বৰক্ষেত্ৰীত পুনৰ প্ৰভাৱশালী বিজেপি নেতাৰ কংগ্ৰেছত যোগদান

বৰক্ষেত্ৰীৰ সাপকাটাত কংগ্ৰেছৰ বিশাল যোগদান সভাত বিজেপিৰ প্ৰভাৱশালী নেতাৰ কংগ্ৰেছত যোগদান।নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মণৰ উপস্থিতিত যোগদান কৰে বিজেপি নেতা ইন্তাজ আলীয়ে।
প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি ইন্তাজ আলী সহ তিনি শতাধিক বিজেপি সমৰ্থক কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে। বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ অতি ঘনিষ্ঠ আছিল ইন্তাজ আলী।এসপ্তাহ পূৰ্বে বিজেপি নেতা দুৰ্গা ডেকাই যোগদান কৰিছিল কংগ্ৰেছত।বিজেপি ভূৱা প্ৰতিশ্ৰুতি দি ৰাইজক আকৰ্ষিত কৰিব বিচাৰিছে।ভূৱা প্ৰতিশ্ৰুতিত ভোল নাযাবলৈ আহ্বান জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মণৰ।

আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৮০ খন আসন লাভ কৰি অসমত কংগ্ৰেছৰ নেতৃত্বত মিত্ৰজোতৰ চৰকাৰ হব,এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক ভূমিধৰ বৰ্মণৰ।

ইফালে, বিজেপি চৰকাৰৰ নীতিত অতিষ্ঠ হৈ কংগ্ৰেছত যোগদান কৰা বুলি উল্লেখ কৰে ইন্তাজ আলীয়ে

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা