ৰঙিয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ মৃত্যুত শোক প্রকাশ

প্ৰতিবেদক , ৰঙিয়াঃ ২৪ নৱেম্বৰঃ
অসমৰ ক্রমাগত তিনিবাৰৰ মুখ্যমন্ত্রী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে ৰঙিয়াত বিভিন্ন দল সংগঠনৰ লগতে ৰঙিয়া অসামৰিক চিকিৎসালয়ৰ উপ অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্য, চিকিৎসক বৰ্গ আৰু কৰ্মচাৰী সকলে ৷ তেওঁৰ সবল নেতৃত্বৰ বাবে অসমৰ সৰ্বাঙ্গীন উন্নতিৰ দিশত আগবাঢ়িছিল। ৰাজনীতিৰ পৰা ক্রীড়াক্ষেত্রলৈ সুদক্ষভাৱে নেতৃত্ব দিয়া গগৈৰ মৃত্যুত আনহাতে শোক প্রকাশ কৰিছে ৰঙিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জিলা কংগ্ৰেছৰ সভাপতি ঘনশ্যাম কলিতা, ৰঙিয়া ব্লক কংগ্রেছৰ সভাপতি উদ্ধৱ দাস, নগৰ ব্লক কংগ্ৰেছৰ সভাপতি মুৰতাজ ৰহমান, মহিলা কংগ্ৰেছৰ সভানেত্ৰী অঞ্জু বৰুৱা কলিতা প্ৰমূখ্যে ৰঙিয়া সমষ্টিৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তা, ৰঙিয়া জিলা ক্ৰীড়া সন্থা, উত্তৰ কামৰূপ জিলা ক্ৰীড়া সন্থায়ে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা