গ্ৰামাঞ্চলৰ পথৰ কাষ সেউজীকৰণৰ বাবে জাগৰণ য়ুথ ক্লাৱৰ বৃক্ষৰোপনৰ শুভাৰম্ভ

:পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত জাগৰণ য়ুথ ক্লাৱে লোৱা কামকাজৰ লগত আমাৰ চৰকাৰৰ আঁচনিসমুহৰ লগত মিল থকা দেখা পাইছো৷মই জাগৰণ য়ুথ ক্লাৱৰ প্ৰতিগৰাকী সদস্যক আহবান জনাইছো যে তেঁওলোকে নদুৱাৰ খণ্ড উন্নয়ণ বিষয়া কাৰ্যালয়ৰ অধিনস্থ ১০টা গাঁও পঞ্চায়তত বৃক্ষৰোপন কৰক আৰু জাগৰণে প্ৰকৃতি সুৰক্ষাৰ বাবে লোৱা এই কামৰ জৰিয়তে ৰাইজৰ মাজত জাগৰণ সৃষ্টি কৰাত আগভাগ লঁওক৷এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ৷আজি জামুগুৰিহাটৰ কোঁছগাঁৱৰ নিকটৱৰ্তী গান্ধীপথাৰত প্ৰকৃতিপ্ৰেমী সংগঠণ জাগৰণ য়ুথ ক্লাৱে অঞ্চলটোৰ গ্ৰাম্য পথসমুহৰ কাষত ৰোপন কৰিবলৈ আৰম্ভ কৰা বৃক্ষৰোপন কাৰ্যসুচীৰ ফিটা কাটি উদ্বোধন কৰি এইদৰে কয় চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷জাগৰণ য়ুথ ক্লাৱৰ ২১ গৰাকী যুৱক একত্ৰিত হৈ বিগত বৰ্ষৰপৰা প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ হেতুকে অঞ্চলটোৰ ভিন্ন প্ৰান্তত বৃক্ষৰোপনৰ লগতে সেই গছপুলিসমুহ বেৰা দি ঢাকি পুণৰ সেই গছপুলিসমুহ চাফচিকুণ কৰি জীয়াই ৰাখিবৰ বাবে প্ৰতি সপ্তাহৰ এটা দিন বাচি লৈ ৰোপন কৰা পুলিসমুহৰ বাবে লোৱা যতনৰো শলাগ লয় বিধায়ক পদ্ম হাজৰিকাই৷“স্বনিয়োজন নাৰী আত্মনিৰ্ভৰশীল অসম”ৰ বিভিন্ন আঁচনিৰ জৰিয়তে সেউজীকৰণৰ বাবে প্ৰকৃতিপ্ৰেমী সংগঠণটোৱে লোৱা এই মহান কৰ্মৰ বাবে সহায় সহযোগ কৰাৰো আশ্বাস দিয়ে বিধায়কগৰাকীয়ে৷সমাজকৰ্মী শৈলেন বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত বৃক্ষৰোপন অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সজাগতা সভাখনত প্ৰকৃতি সুৰক্ষা আৰু ভাৰসাম্য ৰক্ষাৰ ওপৰত বক্তব্য প্ৰদান কৰে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰা,গোৰ্খা উন্নয়ন পৰিষদৰ কাৰ্য্যবাহী সদস্য মতি কুমাৰ নেৱাৰ,উত্তৰ ছিলাবন্ধা গাওঁ পঞ্চায়তৰ সভাপতি জয়ন্ত বৰা প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে৷জাগৰণ য়ুথ ক্লাৱে আয়োজন কৰা সজাগতা সভাখনত প্ৰকৃতিপ্ৰেমী তথা ভাস্কৰ্য্য শিল্পী গজেন শইকীয়া,বৰভগীয়া জিলা পৰিষদৰ সদস্য পলি চুতিয়া বৰাকে ধৰি বহুকেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত আছিল৷উল্লেখ্য যে আজি জামুগুৰিহাটৰ নন্দিকেশ্বৰ দেৱালয়লৈ যোৱা প্ৰায় ২ কি:মি: পথৰ দুয়ো কাষে গছ পুলি ৰোপন কৰে জাগৰন য়ুথ ক্লাৱৰ সদস্য সকলে৷
জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা