তৰুণ গগৈৰ মৃত্যুত পাথৰি বৈদিক ধৰ্ম সংঘৰ শোকসভা-ৰাইদঙীয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

নগাঁৱৰ পৰা জয়ন্ত মুুদৈ, ২৪ নবেম্বৰঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুয়ে সমগ্ৰ ৰাজ্যখনকে শোকাচ্ছন্ন কৰি পেলাইছে ৷ দেশৰ অভিজ্ঞ ৰাজনীতিবিদ, বিশিষ্ট আইনজ্ঞ, লোকসভাৰ প্ৰাক্তন সাংসদ গৰাকীৰ জীৱনাৱসানত এতিয়া ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰাৰ বিপৰীতে জননেতাজনৰ নশ্বৰদেহত শেষ শ্ৰদ্ধা জনাবৰ বাবে সকলো উবুৰি খাই পৰিছে ৷ ইয়াৰ ব্যতিক্ৰম নহয় নগাঁও জিলাও ৷ জিলাখনৰ বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে ৰাজ্যৰ তিনিটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীৰ দৰে গুৰু দায়িত্ব বহন কৰা গগৈৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে ৷ ইয়াৰ মাজতে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৰাইদঙীয়া পাঁচআলিত মঙলবাৰে সন্ধিয়া ৰাইদঙীয়াৰ বিভিন্ন দল- সংগঠনৰ জড়িয়তে সৰ্বকালৰ সফল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আত্মাৰ চিৰশান্তি কামনা কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ইফালে, ঐতিহ্যমণ্ডিত পাথৰি বৈদিক ধৰ্ম সংঘই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰি মঙলবাৰে সংঘৰ সভাপতি কুমুদ চন্দ্ৰ ভট্টাচাৰ্যৰ পৌৰহিত্যত এখন শোক সভা অনুষ্ঠিত কৰে ৷ সংঘৰ সম্পাদক মৃণাল জ্যোতি শৰ্মাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনিৰ আৰম্ভণিতে গগৈৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয় ৷ সভাত বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ভাগ লৈ সদ্য প্ৰয়াত গগৈৰ জীৱন পৰিক্ৰমা, ব্যক্তিত্ব আৰু কৰ্ম তথা গুণৰাজিৰ ওপৰত গভীৰভাবে আলোকপাত কৰে ৷ সভাত গৃহীত এক প্ৰস্তাৱ যোগে বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তেখেতৰ পৰিবাৰ, পুত্ৰ, বোৱাৰী, কন্যাসহিতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ জ্ঞাপন কৰিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা