীয়টো শ্ব’ৰুম মুকলি কৰে। শ্ব’ৰুমটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট সমাজসেৱক,  উদ্যোগপতি শংকৰলাল ছ’নি আৰু যোগমোহন ছ’নিয়ে। উক্ত অনুষ্ঠানত গকুল ছনী, গোগেশ ছ’নি আৰু এল গোপাল জুৱেলাৰ্ছ প্ৰাইভেট লিমিটিডেৰ ব্ৰেণ্ড এম্বেছাদৰ মডেল প্ৰজ্ঞা প্ৰমিতা উপস্থিত থাকে।  ছ’নীয়ে জানিবলৈ দি কয় যে  গ্ৰাহকৰ সহাৰিৰ প্ৰতি লক্ষৰ ৰাখিয়ে কালাপাহাৰত দ্বিতীয়টো শ্ব’ৰুম মুকলি কৰা হ’ল। ৬০০ বৰ্গফুটৰ এই শ্ব’ৰুমটোত সোণ, হীৰা, ৰূপৰ কইনছৰ লগতে প্ৰসিদ্ধ ৰত্ন উপলব্ধ হ’ব। লগতে বিভিন্ন ধৰণৰ সোণৰ গহণা আৰু পৰম্পৰাগত আ-অলংকাৰ শ্ব’ৰুমত উপলব্ধ থাকিব।  আগন্তুক ধন টেৰছ উপলক্ষে গ্ৰাহকসকলে মজুৰীৰৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব। যুৱ ব্যৱসায়ী যোগেশ ছ’নীয়ে জানিবলৈ দি কয় যে শ্ব’ৰুমত উপলব্ধ হোৱা জুৱেলাৰী বি আই এছৰ দ্বাৰা  এশ শতাংশ স্বীকৃতিপ্ৰাপ্ত। একেদৰে আই জি আইয়ে স্বীকৃতি দিয়া হীৰা শ্ব’ৰুমত উপলব্ধ হৈ থাকিব। শ্ব’ৰুমত বিশ্বাসযোগ্যতাৰে গ্ৰাহকসকলে গহণা ক্ৰয় কৰিব পাৰিব। ছ’নীয়ে কয় যে উৎকৃষ্ট মানদণ্ডৰ সেৱা আগবঢ়োৱাটোৱে এল গোপাল জুৱেলাৰ্ছৰ  লক্ষ্য আৰু উদ্দেশ্য ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা