ৰঙিয়াৰ মহকুমাধিপতিৰ ওপজা দিনত প্ৰাচীৰ পত্ৰিকা উন্মোচন

কলা খিৰিকীয়ে বৌদ্ধিক উত্তৰণত ভূমিকা ল'ব- মহকুমাধিপতি স্বপ্নীল পাল 

প্ৰতিবেদক, ৰঙিয়া ,১৭ নৱেম্বৰ: ৰঙিয়া মহকুমাৰ মাননীয় মহকুমাধিপতি তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া শ্ৰীযুত স্বপ্নীল পাল মহাশয়ৰ ওপজা দিনটিত মহকুমা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলে  এক নান্দনিক পৰিৱেশৰ মাজত উদযাপন কৰে। এই উপলক্ষে  আগন্তুক শিশু দিৱসৰ সৈতে সঙ্গতি ৰাখি  বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ ৰচনা সম্ভাৰেৰে সমৃদ্ধ 'কলা খিৰিকী' নামৰ  মহকুমা প্ৰশাসনে প্ৰস্তুত কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকাখনি ১২ নৱেম্বৰত উন্মোচন কৰে মহকুমাধিপতি শ্ৰীযুত পাল দেৱে। ৰঙিয়া মহকুমা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী সকলৰ উপস্থিতিত অনুষ্ঠিত এই উন্মোচনী অনুষ্ঠানত তেখেতৰ সৈতে থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে তেখেতৰ সহধৰ্মিনী অনন্যা চৌধুৰীয়ে। উন্মোচনী অনুষ্ঠানত মহকুমাধিপতি গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ উত্তৰণ, কৰ্মচাৰীৰ কৰ্মোৎসাহ  আৰু কলাত্মক ধাৰা প্ৰৱাহিত কৰাৰ ক্ষেত্ৰত 'কলা খিৰিকী'য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি উনুকিয়াই মননশীল আৰু সাৰগৰ্ভ বক্তব্য আগবঢ়ায়। মহকুমাধিপতি গৰাকীৰ ওপজা দিন উদযাপন আৰু কলা খিৰিকী উন্মোচন উপলক্ষে তেখেতৰ কাৰ্য্যালয়ৰ সভাকক্ষত  ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শ্ৰীযুত চন্দন বৰগোহাঁই দেৱৰ পৌৰহিত্যত এখনি গাম্ভীৰ্য্যপূৰ্ণ শুভেচ্ছামূলক সভা অনুষ্ঠিত হয়। সভাত মহকুমাধিপতি স্বপ্নীল পালৰ সহধৰ্মিনী অনন্যা চৌধুৰী, কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডo অঙ্কিতা শৰ্মা, কলা খিৰিকীৰ সম্পাদক হিতেশ নাথ প্ৰমুখ্যে কেইবাজনো বক্তাই শুভেচ্ছা মূলক ভাষণ আগবঢ়ায়।  অনুষ্ঠানত মহকুমা নিৰ্বাচন বিষয়া  হৃদয় কুমাৰ দাস, সহকাৰী আয়ুক্ত তথা ৰঙিয়া পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া চম্পক ডেকা, কঞা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মণিকঙ্কণা ভট্টাচাৰ্য্য, কোষাগাৰ বিষয়া ৰাজকুমাৰ পাঠক, উপ-পঞ্জীয়ক  মনজিৎ কুমাৰ দাস, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ভাৰপ্ৰাপ্ত সহকাৰী সঞ্চালক হৰগোৱিন্দ দাস, গৱেষণা সহায়ক  বিনোদ কুমাৰ ৰহাঙ, নাজিৰ নৃপেন কলিতাকে প্ৰমুখ্য কৰি মহকুমা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী সকল উপস্থিত থাকে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা