ভাৰত তিব্বত সহযোগ মঞ্চৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সাধাৰণ সভা
ষ্টাফৰিপোৰ্টাৰ, ১ নৱেম্বৰ : ভাৰত তিব্বত সহযোগ মঞ্চৰ উদ্যোগত ১৫ আৰু ১৬ ডিচেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মঞ্চৰ সাধাৰণ সভাখন অনুষ্ঠিত হ'ব। দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলযোগে এই কথা সদৰী কৰে মঞ্চৰ কাৰ্যকৰী সভাপতি উৰ্বশী মহন্তই। তেওঁ লগতে কয় ' এই সাধাৰণ সভাত মঞ্চৰ মাৰ্গদৰ্শক ডাঃ ইন্দ্ৰেশ কুমাৰ উপস্থিত থাকিব। আমাৰ মূল লক্ষ্য হৈছে তিব্বত স্বাধীনতা, সীমা সুৰক্ষা, কৈলাশ মান সৰোবৰৰ মুক্তি, ব্ৰহ্মপুত্ৰৰ মুক্তি, চীনা সামগ্ৰী বৰ্জন, সমাগত দিপাৱলীত স্বদেশী সামগ্ৰী ব্যৱহাৰ, আত্ম নিৰ্ভৰশীল ভাৰত গঢ়া আদি। সমাগত দিপাৱলীত আমি চীনা সামগ্ৰী বৰ্জন কৰি স্বদেশী চাকিৰে দিপাৱলী পালন কৰিবলৈ আহ্বান জনালোঁ।' সংবাদমেলযোগে ভাৰত তিব্বত সহযোগ মঞ্চৰ উত্তৰ পূৱৰ প্ৰভাৰী প্ৰমোদ গোৱেলে কয় ' আমাৰ মঞ্চই ১৯৯৯ চনৰ পৰা প্ৰতিবছৰে ১৮ আৰু ২৫ নৱেম্বৰলৈ অৰুণাচল আৰু চীনৰ সীমা বুমলালৈ গৈ তাত ভূমি পূজা কৰে আৰু তিব্বতৰ মুক্তিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এইবাৰ আমি বুমলালৈ ১৬ ডিচেম্বৰৰ পৰা যাত্ৰা আৰম্ভ কৰিম।' সংবাদমেলত মঞ্চৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।
Comments
Post a Comment