নগাঁৱত কাতিৰ সঁতাত বাগৰি পৰিছে পথাৰৰ গেঁৰ ধৰা ধান≈≈দুঃচিন্তা বাঢ়িছে কৃষক ৰাইজৰ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩ নবেম্বৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো এইবাৰ বতৰে পুনৰ বিধি-পথালি দিছে শালিধানৰ পথাৰত ৷ এইবেলি আহাৰ-শাওন মাহত পথাৰত শালিধান ৰোপন কৰাৰ সময়ত  প্ৰচণ্ড খৰাঙৰ কৱলত পৰিছিল নগাঁও জিলাৰ বহু অঞ্চল ৷ যাৰ ফলত বন-বাটে আগুৰি ধৰি নষ্ট কৰিছিল পথাৰ ৰোৱাতলীবোৰ ৷ তাৰ মাজতে কৃষকৰ বহু কষ্টোপাৰ্জিত যি খিনি ধানে পথাৰত শইচ সোনোৱালী সপোন ৰছিচিল সেয়াও এতিয়া কাতিমহীয়া আৱতৰীয়া বৰষুণৰ কৱলত পৰি নষ্ট হোৱাৰ উপক্ৰম হৈছে ৷ উল্লেখ্য, জিলাখনৰ বেবেজীয়াৰ পাৰ্শ্ববৰ্তী কাছমাৰী, হাহঁচ’ৰা, বাংঠাই, ফুলনিআটি, কাকমাৰী, বগৰিগুৰি, লেংলেঙি, ভোমাৰাগুৰি, কৰছুং আদি শালিধানৰ বাবে বিখ্যাত পথাৰসমূহত আইজং, মইনা শালি, সোনামচুৰী, বৰা, কোমল, জহা আদি ওখ জাতৰ গেঁৰ ধৰা আৰু আধা পক ধৰা কেচেলুৱা ধানবোৰ বতাহ-বৰষুণত বাগৰি পৰাত কৃষক ৰাইজে মূৰে কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷ ফলত পথাৰত পানী জমা হৈ ধানৰ গুৰি বোৰ হালি পৰাত ধানবোৰ পতনুৱা হোৱাৰ আশংকাই দেখা দিছে আৰু উৎপাদন হ্ৰাস কৰাৰ দুৰ্ভাৱনাত চিন্তিত হৈ পৰিছে কৃষকসকল ৷ ইফালে, এই সময়তে ৰঞ্জিত, স্বৰ্ণ মাচুৰী, বাহাদুৰ, ৰঞ্জিত স্বাৰ্ব ৱান আদি অধিক উৎপাদনক্ষম চুটি জাতৰ ধানবোৰো চপোৱাৰ সময় ওচৰ চাপি আহিছে যদিও পথাৰত এতিয়া বাৰিষাসদৃশ একাঠু পানী জমা হৈ থকাত কৃষকে পানীৰ মাজতে ধান চপাব লাগিব ৷ যাৰ পৰিণতিত শস্য চপোৱাৰ ব্যয় দুগুণলৈ বৃদ্ধি পোৱাৰ বিপৰীতে বহু পৰিমাণে যে কৃষকসকল লোকচানৰ সন্মুখীন হ’ব তাৰ আশংকাই দেখা দিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা